Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoorw Taahaa   Aaya.:
وَاَنَا اخْتَرْتُكَ فَاسْتَمِعْ لِمَا یُوْحٰی ۟
হে মূছা! তোমাক মই মোৰ বাৰ্তা প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰিছোঁ। এতেকে মই তোমাৰ প্ৰতি যি অহী কৰিম সেয়া মনোযোগ সহকাৰে শুনিবা।
Tafsiraaɗe Aarabu ɗen:
اِنَّنِیْۤ اَنَا اللّٰهُ لَاۤ اِلٰهَ اِلَّاۤ اَنَا فَاعْبُدْنِیْ ۙ— وَاَقِمِ الصَّلٰوةَ لِذِكْرِیْ ۟
নিশ্চয় ময়েই আল্লাহ। মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা, আৰু পৰিপূৰ্ণৰূপে ছালাত আদায় কৰা, যাতে তাত মোক স্মৰণ কৰিব পাৰা।
Tafsiraaɗe Aarabu ɗen:
اِنَّ السَّاعَةَ اٰتِیَةٌ اَكَادُ اُخْفِیْهَا لِتُجْزٰی كُلُّ نَفْسٍ بِمَا تَسْعٰی ۟
নিশ্চিতভাৱে কিয়ামত আহিব আৰু অৱশ্যে কিয়ামতৰ দৃশ্যাৱলী সংঘটিত হ'বই হ'ব। কিন্তু বিষয়টো মই গোপন ৰাখিম, কেতিয়া সংঘটিত হ'ব সেই সময় সম্পৰ্কে কোনো সৃষ্টিয়েই জানিবলৈ সক্ষম নহয়। কিন্তু যিহেতু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ কিছুমান নিদৰ্শন বৰ্ণনা কৰিছিল, সেয়ে মানুহে সেই নিদৰ্শনসমূহ চিনি পাব। কিয়ামতৰ মূল উদ্দেশ্য হৈছে মানুহে যাতে নিজৰ ভাল বেয়া কৰ্মৰ প্ৰতিফল লাভ কৰিব পাৰে।
Tafsiraaɗe Aarabu ɗen:
فَلَا یَصُدَّنَّكَ عَنْهَا مَنْ لَّا یُؤْمِنُ بِهَا وَاتَّبَعَ هَوٰىهُ فَتَرْدٰی ۟
এতেকে কাফিৰসকলে যাতে তোমাক ইয়াৰ প্ৰতি বিশ্বাস কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ বাবে প্ৰস্তুতি লোৱাৰ ক্ষেত্ৰত তথা নেক আমল কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে। সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে তথা নিজৰ প্ৰবৃত্তিৰ চাহিদা অনুযায়ী হাৰাম কামত লিপ্ত থাকে। অন্যথা ইয়াৰ ফলত তোমাৰ বিনাশ হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَمَا تِلْكَ بِیَمِیْنِكَ یٰمُوْسٰی ۟
তথা হে মূছা! তোমাৰ সোঁহাতত এইডাল কি?
Tafsiraaɗe Aarabu ɗen:
قَالَ هِیَ عَصَایَ ۚ— اَتَوَكَّؤُا عَلَیْهَا وَاَهُشُّ بِهَا عَلٰی غَنَمِیْ وَلِیَ فِیْهَا مَاٰرِبُ اُخْرٰی ۟
মূছা আলাইহিচ্ছালামে ক'লেঃ এইডাল হৈছে মোৰ লাখুটি। মই ইয়াৰ সহায়ত খোজকাঢ়োঁ, তথা ইয়াৰ জৰিয়তে মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, ইয়াৰ বাহিৰেও ইয়াৰ দ্বাৰা আৰু বহুতো কাম কৰোঁ।
Tafsiraaɗe Aarabu ɗen:
قَالَ اَلْقِهَا یٰمُوْسٰی ۟
আল্লাহে ক'লেঃ হে মূছা! তুমি ইয়াক মাটিত নিক্ষেপ কৰা।
Tafsiraaɗe Aarabu ɗen:
فَاَلْقٰىهَا فَاِذَا هِیَ حَیَّةٌ تَسْعٰی ۟
এতেকে মূছা আলাইহিচ্ছালামে সেইডাল মাটিত নিক্ষেপ কৰিলে, চাওঁতে চাওঁতে সেইডাল প্ৰকাণ্ড সাপত ৰূপান্তৰিত হ'ল, তথা আগুৱাই গতি কৰিবলৈ ধৰিলে।
Tafsiraaɗe Aarabu ɗen:
قَالَ خُذْهَا وَلَا تَخَفْ ۫— سَنُعِیْدُهَا سِیْرَتَهَا الْاُوْلٰی ۟
আল্লাহে মূছা আলাইহিচ্ছালামক ক'লেঃ লাখুটিডাল খামুচি ধৰা, সাপলৈ ৰূপান্তৰিত হৈছে বুলি ভয় নকৰিবা। যেতিয়া তুমি ধৰিবা, আমি সেইডালক আগৰ অৱস্থালৈ ৰূপান্তৰিত কৰি দিম।
Tafsiraaɗe Aarabu ɗen:
وَاضْمُمْ یَدَكَ اِلٰی جَنَاحِكَ تَخْرُجْ بَیْضَآءَ مِنْ غَیْرِ سُوْٓءٍ اٰیَةً اُخْرٰی ۟ۙ
তোমাৰ হাতখনক তোমাৰ কাষলতিৰ তলত লৈ যোৱা। চাবা তোমাৰ হাতখন শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। কিন্তু উজ্জ্বলতা কোনো বেমাৰৰ বাবে নহয়। বৰং এয়া আল্লাহৰ ফালৰ পৰা তোমাক প্ৰদান কৰা দ্বিতীয় নিদৰ্শন।
Tafsiraaɗe Aarabu ɗen:
لِنُرِیَكَ مِنْ اٰیٰتِنَا الْكُبْرٰی ۟ۚ
আমি তোমাক এই দুটা নিদৰ্শন দেখুৱালোঁ, যাতে হে মূছা! আমি তোমাক আমাৰ ক্ষমতাৰ আৰু তুমি যে আল্লাহৰ নবী তাৰ ডাঙৰ ডাঙৰ নিদৰ্শনবোৰ দেখুৱাব পাৰোঁ।
Tafsiraaɗe Aarabu ɗen:
اِذْهَبْ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟۠
হে মূছা! তুমি এতিয়া ফিৰআউনৰ ওচৰলৈ যোৱা। কিয়নো সি কুফৰী আৰু আল্লাহৰ অবাধ্যতাৰ বিদ্ৰোহত সীমা চেৰাই গৈছে।
Tafsiraaɗe Aarabu ɗen:
قَالَ رَبِّ اشْرَحْ لِیْ صَدْرِیْ ۟ۙ
মূছা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে মোৰ বুকু প্ৰশস্ত কৰি দিয়া। যাতে মই এই পথত সন্মুখীন হোৱা সকলো কষ্ট সহ্য কৰিব পাৰোঁ।
Tafsiraaɗe Aarabu ɗen:
وَیَسِّرْ لِیْۤ اَمْرِیْ ۟ۙ
আৰু মোৰ বাবে মোৰ সকলো কৰ্ম সহজ কৰি দিয়া।
Tafsiraaɗe Aarabu ɗen:
وَاحْلُلْ عُقْدَةً مِّنْ لِّسَانِیْ ۟ۙ
তথা মোক স্পষ্টৰূপে কথা কোৱাৰ শক্তি প্ৰদান কৰা।
Tafsiraaɗe Aarabu ɗen:
یَفْقَهُوْا قَوْلِیْ ۪۟
মই যেতিয়া তোমাৰ বাৰ্তা সিহঁতলৈ পৌঁচাই দিম তেতিয়া সিহঁতে যাতে মোৰ কথা ভালদৰে বুজি পায়।
Tafsiraaɗe Aarabu ɗen:
وَاجْعَلْ لِّیْ وَزِیْرًا مِّنْ اَهْلِیْ ۟ۙ
মোৰ পৰিয়ালৰ মাজৰ পৰা এজনক সহায়ক বনাই দিয়া, যিয়ে মোৰ কামত মোক সহায় কৰিব।
Tafsiraaɗe Aarabu ɗen:
هٰرُوْنَ اَخِی ۟ۙ
মোৰ ভাতৃ হাৰূনক।
Tafsiraaɗe Aarabu ɗen:
اشْدُدْ بِهٖۤ اَزْرِیْ ۟ۙ
তেওঁৰ জৰিয়তে মোক শক্তিশালী কৰা।
Tafsiraaɗe Aarabu ɗen:
وَاَشْرِكْهُ فِیْۤ اَمْرِیْ ۟ۙ
বাৰ্তা পৌঁচাই দিয়া কৰ্মত তেওঁক মোৰ অংশীদাৰ বনাই দিয়া।
Tafsiraaɗe Aarabu ɗen:
كَیْ نُسَبِّحَكَ كَثِیْرًا ۟ۙ
যাতে আমি তোমাৰ বেছি বেছি গুণগান কৰিব পাৰোঁ।
Tafsiraaɗe Aarabu ɗen:
وَّنَذْكُرَكَ كَثِیْرًا ۟ؕ
যাতে আমি তোমাক বেছি বেছি স্মৰণ কৰিব পাৰোঁ।
Tafsiraaɗe Aarabu ɗen:
اِنَّكَ كُنْتَ بِنَا بَصِیْرًا ۟
নিশ্চয় তুমি আমাক সুক্ষ্মভাৱে চাই আছা। আমাৰ কোনো কৰ্মই তোমাৰ পৰা গোপন নহয়।
Tafsiraaɗe Aarabu ɗen:
قَالَ قَدْ اُوْتِیْتَ سُؤْلَكَ یٰمُوْسٰی ۟
আল্লাহে ক'লেঃ হে মূছা! তুমি যি বিচাৰিছা, আমি তোমাক প্ৰদান কৰিলোঁ।
Tafsiraaɗe Aarabu ɗen:
وَلَقَدْ مَنَنَّا عَلَیْكَ مَرَّةً اُخْرٰۤی ۟ۙ
নিশ্চয় ইয়াৰ পূৰ্বেও আমি তোমাক আৰু এবাৰ উপকাৰ কৰিছোঁ।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• وجوب حسن الاستماع في الأمور المهمة، وأهمها الوحي المنزل من عند الله.
গুৰুত্বপূৰ্ণ বিষয়বোৰ মনোযোগ সহকাৰে শুনাটো অনিবাৰ্য। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ অহী।

• اشتمل أول الوحي إلى موسى على أصلين في العقيدة وهما: الإقرار بتوحيد الله، والإيمان بالساعة (القيامة)، وعلى أهم فريضة بعد الإيمان وهي الصلاة.
মূছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ প্ৰথম অহীটো হৈছে আক্বীদা সম্পৰ্কীয় দুটা বিষয়, সেয়া হৈছেঃ আল্লাহৰ তাওহীদৰ স্বীকাৰোক্তি আৰু কিয়ামতৰ প্ৰতি ঈমান, তথা ঈমান পোষণ কৰাৰ পিচত আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্তব্যটো হৈছে ছালাত, যিটো ইয়াৰেই অন্তৰ্ভুক্ত।

• التعاون بين الدعاة ضروري لإنجاح المقصود؛ فقد جعل الله لموسى أخاه هارون نبيَّا ليعاونه في أداء الرسالة.
উদ্দেশ্যক সফল কৰাৰ বাবে ধৰ্ম প্ৰচাৰকসকলে ইজনে সিজনক সহায় কৰা অনিবাৰ্য। কিয়নো আল্লাহে মূছা আলাইহিচ্ছালামৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবী বনাইছিল, যাতে তেওঁ আল্লাহৰ বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত তেওঁক সহায় কৰে।

• أهمية امتلاك الداعية لمهارة الإفهام للمدعوِّين.
ধৰ্ম প্ৰচাৰক ব্যক্তিৰ বাবে সম্বোধন কৰা ব্যক্তিক বুজোৱাৰ দক্ষতা থকা খুবেই জৰুৰী।

 
Firo maanaaji Simoore.: Simoorw Taahaa
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu