Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoorw Taahaa   Aaya.:
فَاَخْرَجَ لَهُمْ عِجْلًا جَسَدًا لَّهٗ خُوَارٌ فَقَالُوْا هٰذَاۤ اِلٰهُكُمْ وَاِلٰهُ مُوْسٰی ۚۙ۬— فَنَسِیَ ۟ؕ
ইয়াৰ পিচত ছামেৰীয়ে বনী ইছৰাঈলৰ বাবে সেই আ-অলংকাৰৰ দ্বাৰা এটা দামুৰি সাজিলে, যাৰ ভিতৰত ৰূহ (জীৱন) নাছিল কিন্তু গৰুৰ দৰে মাত উলিয়াইছিল। ছামেৰীৰ এই কৰ্ম দেখি আকৰ্ষিত হোৱা লোকসকলে ক'লেঃ এইটোৱে হৈছে মূছা আৰু তোমালোকৰ প্ৰতিপালক। মূছাই এইটোক ইয়াতে পাহৰি এৰি গৈছে।
Tafsiraaɗe Aarabu ɗen:
اَفَلَا یَرَوْنَ اَلَّا یَرْجِعُ اِلَیْهِمْ قَوْلًا ۙ۬— وَّلَا یَمْلِكُ لَهُمْ ضَرًّا وَّلَا نَفْعًا ۟۠
যিসকল লোকে দামুৰিৰ ফিতনাত পৰি তাৰ পূজা-পাঠ আৰম্ভ কৰিছিল, সিহঁতে লক্ষ্য কৰা নাইনে যে, এই দামুৰিটোৱে কথাও ক'ব নোৱাৰে, তথা কোনো কথাৰ উত্তৰো দিব নোৱাৰে, আনকি নিজকে অথবা আনক কোনো বিপদৰ পৰাও ৰক্ষা কৰিব নোৱাৰে, নাইবা নিজৰ অথবা আনৰ উপকাৰো সাধিব নোৱাৰে?
Tafsiraaɗe Aarabu ɗen:
وَلَقَدْ قَالَ لَهُمْ هٰرُوْنُ مِنْ قَبْلُ یٰقَوْمِ اِنَّمَا فُتِنْتُمْ بِهٖ ۚ— وَاِنَّ رَبَّكُمُ الرَّحْمٰنُ فَاتَّبِعُوْنِیْ وَاَطِیْعُوْۤا اَمْرِیْ ۟
আনহাতে হাৰূন আলাইহিচ্ছালামেও মূছা আলাইহিচ্ছালাম উভতি অহাৰ পূৰ্বে সিহঁতক উদ্দেশ্যি কৈছিলঃ আ-অলংকাৰেৰে নিৰ্মিত এই দামুৰি আৰু ইয়াৰ মাতটো তোমালোকৰ বাবে এটা পৰীক্ষাহে, যাতে মুমিন আৰু কাফিৰৰ মাজত পাৰ্থক্য হয়। তথা হে মোৰ জাতিৰ লোকসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেইজন, যিজন অত্যন্ত দয়াৰ অধিকাৰী, সেইজন কেতিয়াও নহয় যিজন দয়াতো দূৰৰ কথা ক্ষয়-ক্ষতি তথা উপকাৰৰো মালিক নহয়। এতেকে সেই একক আল্লাহৰ ইবাদত কৰাৰ স্বাৰ্থত তোমালোকে মোৰ অনুসৰণ কৰা, তথা তেওঁৰ বাহিৰে আনৰ ইবাদত ত্যাগ কৰাৰ ক্ষেত্ৰত মোৰ আদেশ পালন কৰা।
Tafsiraaɗe Aarabu ɗen:
قَالُوْا لَنْ نَّبْرَحَ عَلَیْهِ عٰكِفِیْنَ حَتّٰی یَرْجِعَ اِلَیْنَا مُوْسٰی ۟
দামুৰিৰ পূজা-পাঠত লিপ্ত লোকসকলে উত্তৰ দি ক'লেঃ মূছা উভতি নহালৈকে আমি ইয়াৰ ইবাদত কৰিয়ে থাকিম।
Tafsiraaɗe Aarabu ɗen:
قَالَ یٰهٰرُوْنُ مَا مَنَعَكَ اِذْ رَاَیْتَهُمْ ضَلُّوْۤا ۟ۙ
মূছা আলাইহিচ্ছালাম (উভতি অহাৰ পিচত) তেওঁৰ ভাতৃ হাৰূনক ক'লেঃ তুমি যিহেতু লক্ষ্য কৰিছিলা যে, সিহঁতে আল্লাহক এৰি দামুৰিৰ পূজা-পাঠত লিপ্ত হৈছে, তাৰ পিচতো তুমি সিহঁতক কিয় বাধা দিয়া নাছিলা?
