Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoorw Taahaa   Aaya.:
قَالَ كَذٰلِكَ اَتَتْكَ اٰیٰتُنَا فَنَسِیْتَهَا ۚ— وَكَذٰلِكَ الْیَوْمَ تُنْسٰی ۟
মহান আল্লাহে সেই ব্যক্তিক প্ৰত্যুত্তৰ প্ৰদান কৰি ক'বঃ তুমিও পৃথিৱীত এনেকুৱাই কৰিছিলা। তোমাৰ ওচৰত আমাৰ আয়াতসমূহ আহিছিল, সেইবোৰৰ পৰা তুমি বিমুখ হৈছিলা, আৰু সেইবোৰৰ প্ৰতি কেৰেপ কৰা নাছিলা। ঠিক সেইদৰেই আজি তোমাক শাস্তিত এৰি দিয়া হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَكَذٰلِكَ نَجْزِیْ مَنْ اَسْرَفَ وَلَمْ یُؤْمِنْ بِاٰیٰتِ رَبِّهٖ ؕ— وَلَعَذَابُ الْاٰخِرَةِ اَشَدُّ وَاَبْقٰی ۟
এনেকুৱা শাস্তি আমি সেই ব্যক্তিকো প্ৰদান কৰিম যিয়ে হাৰাম ইচ্ছাবোৰৰ মাজত নিমজ্জিত থাকে আৰু নিজ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণবোৰৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হয়। (জানি থোৱা উচিত) আখিৰাতৰ শাস্তি পৃথিৱী আৰু বৰঝখৰ সংকীৰ্ণ জীৱনতকৈও অধিক কঠিন তথা চিৰস্থায়ী।
Tafsiraaɗe Aarabu ɗen:
اَفَلَمْ یَهْدِ لَهُمْ كَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنَ الْقُرُوْنِ یَمْشُوْنَ فِیْ مَسٰكِنِهِمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّاُولِی النُّهٰی ۟۠
মুশ্বৰিকসকলৰ ওচৰত এই বিষয়টো স্পষ্ট হোৱা নাই নেকি যে, আমি সিহঁতৰ পূৰ্বে বহুতো সম্প্ৰদায় ধ্বংস কৰিছোঁ? ইহঁতে দেখোন সেই ধ্বংস হোৱা সম্প্ৰদায়সমূহৰ বসবাস কৰা স্থানৰ মাজেৰেই চলাফুৰা কৰে, তথা সিহঁতৰ ওপৰত অহা শাস্তিৰ প্ৰভাৱবোৰো দেখা পায়!! সেই সম্প্ৰদায়সমূহ যি কাৰণত ধ্বংসপ্ৰাপ্ত তথা বিনষ্ট হৈছিল, তাৰ মাজত আছে বিবেকৱান সকলৰ বাবে বহুতো উপদেশ তথা শিক্ষা।
Tafsiraaɗe Aarabu ɗen:
وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَكَانَ لِزَامًا وَّاَجَلٌ مُّسَمًّی ۟ؕ
হে ৰাছুল! যদি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা এই বিষয়টো পূৰ্বনিৰ্ধাৰিত নাথাকিলহেঁতেন যে, দোষী সাব্যস্ত হোৱাৰ পূৰ্বে তেওঁ কাকো শাস্তি প্ৰদান নকৰিব তথা আল্লাহৰ ওচৰত যদি কোনো সময় নিৰ্দিষ্ট নাথাকিলহেঁতেন তেন্তে তেওঁ সিহঁতক শীঘ্ৰেই ইয়াতে শাস্তি বিহিলেহেঁতেন। কিয়নো সিহঁত শাস্তিৰ উপযুক্ত।
Tafsiraaɗe Aarabu ɗen:
فَاصْبِرْ عَلٰی مَا یَقُوْلُوْنَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوْعِ الشَّمْسِ وَقَبْلَ غُرُوْبِهَا ۚ— وَمِنْ اٰنَآئِ الَّیْلِ فَسَبِّحْ وَاَطْرَافَ النَّهَارِ لَعَلَّكَ تَرْضٰی ۟
