Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (14) Surah: Al-Anfāl
ذٰلِكُمْ فَذُوْقُوْهُ وَاَنَّ لِلْكٰفِرِیْنَ عَذَابَ النَّارِ ۟
হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতাকাৰী সকল! এইটোৱে তোমালোকৰ শাস্তি। পাৰ্থিৱ জীৱনত আগতীয়াকৈ এই শাস্তি ভোগ কৰা, আৰু যদি কুফৰ তথা পাপিষ্ঠ অৱস্থাত মৃত্যুবৰণ কৰা তেন্তে আখিৰাতত আছে তোমালোকৰ বাবে জাহান্নামৰ শাস্তি।
Arabic Tafsirs:
Benefits of the Verses on this page:
• في الآيات اعتناء الله العظيم بحال عباده المؤمنين، وتيسير الأسباب التي بها ثبت إيمانهم، وثبتت أقدامهم، وزال عنهم المكروه والوساوس الشيطانية.
এই আয়াতবোৰে প্ৰমাণ কৰে যে, আল্লাহে মুমিনসকলৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰে। লগতে তেওঁলোকৰ বাবে এনেকুৱা উপায় সহজলভ্য কৰি দিয়ে যিবোৰৰ দ্বাৰা তেওঁলোকৰ ঈমান দৃঢ় থাকিব আৰু ভৰি স্থিৰ থাকিব, লগতে চয়তানৰ কুমন্ত্ৰণা আৰু অপ্ৰিয় ঘটনা সুৰক্ষিত থাকিব।

• أن النصر بيد الله، ومن عنده سبحانه، وهو ليس بكثرة عَدَدٍ ولا عُدَدٍ مع أهمية هذا الإعداد.
বিজয় আল্লাহৰ হাতত, আৰু তেওঁৰ পৰাই পোৱা যায়। এয়া সংখ্যাবল তথা প্ৰস্তুতিৰ আধাৰত পোৱা নাযায়, যদিও ইয়াৰ গুৰুত্বক নুই কৰিব নোৱাৰি।

• الفرار من الزحف من غير عذر من أكبر الكبائر.
যুদ্ধৰ ময়দানৰ পৰা উচিত কোনো কাৰণ নোহোৱাকৈ পলায়ন কৰা মহাপাপ।

• في الآيات تعليم المؤمنين قواعد القتال الحربية، ومنها: طاعة الله والرسول، والثبات أمام الأعداء، والصبر عند اللقاء، وذِكْر الله كثيرًا.
উক্ত আয়াতসমূহত মুমিনসকলক যুদ্ধৰ নিয়ম শিকোৱা হৈছে। য’ত আছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন, শত্ৰুৰ সন্মুখত দৃঢ়ভাৱে অটল থকা, মুকাবিলাৰ সময়ত ধৈৰ্য ধাৰণ কৰা আৰু আল্লাহক বেছি বেছি স্মৰণ কৰা।

 
Translation of the Meanings Verse: (14) Surah: Al-Anfāl
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close