Check out the new design

Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. * - Ishakiro ry'ibisobanuro


Ibisobanuro. Umurongo: (114) Isurat: A Nahlu
فَكُلُوْا مِمَّا رَزَقَكُمُ اللّٰهُ حَلٰلًا طَیِّبًا ۪— وَّاشْكُرُوْا نِعْمَتَ اللّٰهِ اِنْ كُنْتُمْ اِیَّاهُ تَعْبُدُوْنَ ۟
গতিকে হে বান্দাসকল! তোমালোকে আল্লাহে প্ৰদান কৰা খোৱাৰ উপযোগী হালাল বস্তুবোৰ ভক্ষণ কৰা। লগতে আল্লাহৰ নিয়ামতক নিয়ামত গণ্য কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা, আৰু সেইবোৰক তেওঁৰ সন্তুষ্টিমূলক কৰ্মত ব্যৱহাৰ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ লগত আনক অংশী স্থপান নকৰা।
Ibisobanuro by'icyarabu:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• الجزاء من جنس العمل؛ فإن أهل القرية لما بطروا النعمة بُدِّلوا بنقيضها، وهو مَحْقُها وسَلْبُها ووقعوا في شدة الجوع بعد الشبع، وفي الخوف والهلع بعد الأمن والاطمئنان، وفي قلة موارد العيش بعد الكفاية.
আল্লাহে প্ৰত্যেক কৰ্মৰ প্ৰতিদান সমপৰ্যায়ৰ কৰ্মৰ দ্বাৰা দান কৰে। এতেকে জনবসতিৰ অধিবাসীসকলে যেতিয়া নিয়ামতকলৈ অহংকাৰ কৰিবলৈ ধৰিলে, তেতিয়া সিহঁতক ইয়াৰ বিপৰীত বস্তু প্ৰদান কৰা হ'ল। অৰ্থাৎ সিহঁতক প্ৰদান কৰা নিয়ামত কাঢ়ি লোৱা হ'ল, আৰু সিহঁতে প্ৰশস্ত জীৱন-যাপন কৰাৰ পিছত দুৰ্ভিক্ষত পতিত হ'ল, নিৰাপত্তা তথা শান্তিৰ পিছত ভয়-ভীতি সোমাই পৰিল, সুখী জীৱনৰ পিছত আৰ্থিক অনাটনে দেখা দিলে।

• وجوب الإيمان بالله وبالرسل، وعبادة الله وحده، وشكره على نعمه وآلائه الكثيرة، وأن العذاب الإلهي لاحقٌ بكل من كفر بالله وعصاه، وجحد نعمة الله عليه.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু কেৱল এক আল্লাহৰ ইবাদত কৰা তথা তেওঁৰ অপৰিসীম নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা অপৰিহাৰ্য। কাৰণ প্ৰত্যেক পাপিষ্ঠ ব্যক্তি, আল্লাহৰ লগত কুফৰী কৰা ব্যক্তি আৰু আল্লাহৰ নিয়ামত অস্বীকাৰ কৰা ব্যক্তি আল্লাহৰ শাস্তিৰ সন্মুখীন হ'ব।

• الله تعالى لم يحرم علينا إلا الخبائث تفضلًا منه، وصيانة عن كل مُسْتَقْذَر.
আল্লাহে তেওঁৰ অনুগ্ৰহত মানুহক প্ৰত্যেক অপৱিত্ৰ বস্তুৰ পৰা ৰক্ষা কৰিবলৈ কেৱল নিকৃষ্ট বস্তুবোৰকেই হাৰাম কৰিছে।

 
Ibisobanuro. Umurongo: (114) Isurat: A Nahlu
Urutonde rw'amasura Nimero ya Paji.
 
Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. - Ishakiro ry'ibisobanuro

Yasohowe n'ikigo Tafsir of Quranic Studies Center.

Gufunga.