হে ৰাছুল! আপোনাক অস্বীকাৰকাৰী লোকসকলে আপোনাৰ বিষয়ে যিবোৰ কটু-মন্তব্য কৰে সেই বিষয়ে আপুনি ধৈৰ্য্য ধাৰণ কৰক, তথা আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু পৱিত্ৰতা বৰ্ণনা কৰক সূৰ্যোদয়ৰ পূৰ্বে ফজৰৰ নামাজত, সূৰ্যাস্ত যোৱাৰ পূৰ্বে আচৰৰ চালাতত, আৰু ৰাতিৰ ভাগত মাগৰিব আৰু ঈশ্বাৰ চালাতত, আৰু দিনৰ ভাগত সূৰ্য্য ঢাল খোৱাৰ পিচত জুহুৰৰ চালাতত, লগতে সম্পূৰ্ণৰূপে সূৰ্যাস্ত যোৱাৰ পিচত অৰ্থাৎ মাগৰিবৰ চালাতত, যাতে আপুনি আল্লাহৰ ওচৰত এনেকুৱা প্ৰতিফল লাভ কৰে, যিটোকলৈ আপুনি সন্তুষ্ট হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَلَا تَمُدَّنَّ عَیْنَیْكَ اِلٰی مَا مَتَّعْنَا بِهٖۤ اَزْوَاجًا مِّنْهُمْ زَهْرَةَ الْحَیٰوةِ الدُّنْیَا ۙ۬— لِنَفْتِنَهُمْ فِیْهِ ؕ— وَرِزْقُ رَبِّكَ خَیْرٌ وَّاَبْقٰی ۟
আপুনি পাৰ্থিৱ জীৱনৰ সেই শোভাৰ প্ৰতি অপেক্ষা কৰি নাথাকিব, যিটো আমি অস্বীকাৰকাৰী সকলক আনন্দৰ উপকৰণ কৰি দিছোঁ, আৰু যিটো সিহঁতে উপভোগ কৰি আছে, যাতে সিহঁতক পৰীক্ষা কৰিব পাৰোঁ। কিয়নো আমি এই ধৰণৰ যিবোৰ বস্তু সিহঁতক প্ৰদান কৰিছোঁ, সেই সকলোবোৰ হৈছে ধ্বংসশীল। আনহাতে আপোনাৰ প্ৰতিপালকৰ চোৱাব হৈছে স্থায়ী তথা নিৰবিচ্ছিন্ন, যিটোকলৈ আপুনি সন্তুষ্ট হ'ব আৰু সেই প্ৰতিফল পাৰ্থিৱ জীৱনৰ এই উপভোগতকৈ অধিক কল্যাণকৰ, কিয়নো পাৰ্থিৱ জীৱনৰ উপভোগ হৈছে ক্ষণস্থায়ী।
Tafsiraaɗe Aarabu ɗen:
وَاْمُرْ اَهْلَكَ بِالصَّلٰوةِ وَاصْطَبِرْ عَلَیْهَا ؕ— لَا نَسْـَٔلُكَ رِزْقًا ؕ— نَحْنُ نَرْزُقُكَ ؕ— وَالْعَاقِبَةُ لِلتَّقْوٰی ۟
হে ৰাছুল! আপুনি আপোনাৰ পৰিয়ালক চালাত আদায় কৰাৰ আদেশ দিয়ক, তথা আপুনি নিজেও ধৈৰ্য্য সহকাৰে আদায় কৰক। আমি আপোনাৰ পৰা আপোনাৰ বাবে নাইবা আনৰ বাবে কোনো ধৰণৰ জীৱিকাৰ আশা কৰা নাই। বৰং আপোনাক জীৱিকা প্ৰদানৰ দায়িত্ব হৈছে আমাৰ হাতত। পৃথিৱী আৰু আখিৰাতত প্ৰশংসনীয় পৰিণাম হৈছে সেই তাক্বৱা অৱলম্বনকাৰী লোকসকলৰ বাবে যিসকলে আল্লাহক ভয় কৰে। এতেকে যিসকলে আল্লাহৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
Tafsiraaɗe Aarabu ɗen:
وَقَالُوْا لَوْلَا یَاْتِیْنَا بِاٰیَةٍ مِّنْ رَّبِّهٖ ؕ— اَوَلَمْ تَاْتِهِمْ بَیِّنَةُ مَا فِی الصُّحُفِ الْاُوْلٰی ۟
অস্বীকাৰকাৰী এই কাফিৰসকলে কয়ঃ মুহাম্মদে তেওঁৰ প্ৰতিপালকৰ ফালৰ পৰা আমাৰ ওচৰলৈ এনেকুৱা কোনো নিদৰ্শন কিয় লৈ নাহে যিটো তেওঁৰ সত্যতাৰ প্ৰতীক হ'ব তথা তেওঁ ৰাছুল হোৱাৰ প্ৰমাণবহন কৰিব? এই অস্বীকাৰকাৰী সকলৰ ওচৰত কোৰআন অহা নাই নেকি, যিখনে পূৰ্বৱৰ্তী সকলো আচমানী গ্ৰন্থক সমৰ্থন কৰে?
Tafsiraaɗe Aarabu ɗen:
وَلَوْ اَنَّاۤ اَهْلَكْنٰهُمْ بِعَذَابٍ مِّنْ قَبْلِهٖ لَقَالُوْا رَبَّنَا لَوْلَاۤ اَرْسَلْتَ اِلَیْنَا رَسُوْلًا فَنَتَّبِعَ اٰیٰتِكَ مِنْ قَبْلِ اَنْ نَّذِلَّ وَنَخْزٰی ۟
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই কাফিৰসকলক সিহঁতৰ কুফৰী আৰু স্বৈৰাচাৰীতাৰ কাৰণে ৰাছুল প্ৰেৰণ কৰাৰ পূৰ্বেই যদি আমি সিহঁতৰ প্ৰতি আজাব অৱতীৰ্ণ কৰি শাস্তি বিহিলোহেঁতেন তেন্তে সিহঁতে কিয়ামতৰ দিনা নিজৰ কুফুৰীৰ বাবে অজুহাত দেখুৱাই ক'লেহেঁতেনঃ হে আমাৰ প্ৰতিপালক! তুমি পৃথিৱীত আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ নকৰিলা, তেন্তে আমি অপমানিত তথা তোমাৰ শাস্তিৰ সন্মুখীন হোৱাৰ পূৰ্বেই তেওঁৰ প্ৰতি ঈমান আনিলোহেঁতেন আৰু তেওঁ লৈ অহা আয়াতসমূহৰ অনুসৰণ কৰিলোহেঁতেন?
Tafsiraaɗe Aarabu ɗen:
قُلْ كُلٌّ مُّتَرَبِّصٌ فَتَرَبَّصُوْا ۚ— فَسَتَعْلَمُوْنَ مَنْ اَصْحٰبُ الصِّرَاطِ السَّوِیِّ وَمَنِ اهْتَدٰی ۟۠
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক কৈ দিয়কঃ শুনা! আমি সকলোৱেই সেই পৰিণামৰ বাবে অপেক্ষা কৰি আছোঁ, যিটো আল্লাহৰ ফালৰ পৰা জাৰি হ'ব। এতেকে তোমালোকেও অপেক্ষা কৰা। তোমালোকে (নিশ্চিতভাৱে) অতিশীঘ্ৰে জানিব পাৰিবা কোনসকল লোক সঠিক পথত পৰিচালিত তথা হিদায়তপ্ৰাপ্ত। আমি নে তোমালোক?
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• من الأسباب المعينة على تحمل إيذاء المعرضين استثمار الأوقات الفاضلة في التسبيح بحمد الله.
বিমুখ হোৱা লোকসকলৰ ফালৰ পৰা কৰা নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰাৰ এটা সহায়ক উপায় হৈছে, উৎকৃষ্ট সময়ক আল্লাহৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতাৰ গুণগান কৰাত ব্যয় কৰা।

• ينبغي على العبد إذا رأى من نفسه طموحًا إلى زينة الدنيا وإقبالًا عليها أن يوازن بين زينتها الزائلة ونعيم الآخرة الدائم.
বান্দাৰ মনত যেতিয়া পাৰ্থিৱ জীৱনৰ চাহিদাৰ প্ৰতি আগ্ৰহ জন্মে, তথা ইয়াৰ সৌন্দৰ্যৰ প্ৰতি ধাৱমান হয়, তেতিয়া তেওঁ পাৰ্থিৱ জীৱনৰ ধ্বংসশীল শোভাক আখিৰাতৰ চিৰস্থায়ী নিয়ামতৰ লগত তুলনা কৰা উচিত।

• على العبد أن يقيم الصلاة حق الإقامة، وإذا حَزَبَهُ أمْر صلى وأَمَر أهله بالصلاة، وصبر عليهم تأسيًا بالرسول صلى الله عليه وسلم.
বান্দাই যথাযথভাৱে চালাত প্ৰতিষ্ঠা কৰা উচিত, কোনো বিপদ-আপদৰ সন্মুখীন হ'লেও চালাত আদায় কৰা উচিত তথা নিজ পৰিয়ালক চালাতৰ আদেশ দিয়া উচিত, আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি ধৈৰ্য্য সহকাৰে আগুৱাই যোৱা উচিত।

• العاقبة الجميلة المحمودة هي الجنة لأهل التقوى.
সুন্দৰ তথা প্ৰশংসনীয় পৰিণাম হৈছে জান্নাত, যিটো মুত্ত্বাক্বীসকলৰ বাবে নিৰ্দিষ্ট।

 
Firo maanaaji Simoore.: Simoorw Taahaa
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu