Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore al-mutaffifiin   Aaya.:
لِیَوْمٍ عَظِیْمٍ ۟ۙ
হিচাপ- নিকাচ আৰু পৰিণামৰ দিৱসটো হৈছে এক মহাদিৱস, কিয়নো তাত কঠিন পৰীক্ষা আৰু ভয়াৱহ পৰিস্থিতিৰে পাৰ হব লাগিব।
Tafsiraaɗe Aarabu ɗen:
یَّوْمَ یَقُوْمُ النَّاسُ لِرَبِّ الْعٰلَمِیْنَ ۟ؕ
সিদিনাখন সকলো সৃষ্টিয়ে হিচাপ- নিকাচৰ বাবে আল্লাহৰ আগত থিয় হব।
Tafsiraaɗe Aarabu ɗen:
كَلَّاۤ اِنَّ كِتٰبَ الْفُجَّارِ لَفِیْ سِجِّیْنٍ ۟ؕ
বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, মৃত্যুৰ পিছত জীৱিত হব নালাগিব। নিশ্চয় কাফিৰ আৰু মুনাফিক সকলৰ দৰে কু- কৰ্মী সকলৰ কৰ্ম পত্ৰ নিম্নভূমিৰ সংকীৰ্ণ স্থানত আছে।
Tafsiraaɗe Aarabu ɗen:
وَمَاۤ اَدْرٰىكَ مَا سِجِّیْنٌ ۟ؕ
হে ৰাছুল ! আপোনাক কিহে জনাব যে, ছিজ্জীন কি?
Tafsiraaɗe Aarabu ɗen:
كِتٰبٌ مَّرْقُوْمٌ ۟ؕ
সিহঁতৰ কৰ্ম পত্ৰ এনেদৰে লিখা হব যে সেয়া কেতিয়াও মচি নাযাব আৰু তাৰ ভিতৰত কোনো ধৰণৰ কম-বেছি নহব।
Tafsiraaɗe Aarabu ɗen:
وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟ۙ
সিদিনাখন অস্বীকাৰকাৰী সকলৰ বাবে আছে ক্ষতি আৰু ধ্বংস।
Tafsiraaɗe Aarabu ɗen:
الَّذِیْنَ یُكَذِّبُوْنَ بِیَوْمِ الدِّیْنِ ۟ؕ
যিহঁতে পৰিণামৰ দিন অস্বীকাৰ কৰে, যিদিনা আল্লাহ তাআলাই তাৰ বান্দাসকলক সিহঁতে কৰা কৰ্মৰ প্ৰতিদান দিব।
Tafsiraaɗe Aarabu ɗen:
وَمَا یُكَذِّبُ بِهٖۤ اِلَّا كُلُّ مُعْتَدٍ اَثِیْمٍ ۟ۙ
আৰু সেই দিৱসটোক কেৱল সিহঁতেই অস্বীকাৰ কৰে, যিসকল আল্লাহৰ সীমালংঘনকাৰী আৰু অতি পাপী ব্যক্তি।
Tafsiraaɗe Aarabu ɗen:
اِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا قَالَ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟ؕ
যেতিয়া তেওঁলোকৰ আগত ৰাছুলৰ প্ৰতি প্ৰেৰিত আয়াতবোৰ পাঠ কৰা হয়, তেতিয়া সিহঁতে কয়ঃ এয়া বিগত সমুদায়ৰ কল্প-কাহানী, আল্লাহৰ পক্ষৰ পৰা অৱতীৰ্ণ নহয়।
Tafsiraaɗe Aarabu ɗen:
كَلَّا بَلْ ٚ— رَانَ عَلٰی قُلُوْبِهِمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟
বিষয়টো তেনেকুৱা নহয় যিদৰে এই অস্বীকাৰকাৰী সকলে ভাবিছে। বৰঞ্চ সত্য কথা হৈছে এওঁলোকৰ বিবেকৰ ওপৰত কু-কৰ্মৰ আৱৰণ পৰিছে। গতিকে এওঁলোকে অন্তৰেৰে সত্যৰ পৰ্যবেক্ষণ কৰিব নোৱাৰে।
Tafsiraaɗe Aarabu ɗen:
كَلَّاۤ اِنَّهُمْ عَنْ رَّبِّهِمْ یَوْمَىِٕذٍ لَّمَحْجُوْبُوْنَ ۟ؕ
এয়া সত্য যে, সিহঁতক ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ দৰ্শনৰ পৰা বঞ্চিত কৰা হব।
Tafsiraaɗe Aarabu ɗen:
ثُمَّ اِنَّهُمْ لَصَالُوا الْجَحِیْمِ ۟ؕ
আৰু সিহঁত জাহান্নামত প্ৰবেশ কৰি তাৰ উত্তাপৰ সন্মুখীন হব।
Tafsiraaɗe Aarabu ɗen:
ثُمَّ یُقَالُ هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟ؕ
তাৰ পিছত ক্বিয়ামতৰ দিনা সিহঁতক ধমক দি কোৱা হবঃ এতিয়া তোমালোকে যি শাস্তি ভোগ কৰি আছা এইটো সেই শাস্তি যিটো পৃথিৱীত তোমালোকৰ ৰাছুলে তোমালোকক অৱগত কৰিছিল কিন্তু তোমালোকে তাক অস্বীকাৰ কৰিছিলা।
Tafsiraaɗe Aarabu ɗen:
كَلَّاۤ اِنَّ كِتٰبَ الْاَبْرَارِ لَفِیْ عِلِّیِّیْنَ ۟ؕ
বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, হিচাপ- নিকাচ আৰু প্ৰতিদান একোৱেই নাই। নিশ্চয় সৎ লোকৰ কৰ্মপত্ৰ ইল্লিয়্যীনত আছে।
Tafsiraaɗe Aarabu ɗen:
وَمَاۤ اَدْرٰىكَ مَا عِلِّیُّوْنَ ۟ؕ
হে ৰাছুল ! আপোনাক কিহে জনাব যে, ইল্লিয়্যীন কি?
Tafsiraaɗe Aarabu ɗen:
كِتٰبٌ مَّرْقُوْمٌ ۟ۙ
সিহঁতৰ কৰ্ম পত্ৰ এনেদৰে লিখা হব যে সেয়া কেতিয়াও মচি নাযাব আৰু তাৰ ভিতৰত কোনো ধৰণৰ কম-বেছি নহব।
Tafsiraaɗe Aarabu ɗen:
یَّشْهَدُهُ الْمُقَرَّبُوْنَ ۟ؕ
এই কৰ্ম পত্ৰৰ ওচৰত প্ৰত্যেক আকাশৰ নিকটৱৰ্তী ফিৰিস্তা উপস্থিত থাকে।
Tafsiraaɗe Aarabu ɗen:
اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ۟ۙ
নিশ্চয় অধিক আনুগত্যকাৰী সকলে ক্বিয়ামতৰ দিনা এনেকুৱা নিয়ামতৰ মাজত থাকিব যিটো হব চিৰস্থায়ী।
Tafsiraaɗe Aarabu ɗen:
عَلَی الْاَرَآىِٕكِ یَنْظُرُوْنَ ۟ۙ
সুসজ্জিত আসনত বহি তেওঁলোকৰ প্ৰতিপালক তথা সকলো বস্তুৰ ফালে চাই থাকিব যিবোৰে তেওঁলোকৰ মন জয় কৰিব।
Tafsiraaɗe Aarabu ɗen:
تَعْرِفُ فِیْ وُجُوْهِهِمْ نَضْرَةَ النَّعِیْمِ ۟ۚ
আপুনি যেতিয়া তেওঁলোকক দেখিবলৈ পাব, তেতিয়া তেওঁলোকৰ মুখমণ্ডলৰ সৌন্দৰ্য আৰু সতেজ দেখিয়েই আপুনি তেওঁলোকৰ জীৱন আনন্দময় হোৱাৰ অনুমান কৰিব পাৰিব।
Tafsiraaɗe Aarabu ɗen:
یُسْقَوْنَ مِنْ رَّحِیْقٍ مَّخْتُوْمٍ ۟ۙ
তেওঁলোকক তেওঁলোকৰ সেৱকে মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় সেৱন কৰাব।
Tafsiraaɗe Aarabu ɗen:
خِتٰمُهٗ مِسْكٌ ؕ— وَفِیْ ذٰلِكَ فَلْیَتَنَافَسِ الْمُتَنٰفِسُوْنَ ۟ؕ
তাৰ পৰা অন্তলৈকে মিছক বা কস্তুৰিৰ সুগন্ধি আহি থাকিব। এই মহত্বপূৰ্ণ পৰিণামৰ বাবে প্ৰতিযোগীতাৰ ইচ্ছুক সকলে প্ৰতিযোগীতাৰ বাবে প্ৰয়াস কৰিব লাগে। গতিকে এনেকুৱা কাম কৰিব লাগে যাৰ প্ৰতি আল্লাহ তাআলাই সন্তুষ্ট হয় আৰু এনেকুৱা কামৰ পৰা বিৰত থাকিব লাগে যাৰ প্ৰতি আল্লাহ তাআলাই অসন্তুষ্ট হয়।
Tafsiraaɗe Aarabu ɗen:
وَمِزَاجُهٗ مِنْ تَسْنِیْمٍ ۟ۙ
আৰু এই মোহৰাবদ্ধ পানীয়ৰ লগত তাছনীম নিজৰাৰ পানী মিশ্ৰিত হব।
Tafsiraaɗe Aarabu ɗen:
عَیْنًا یَّشْرَبُ بِهَا الْمُقَرَّبُوْنَ ۟ؕ
এইটো জান্নাতত থকা আটাইতকৈ উচ্চ স্থানৰ এটা নিজৰা। যাৰ বিশুদ্ধ পানী আল্লাহৰ নিকটৱৰ্তী বান্দাসকলে সেৱন কৰিব। যিহেতু অন্য সকলো ঈমানদাৰে তাৰ মিশ্ৰিত পানী সেৱন কৰিব।
Tafsiraaɗe Aarabu ɗen:
اِنَّ الَّذِیْنَ اَجْرَمُوْا كَانُوْا مِنَ الَّذِیْنَ اٰمَنُوْا یَضْحَكُوْنَ ۟ؗۖ
নিশ্চয় যিহঁতে কুফুৰীৰ পথত অটুট থাকি অপৰাধ কৰিছে সিহঁতে মুমিনসলক ঠাট্টা কৰি উপহাস কৰিছিল।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا مَرُّوْا بِهِمْ یَتَغَامَزُوْنَ ۟ؗۖ
আৰু যেতিয়া মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া ঠাট্টা আৰু উপহাস স্বৰূপে পৰস্পৰে চকু টিপি ইংগিত দিছিল।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا انْقَلَبُوْۤا اِلٰۤی اَهْلِهِمُ انْقَلَبُوْا فَكِهِیْنَ ۟ؗۖ
আৰু যেতিয়া পৰিয়াললৈ ওভতিছিল তেতিয়া সিহঁতৰ কুফুৰী আৰু মুমিনসকলক কৰা পৰিহাসৰ আনন্দ লৈ ওভতিছিল।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا رَاَوْهُمْ قَالُوْۤا اِنَّ هٰۤؤُلَآءِ لَضَآلُّوْنَ ۟ۙ
আৰু যেতিয়া মুছলমানক দেখিছিল তেতিয়া কৈছিলঃ এওঁলোকে সঠিক পথৰ পৰা পথভ্ৰষ্ট হোৱা লোক। কিয়নো এওঁলোকে নিজ পিতৃ-পুৰুষৰ ধৰ্ম ত্যাগ কৰিছে।
Tafsiraaɗe Aarabu ɗen:
وَمَاۤ اُرْسِلُوْا عَلَیْهِمْ حٰفِظِیْنَ ۟ؕ
যিহেতু আল্লাহ তাআলাই সিহঁতক ইমানদাৰ সকলে কি কৰে তাক চোৱাৰ দায়িত্ব দিয়া নাই তথাপিও সিহঁতে এনেকুৱা কথা কয়।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে।

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব।

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা।

 
Firo maanaaji Simoore.: Simoore al-mutaffifiin
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu