Check out the new design

Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. * - Ishakiro ry'ibisobanuro


Ibisobanuro. Umurongo: (11) Isurat: Ibrahim
قَالَتْ لَهُمْ رُسُلُهُمْ اِنْ نَّحْنُ اِلَّا بَشَرٌ مِّثْلُكُمْ وَلٰكِنَّ اللّٰهَ یَمُنُّ عَلٰی مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ— وَمَا كَانَ لَنَاۤ اَنْ نَّاْتِیَكُمْ بِسُلْطٰنٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
সিহঁতৰ ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক'লেঃ হয়, আমি তোমালোকৰ দৰেই একো একোজন মানুহ। এই কথা আমি কেতিয়াও অস্বীকাৰ নকৰোঁ। কিন্তু এই সামঞ্জস্যতাই প্ৰমাণ নকৰে যে আমি সকলো ক্ষেত্ৰতেই তোমালোকৰ সমান। কিয়নো আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে বিশেষ অনুগ্ৰহৰ দ্বাৰা বিভূষিত কৰে। আৰু তেওঁলোকক নিৰ্বাচিত কৰি মানুহৰ ফালে ৰাছুল হিচাপে প্ৰেৰিত কৰে। এতেকে আমাৰ বাবে এয়া সম্ভৱ নহয় যে আল্লাহৰ অনুমতি নোহোৱাকৈ আমি তোমালোকৰ প্ৰস্তাৱিত নিদৰ্শন লৈ আহিম। কাৰণ নিদৰ্শন লৈ অহা আমাৰ সাধ্যাতীত। বৰং এই ক্ষেত্ৰত একমাত্ৰ আল্লাহেই ক্ষমতাৱান। মুমিনসকলে তেওঁলোকৰ সকলো কৰ্মতে কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰে।
Ibisobanuro by'icyarabu:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• أن الأنبياء والرسل بشرٌ من بني آدم، غير أن الله تعالى فضلهم بحمل الرسالة واصطفاهم لها من بين بني آدم.
নিশ্চয় নবী আৰু ৰাছুলসকলো আদম সন্তান তথা মানৱ। যদিও আল্লাহে তেওঁলোকক নবুওৱত প্ৰদান কৰি শ্ৰেষ্ঠতা প্ৰদান কৰিছে, তথা আদম সন্তানৰ মাজৰ পৰা তেওঁলোকক এই কৰ্মৰ বাবে নিৰ্বাচিত কৰিছে।

• على الداعية الذي يريد التغيير أن يتوقع أن هناك صعوبات جَمَّة سوف تقابله، ومنها الطرد والنفي والإيذاء القولي والفعلي.
সমাজত পৰিবৰ্তন কামী দাঈসকলে এইটো মনত ৰখা উচিত যে, তেওঁলোক নিশ্চিতভাৱে কিছুমান বাধাৰ সন্মুখীন হ'ব, যেনে- একাঘৰীয়া, দেশৰ পৰা বহিষ্কাৰ, কথা আৰু কৰ্মৰ দ্বাৰা নিৰ্যাতন আদি।

• أن الدعاة والصالحين موعودون بالنصر والاستخلاف في الأرض.
দাঈ আৰু পূণ্যৱান লোকসকলক সহায়ৰ আৰু পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

• بيان إبطال أعمال الكافرين الصالحة، وعدم اعتبارها بسبب كفرهم.
কাফিৰসকলৰ কুফুৰীৰ কাৰণে সিহঁতৰ যাৱতীয় নেক আমল ব্যৰ্থ তথা মূল্যহীন।

 
Ibisobanuro. Umurongo: (11) Isurat: Ibrahim
Urutonde rw'amasura Nimero ya Paji.
 
Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. - Ishakiro ry'ibisobanuro

Yasohowe n'ikigo Tafsir of Quranic Studies Center.

Gufunga.