Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Surah: An-Nāzi‘āt   Verse:

আন-নাযিআত

Objectives of the Surah:
التذكير بالله واليوم الآخر.
আল্লাহ আৰু শেষ দিৱসৰ স্মৰণ।

وَالنّٰزِعٰتِ غَرْقًا ۟ۙ
আল্লাহ তাআলা ফিৰিস্তাৰ শপত খাইছে যিসকল বহুত কঠোৰ আৰু নিৰ্দয় হিচাপে কাফিৰ সকলৰ জান কবজ কৰে।
Arabic Tafsirs:
وَّالنّٰشِطٰتِ نَشْطًا ۟ۙ
আৰু আল্লাহ তাআলাই সেই ফিৰিস্তাৰ শপত খাইছে যিয়ে সহজ আৰু সৰলতাৰ সৈতে ইমানদাৰ সকলৰ জান কবজ কৰে।
Arabic Tafsirs:
وَّالسّٰبِحٰتِ سَبْحًا ۟ۙ
আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে আল্লাহৰ আদেশ অনুযায়ী আকাশৰ পৰা পৃথিৱী লৈ উৰি ফুৰে।
Arabic Tafsirs:
فَالسّٰبِقٰتِ سَبْقًا ۟ۙ
আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে তেওঁৰ আদেশ পালনত আনতকৈ বেছি আগুৱাই যায়।
Arabic Tafsirs:
فَالْمُدَبِّرٰتِ اَمْرًا ۟ۘ
আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে আল্লাহৰ ফয়চালা লাগু কৰে যেনে, যি সকল ফিৰিস্তাই বান্দাৰ আমল লিখাত নিবদ্ধ। আল্লাহ তাআলাই এই সকল ফিৰিস্তাৰ শপত কৰি কৈছে যে, তেওঁ মানুহক হিচাপ-নিকাচ আৰু উচিত পৰিণাম দিবলৈ নিশ্চিত ভাৱে জীৱিত কৰি উঠাব।
Arabic Tafsirs:
یَوْمَ تَرْجُفُ الرَّاجِفَةُ ۟ۙ
যিদিনাখন শিঙাত প্ৰথম বাৰ ফুঁ দিয়াৰ সময়ত পৃথিৱী কঁপি উঠিব।
Arabic Tafsirs:
تَتْبَعُهَا الرَّادِفَةُ ۟ؕ
এই ফুঁ দিয়াৰ পিছত আকৌ দ্বিতীয় ফুঁ দিয়া হব।
Arabic Tafsirs:
قُلُوْبٌ یَّوْمَىِٕذٍ وَّاجِفَةٌ ۟ۙ
সেইদিনা কাফিৰ আৰু ফাছিক্বসকলৰ অন্তৰ ভীতিগ্ৰস্থ হ'ব।
Arabic Tafsirs:
اَبْصَارُهَا خَاشِعَةٌ ۟ۘ
সিহঁতৰ চকুত অপমানৰ চিন দেখা যাব।
Arabic Tafsirs:
یَقُوْلُوْنَ ءَاِنَّا لَمَرْدُوْدُوْنَ فِی الْحَافِرَةِ ۟ؕ
সিহঁতে কৈছিল – মৃত্যুৰ পিছত আমি পুনৰ পৃথিৱীৰ জীৱনলৈ ওভতিম নেকি?
Arabic Tafsirs:
ءَاِذَا كُنَّا عِظَامًا نَّخِرَةً ۟ؕ
যেতিয়া আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰ পিছতো ওভতিম নেকি?
Arabic Tafsirs:
قَالُوْا تِلْكَ اِذًا كَرَّةٌ خَاسِرَةٌ ۟ۘ
সিহঁতে কয়ঃ যদি আমি ওভতিব লাগে তেন্তে এয়া হব ক্ষতিকৰ প্ৰত্যাৱৰ্তন, যিটোত সদায় ওভোতা ব্যক্তি ক্ষতিগ্ৰস্ত হয়।
Arabic Tafsirs:
فَاِنَّمَا هِیَ زَجْرَةٌ وَّاحِدَةٌ ۟ۙ
পুনৰ জীৱিত কৰা কাম অতি সহজ। বৰং এয়া হৈছে শিঙাত ফুঁ দিয়া কাৰ্যত নিযুক্ত ফিৰিস্তাৰ এটা মাত্ৰ তীব্ৰ শব্দ।
Arabic Tafsirs:
فَاِذَا هُمْ بِالسَّاهِرَةِ ۟ؕ
তেতিয়া হঠাৎ সকলো লোক জীৱিত হৈ পৃথিৱীৰ ওপৰত আহিব যিহেতু আগতে পৃথিৱীৰ ভিতৰত মৃত অৱস্থাত আছিল।
Arabic Tafsirs:
هَلْ اَتٰىكَ حَدِیْثُ مُوْسٰی ۟ۘ
(হে ৰাছুল) আপোনাৰ ওচৰত মুছাৰ সৈতে তেওঁৰ প্ৰতিপালক আৰু তেওঁৰ শত্ৰু ফিৰআউনৰ সৈতে হোৱা ঘটনাটো আহি পাইছেনে?
Arabic Tafsirs:
اِذْ نَادٰىهُ رَبُّهٗ بِالْوَادِ الْمُقَدَّسِ طُوًی ۟ۚ
যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক তুৱা উপত্যকাত মাতিছিল।
Arabic Tafsirs:
Benefits of the Verses on this page:
• التقوى سبب دخول الجنة.
তাক্বৱা বা আল্লাহ ভীতি হৈছে জান্নাত প্ৰাপ্তিৰ অন্যতম কাৰণ।

• تذكر أهوال القيامة دافع للعمل الصالح.
ক্বিয়ামতৰ ভয়াৱহ দৃশ্যবোৰৰ স্মৰণে সৎ কৰ্ম কৰাত প্ৰেৰণা যোগায়।

• قبض روح الكافر بشدّة وعنف، وقبض روح المؤمن برفق ولين.
কাফিৰ সকলৰ প্ৰাণ কঠোৰ ভাৱে আৰু মুমিন সকলৰ প্ৰাণ সহজ ভাৱে কবজ কৰা হয়।

اِذْهَبْ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟ؗۖ
আল্লাহ তাআলাই তেওঁক যি কৈছিল তাৰ ভিতৰত এয়াও আছিল যে- ফিৰআউনৰ ওচৰলৈ যোৱা। সি অত্যাচাৰ আৰু অভিমানৰ চৰম সীমা অতিক্ৰম কৰিছে।
Arabic Tafsirs:
فَقُلْ هَلْ لَّكَ اِلٰۤی اَنْ تَزَكّٰی ۟ۙ
আৰু তাক কোৱা (হে ফিৰ আউন) তুমি কুফুৰী আৰু পাপৰ পৰা পৱিত্ৰ হবলৈ নিবিচৰা নেকি?
Arabic Tafsirs:
وَاَهْدِیَكَ اِلٰی رَبِّكَ فَتَخْشٰی ۟ۚ
আৰু তোমাৰ প্ৰতিপালকৰ পথ প্ৰদৰ্শন কৰো যিয়ে তোমাক সৃষ্টি কৰিছে আৰু তোমাক চোৱা-চিতা কৰিছে। এতেকে তুমি তাক ভয় কৰিবা নে? আৰু এনেকুৱা কাম কৰিবানে যিবোৰে তেওঁক সন্তুষ্টু কৰে আৰু তেওঁক অসন্তুষ্ট কৰা কামৰ পৰা বিৰত থাকিবানে?
Arabic Tafsirs:
فَاَرٰىهُ الْاٰیَةَ الْكُبْرٰی ۟ؗۖ
তাৰ পিছত মুছা (আলাইহিছ ছালামে) তেওঁৰ প্ৰতিপালক তৰফৰ পৰা ৰাছুল হোৱাৰ ডাঙৰ নিদৰ্শন দেখুৱালে। এই নিদৰ্শন হল হাত আৰু লাঠিৰ নিদৰ্শন।
Arabic Tafsirs:
فَكَذَّبَ وَعَصٰی ۟ؗۖ
তেতিয়া ফিৰআউনৰ তৰফৰ পৰা এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল যে, সি এই নিদৰ্শনাৱলী অস্বীকাৰ কৰিলে আৰু মুছা (আলাইহিছ ছালাম)ৰ আদেশ অৱমাননা কৰিলে।
Arabic Tafsirs:
ثُمَّ اَدْبَرَ یَسْعٰی ۟ؗۖ
তাৰ পিছত সত্যৰ বিৰোধিতা কৰি তথা আল্লাহৰ অবাধ্যতাত আগুৱাই গৈ মুছা আলাইহিচ্ছালামে লৈ অহা বাৰ্তাৰ প্ৰতি ঈমান পোষণৰ পৰা মুখ ঘূৰাই ল'লে।
Arabic Tafsirs:
فَحَشَرَ ۫— فَنَادٰی ۟ؗۖ
ইয়াৰ পিছত তাৰ সম্প্ৰদায়ক আৰু তাৰ অনুসাৰীসকলক একত্ৰিত কৰিলে যাতে মুছা আলাইহিচ্ছালামক পৰাজিত কৰিব পাৰে। আৰু এই বুলি ঘোষণা দিলে।
Arabic Tafsirs:
فَقَالَ اَنَا رَبُّكُمُ الْاَعْلٰی ۟ؗۖ
মই তোমালোকৰ পৰম প্ৰতিপালক। গতিকে মোৰ বাহিৰে তোমালোকে কাৰো অনুসৰণ কৰিব নোৱাৰিবা।
Arabic Tafsirs:
فَاَخَذَهُ اللّٰهُ نَكَالَ الْاٰخِرَةِ وَالْاُوْلٰی ۟ؕ
অৱশেষত আল্লাহ তাআলাই তাক কৰায়ত্ব কৰিলে আৰু তাক সাগৰত ডুবাই পৃথিৱীত শাস্তি বিহিলে আৰু পৰকালত তাক কঠোৰ শাস্তি দিয়া হব।
Arabic Tafsirs:
اِنَّ فِیْ ذٰلِكَ لَعِبْرَةً لِّمَنْ یَّخْشٰی ۟ؕ۠
আমি ফিৰআউনক যি শাস্তি দিছো তাৰ পৰা সেইসকল লোকে শিক্ষা গ্ৰহন কৰে যিসকলে আল্লাহক ভয় কৰে। কিয়নো তেনে লোকেই উপদেশৰ দ্বাৰা উপকৃত হয়।
Arabic Tafsirs:
ءَاَنْتُمْ اَشَدُّ خَلْقًا اَمِ السَّمَآءُ ؕ— بَنٰىهَا ۟۫
হে পুনৰ জীৱন অস্বীকাৰকাৰী সকল! আল্লাহ তাআলাৰ বাবে তোমালোকক সৃষ্টি কৰা কঠিন নে আকাশ সৃষ্টি কৰাটো তেওঁৰ ওচৰত বেছি কঠিন, যিটোক আল্লাহে সৃষ্টি কৰিছে?
Arabic Tafsirs:
رَفَعَ سَمْكَهَا فَسَوّٰىهَا ۟ۙ
ওপৰ পৃষ্ঠ উচ্চ বনাইছে আৰু তাক সমানকৈ বনাইছে যাৰ ভিতৰত কোনো ছিদ্ৰ, ফাট, ত্ৰুটি নাই।
Arabic Tafsirs:
وَاَغْطَشَ لَیْلَهَا وَاَخْرَجَ ضُحٰىهَا ۪۟
আৰু যেতিয়া সূৰ্য মাৰ যায় তেতিয়া তেৱেঁই ৰাতিক অন্ধকাৰ বনায়। আৰু সূৰ্য উদয় হলে তেৱেঁই পোহৰ প্ৰকট কৰে।
Arabic Tafsirs:
وَالْاَرْضَ بَعْدَ ذٰلِكَ دَحٰىهَا ۟ؕ
আকাশ সৃষ্টিৰ পিছত পৃথিৱীখনক প্ৰসাৰিত কৰিছে আৰু ইয়াৰ ভিতৰত ৰাখিছে ইয়াৰ উপকাৰসমূহ।
Arabic Tafsirs:
اَخْرَجَ مِنْهَا مَآءَهَا وَمَرْعٰىهَا ۪۟
আৰু তাৰ পৰা স্ৰোত ৰূপে বৈ যোৱা পানী উলিয়াইছে। আৰু এনেকুৱা ঘাঁহ উলিয়াইছে যিবোৰ জীৱ-জন্তুৱে খাব পাৰে।
Arabic Tafsirs:
وَالْجِبَالَ اَرْسٰىهَا ۟ۙ
আৰু পৰ্বতবোৰক পৃথিৱীৰ ওপৰত মজবুত কৈ থিয় কৰিছে।
Arabic Tafsirs:
مَتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ۟ؕ
(হে মানৱ) এইবোৰ তোমালোকৰ আৰু তোমালোকৰ জীৱ-জন্তুৰ বাবে জীৱনোপকৰণ। এতেকে সেই সত্তা যিজনে এই সকলোবোৰ বস্তু সৃষ্টি কৰিছে, তেওঁ তোমালোকক পুনৰ সৃষ্টি কৰিবলৈ অক্ষম নহয়।
Arabic Tafsirs:
فَاِذَا جَآءَتِ الطَّآمَّةُ الْكُبْرٰی ۟ؗۖ
যেতিয়া দ্বিতীয় বাৰ শিঙাত ফুঁ দিয়া হব, যাৰ ভাগৰতাই সকলো বস্তুক আৱৰি ধৰিব আৰু ক্বিয়ামত প্ৰতিষ্ঠিত হব।
Arabic Tafsirs:
یَوْمَ یَتَذَكَّرُ الْاِنْسَانُ مَا سَعٰی ۟ۙ
যিদিনাখন ক্বিয়ামত প্ৰতিষ্ঠিত হব, সেইদিনা মানুহে নিজ নিজ কৰ্ম স্মৰণ কৰিব, ভালেই হওঁক বা বেয়া।
Arabic Tafsirs:
وَبُرِّزَتِ الْجَحِیْمُ لِمَنْ یَّرٰی ۟
আৰু জাহান্নামক আনা হব আৰু তাক দৰ্শনকাৰীৰ চকুৰ আগত আনি দিয়া হব।
Arabic Tafsirs:
فَاَمَّا مَنْ طَغٰی ۟ۙ
এতেকে যিসকলে পথভ্ৰষ্টতাৰ সীমা অতিক্ৰম কৰিছে।
Arabic Tafsirs:
وَاٰثَرَ الْحَیٰوةَ الدُّنْیَا ۟ۙ
আৰু পৃথিৱীৰ ক্ষণস্থায়ী জীৱনক পৰকালৰ চিৰস্থায়ী জীৱনৰ ওপৰত অগ্ৰধিকাৰ দিছে।
Arabic Tafsirs:
فَاِنَّ الْجَحِیْمَ هِیَ الْمَاْوٰی ۟ؕ
জাহান্নামেই হব সিহঁতৰ ঠিকনা, যত সিহঁতে থাকিব।
Arabic Tafsirs:
وَاَمَّا مَنْ خَافَ مَقَامَ رَبِّهٖ وَنَهَی النَّفْسَ عَنِ الْهَوٰی ۟ۙ
আৰু যিয়ে নিজ প্ৰতিপালকৰ আগত থিয় হবলৈ ভয় কৰে আৰু আল্লাহ তাআলাই হাৰাম কৰা মন পছন্দ বস্তুৰ পৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ ঠিকনা হব জান্নাত, যত তেওঁলোকে বসবাস কৰিব।
Arabic Tafsirs:
فَاِنَّ الْجَنَّةَ هِیَ الْمَاْوٰی ۟ؕ
আৰু যিয়ে নিজ প্ৰতিপালকৰ আগত থিয় হবলৈ ভয় কৰে আৰু আল্লাহ তাআলাই হাৰাম কৰা মন পছন্দ বস্তুৰ পৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ ঠিকনা হব জান্নাত, যত তেওঁলোকে বসবাস কৰিব।
Arabic Tafsirs:
یَسْـَٔلُوْنَكَ عَنِ السَّاعَةِ اَیَّانَ مُرْسٰىهَا ۟ؕ
হে ৰাছুল! পুনৰ জীৱন অস্বীকাৰ কাৰী সকলে আপোনাক সোধে যে, ক্বিয়ামত কেতিয়া হব?
Arabic Tafsirs:
فِیْمَ اَنْتَ مِنْ ذِكْرٰىهَا ۟ؕ
এই বিষয়ে সিহঁতক কব পৰা আপোনাৰ জ্ঞান নাই। আৰু এয়া আপোনাৰ দায়িত্বও নহয়। আপোনাৰ কৰ্তব্য কেৱল ইয়াৰ বাবে প্ৰস্তুতি লোৱা।
Arabic Tafsirs:
اِلٰی رَبِّكَ مُنْتَهٰىهَا ۟ؕ
ক্বিয়ামতৰ জ্ঞান কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তাৰ বাহিৰে আন কাৰো ওচৰত নাই।
Arabic Tafsirs:
اِنَّمَاۤ اَنْتَ مُنْذِرُ مَنْ یَّخْشٰىهَا ۟ؕ
আপুনি কেৱল সেই ব্যক্তিৰ বাবে সতৰ্ককাৰী যিয়ে ক্বিয়ামতক ভয় কৰে, কিয়নো কেৱল সেই ব্যক্তিয়েই আপোনাৰ সাৱধান বাণীৰ পৰা উপকৃত হব।
Arabic Tafsirs:
كَاَنَّهُمْ یَوْمَ یَرَوْنَهَا لَمْ یَلْبَثُوْۤا اِلَّا عَشِیَّةً اَوْ ضُحٰىهَا ۟۠
যিদিনাখন সিহঁতে ক্বিয়ামতক নিজ চকুৰে দেখা পাব, সিদিনা সিহঁতে এনেকুৱা অনুভৱ কৰিব যেনিবা সিহঁতে পৃথিৱীত এটা সন্ধিয়া বা এটা প্ৰভাতহে কটাইছে।
Arabic Tafsirs:
Benefits of the Verses on this page:
• وجوب الرفق عند خطاب المدعوّ.
কাকো ধৰ্মৰ ফালে আহ্বান কৰাৰ সময়ত তাৰ লগত সৰলতাৰ সৈতে কথা কোৱা জৰুৰী।

• الخوف من الله وكفّ النفس عن الهوى من أسباب دخول الجنة.
আল্লাহৰ ভয় আৰু প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকাটো জান্নাতত প্ৰৱেশৰ অন্যতম কাৰণ।

• علم الساعة من الغيب الذي لا يعلمه إلا الله.
ক্বিয়ামত কেতিয়া সংঘটিত হব, এয়া গায়েব বা অদৃশ্যৰ কথা, আল্লাহৰ বাহিৰে আন কোনেও নাজানে।

• بيان الله لتفاصيل خلق السماء والأرض.
আল্লাহ তাআলাৰ আকাশ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে বিৱৰণ।

 
Translation of the Meanings Surah: An-Nāzi‘āt
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close