Tafsiraaɗe Aarabu ɗen:
اَلَّا تَتَّبِعَنِ ؕ— اَفَعَصَیْتَ اَمْرِیْ ۟
সিহঁতক এৰি মোৰ লগত সাক্ষাৎ কৰিলাহেঁতেন। তুমি মোৰ সেই আদেশ অমান্য কৰিছিলা নেকি, যিটো আদেশ মই তোমাক সিহঁতৰ প্ৰতিনিধি নিযুক্তি দিয়াৰ সময়ত দিছিলোঁ?
Tafsiraaɗe Aarabu ɗen:
قَالَ یَبْنَؤُمَّ لَا تَاْخُذْ بِلِحْیَتِیْ وَلَا بِرَاْسِیْ ۚ— اِنِّیْ خَشِیْتُ اَنْ تَقُوْلَ فَرَّقْتَ بَیْنَ بَنِیْۤ اِسْرَآءِیْلَ وَلَمْ تَرْقُبْ قَوْلِیْ ۟
মূছা আলাইহিচ্ছালামে যেতিয়া তেওঁৰ ভাতৃৰ দাঢ়ি আৰু মূৰৰ চুলি খামুচি ধৰি নিজৰ ফালে টানি তেওঁক ভৰ্ৎসনা কৰি আছিল, তেতিয়া হাৰূনে তেওঁৰ ওচৰত কৃপা কৰাৰ আবেদন জনাই ক'লেঃ আপুনি অনুগ্ৰহ কৰি মোৰ দাঢ়ি আৰু চুলি ধৰি নাটানিব। কিয়নো সিহঁতৰ সৈতে অৱস্থান কৰা সম্পৰ্কে মোৰ ওচৰত উপযুক্ত কাৰণ আছে। দৰাচলতে মই যদি সিহঁতক এৰি গুচি গলোহেঁতেন তেন্তে সিহঁত বিভিন্ন দলত বিভক্ত হ'লহেঁতেন। তেতিয়া আপুনি মোক দোষাৰোপ কৰিলেহেঁতেন যে, ময়েই সিহঁতক বিভক্ত কৰিছোঁ, তথা আপোনাৰ উপদেশৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাই।
Tafsiraaɗe Aarabu ɗen:
قَالَ فَمَا خَطْبُكَ یٰسَامِرِیُّ ۟
মূছা আলাইহিচ্ছালামে ছামেৰীক উদ্দেশ্যি ক'লেঃ হে ছামেৰী! তোমাৰ আকৌ কি হ'ল, তুমি যি কৰ্মটো কৰিছা, এইটো কৰিবলৈ তোমাক কিহে অনুপ্ৰেৰণা যোগাইছে?
Tafsiraaɗe Aarabu ɗen:
قَالَ بَصُرْتُ بِمَا لَمْ یَبْصُرُوْا بِهٖ فَقَبَضْتُ قَبْضَةً مِّنْ اَثَرِ الرَّسُوْلِ فَنَبَذْتُهَا وَكَذٰلِكَ سَوَّلَتْ لِیْ نَفْسِیْ ۟
ছামেৰীয়ে মূছা আলাইহিচ্ছালামক ক'লেঃ মই সেইটো প্ৰত্যক্ষ কৰিছোঁ যিটো সিহঁতে প্ৰত্যক্ষ কৰা নাই। মই জিব্ৰীলক ঘোঁৰাৰ ওপৰত দেখিছোঁ আৰু তেওঁৰ ঘোঁৰাৰ পদ চিহ্নৰ এমুঠি মাটি সংগ্ৰহ কৰিছোঁ, সেই মাটি আ-অলংকাৰেৰে নিৰ্মিত দামুৰিৰ অৱয়বত নিক্ষেপ কৰিছোঁ। এতেকে ইয়াৰ দ্বাৰা এটা দামুৰিৰ শৰীৰ সৃষ্টি হ'ল, যিটো হাম্বা হাম্বা মাতিছিল। মই যি কৰিছোঁ সেইটো মোৰ মনে মোৰ বাবে সৌন্দৰ্যময় কৰি দিছিল।
Tafsiraaɗe Aarabu ɗen:
قَالَ فَاذْهَبْ فَاِنَّ لَكَ فِی الْحَیٰوةِ اَنْ تَقُوْلَ لَا مِسَاسَ ۪— وَاِنَّ لَكَ مَوْعِدًا لَّنْ تُخْلَفَهٗ ۚ— وَانْظُرْ اِلٰۤی اِلٰهِكَ الَّذِیْ ظَلْتَ عَلَیْهِ عَاكِفًا ؕ— لَنُحَرِّقَنَّهٗ ثُمَّ لَنَنْسِفَنَّهٗ فِی الْیَمِّ نَسْفًا ۟
মূছা আলাইহিচ্ছালামে ছামেৰীক ক'লেঃ তুমি ইয়াৰ পৰা ওলাই যোৱা, তোমাৰ শাস্তি হৈছে ওৰে জীৱন এইটো কৈ থাকিবা, “মই কাকো স্পৰ্শ নকৰোঁ, কোনেও যেন মোক স্পৰ্শ নকৰে”। আছুতীয়াকৈ জীৱন-যাপন কৰিবা। তথা কিয়ামতৰ দিনা তোমাৰ বাবে আছে এটা প্ৰতিশ্ৰুতি, সেইদিনা তোমাৰ হিচাপ হ'ব আৰু শাস্তি প্ৰদান কৰা হ'ব। আল্লাহে এই প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰিব। তুমি তোমাৰ এই দামুৰিটোৰ পিনে চোৱা, যাক তুমি আল্লাহৰ বাহিৰে উপাস্য বুলি গ্ৰহণ কৰি ইবাদত কৰিছিলা। আমি ইয়াক অগ্নিত নিক্ষেপ কৰিম, অৱশেষত ই গলি তৰল হৈ যাব। তেতিয়া আমি ইয়াক সাগৰত নিক্ষেপ কৰিম, যাতে ইয়াৰ কোনো চিহ্ন অৱশিষ্ট নাথাকে।
Tafsiraaɗe Aarabu ɗen:
اِنَّمَاۤ اِلٰهُكُمُ اللّٰهُ الَّذِیْ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ— وَسِعَ كُلَّ شَیْءٍ عِلْمًا ۟
হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰকৃত প্ৰতিপালক হৈছে সেই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ নিজ জ্ঞানৰ জৰিয়তে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। এতেকে পৱিত্ৰ আল্লাহৰ জ্ঞানৰ পৰিসৰৰ পৰা কোনো বস্তুৱেই ওলাবলৈ সক্ষম নহয়।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• خداع الناس بتزوير الحقائق مسلك أهل الضلال.
পাকে প্ৰকাৰে বাস্তাৱতাক গোপন কৰি মানুহক প্ৰতাৰণা কৰাটো পথভ্ৰষ্ট লোকৰ আচৰণ।

• الغضب المحمود هو الذي يكون عند انتهاكِ محارم الله.
আল্লাহে হাৰাম কৰা সীমাৰেখা অতিক্ৰম কৰাৰ ক্ষেত্ৰত হোৱা ক্ৰোধ অতি প্ৰশংসনীয়।

• في الآيات أصل في نفي أهل البدع والمعاصي وهجرانهم، وألا يُخَالَطوا.
উক্ত আয়াতবোৰত বিদআতী আৰু গুনাহগাৰ লোকৰ পৰা দূৰত্ব অৱলম্বন কৰাৰ তথা সিহঁতৰ লগত অন্তৰঙ্গ সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰমাণ পোৱা যায়।

• في الآيات وجوب التفكر في معرفة الله تعالى من خلال مفعولاته في الكون.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, পৱিত্ৰ আল্লাহক অধিক জানিবলৈ বিশ্বজগতৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ নিখুঁত কৰ্মৰাজীৰ প্ৰতি চিন্তা-চৰ্চা তথা গৱেষণা কৰা উচিত।

 
Firo maanaaji Simoore.: Simoorw Taahaa
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu