Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Surah: At-Teen   Verse:

আত-তীন

Objectives of the Surah:
امتنان الله على الإنسان باستقامة فطرته وخلقته، وكمال الرسالة الخاتمة.
আল্লাহে মানুহক উৎকৃষ্ট আকৃতি প্ৰদান কৰি আৰু ফিতৰতৰ ওপৰত অটল ৰাখি আৰু ৰিছালতৰ ধাৰাবাহিকতা সম্পূৰ্ণ কৰি সিহঁতৰ ওপৰত উপকাৰ কৰিছে।

وَالتِّیْنِ وَالزَّیْتُوْنِ ۟ۙ
আল্লাহে তীন আৰু তাৰ উত্পত্তি স্থানৰ শপত কৰিছে লগতে যায়তুন তথা ফিলিস্তিনৰ ভূমি, য'ত ঈছা আলাইহিছ ছালামক প্ৰৰণ কৰা হৈছিল।
Arabic Tafsirs:
وَطُوْرِ سِیْنِیْنَ ۟ۙ
আৰু চিনাই পৰ্বতৰ শপত কৰিছে, যাৰ ওচৰত আল্লাহৰ নবী মুছা আলাইহিছ ছালামৰ লগত কথাপোকথন হৈছিল।
Arabic Tafsirs:
وَهٰذَا الْبَلَدِ الْاَمِیْنِ ۟ۙ
আৰু সন্মানিত নগৰ মক্কাৰ শপত কৰিছে, য'ত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰা হৈছিল আৰু যত প্ৰৱেশ কৰিলে মানুহে নিৰাপত্তা অনুভৱ কৰে।
Arabic Tafsirs:
لَقَدْ خَلَقْنَا الْاِنْسَانَ فِیْۤ اَحْسَنِ تَقْوِیْمٍ ۟ؗ
আমি মানুহক সৱাতোকৈ সন্তুলিত সংৰচনাৰ সৈতে আৰু সৱাতোকৈ উত্তম ৰূপত সৃষ্টি কৰিছো।
Arabic Tafsirs:
ثُمَّ رَدَدْنٰهُ اَسْفَلَ سٰفِلِیْنَ ۟ۙ
তাৰ পিছত আমি তাক পৃথিৱীত বৃদ্ধ আৰু অক্ষমতাৰ বসয়লৈ ওভতাই দিওঁ। গতিকে সিহঁতে নিজৰ শৰীৰৰ পৰা উপকৃত হব নোৱাৰে। যিদৰে সেই সময়ত উপকৃত হব নোৱাৰে যেতিয়া তাৰ ফিতৰত প্ৰকৃতি বিনষ্ট হৈ যাব আৰু জাহান্নামত প্ৰৱেশ কৰিব লাগিব।
Arabic Tafsirs:
اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَلَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ۟ؕ
কিন্তু যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকে যদিও বৃদ্ধ হৈ যায় তেওঁলোকৰ বাবে নিৰবিচ্ছিন্ন প্ৰতিদান আছে। অৰ্থাৎ জান্নাত আছে। কিয়নো তেওঁলোকে নিজৰ ফিতৰতক পৱিত্ৰ কৰি লৈছে।
Arabic Tafsirs:
فَمَا یُكَذِّبُكَ بَعْدُ بِالدِّیْنِ ۟ؕ
হে মানৱ, তোমাক কোনটো বস্তুৱে পৰিণামৰ দিনক অস্বীকাৰ কৰিবলৈ উদগনি দিয়ে। যিহেতু তুমি তাৰ ক্ষমতাৰ বহুতো নিদৰ্শন দেখিছা?
Arabic Tafsirs:
اَلَیْسَ اللّٰهُ بِاَحْكَمِ الْحٰكِمِیْنَ ۟۠
আল্লাহে ক্বিয়ামতৰ দিনক পৰিণামৰ দিন বনোৱাৰ ক্ষেত্ৰত আটাইতকৈ মহান বিচাৰক আৰু আটাইতকৈ ন্যায়পৰায়ণ নহয়নে? এইটো বুজা ঠিক হব নেকি যে, আল্লাহে তেওঁৰ বান্দাসকলক সিহঁতৰ মাজত বিচাৰ নকৰাকৈ এনেই এৰি দিব আৰু ভাল কৰ্মীক তাৰ ভাল কাৰ্য আৰু বেয়া কৰ্মীক তাৰ বেয়া কৰ্মৰ পৰিণাম দিয়া নহবনে?
Arabic Tafsirs:
Benefits of the Verses on this page:
• رضا الله هو المقصد الأسمى.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্মৰণক সমুন্নত কৰি তেওঁক সন্মানিত কৰিছে।

• أهمية القراءة والكتابة في الإسلام.
আল্লাহ তাআলাৰ সন্তুষ্টিয়েই সৱাতোকৈ উৎকৃষ্ট উদ্দেশ্য।

• خطر الغنى إذا جرّ إلى الكبر والبُعد عن الحق.
ইছলামত লিখা- পঢ়াৰ গুৰুত্ব।

• النهي عن المعروف صفة من صفات الكفر.
ধন- সম্পদৰ ভয়, যেতিয়া ই অহংকাৰৰ পিনে আৰু সত্যৰ পৰা আঁতৰাই লৈ যায়।

• إكرام الله تعالى نبيه صلى الله عليه وسلم بأن رفع له ذكره.
সৎকৰ্মৰ পৰা বাধা প্ৰদান কৰাটো কুফুৰীৰ এটা অন্যতম বৈশিষ্ট্য।

 
Translation of the Meanings Surah: At-Teen
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close