Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (70) Surah: Al-A‘rāf
قَالُوْۤا اَجِئْتَنَا لِنَعْبُدَ اللّٰهَ وَحْدَهٗ وَنَذَرَ مَا كَانَ یَعْبُدُ اٰبَآؤُنَا ۚ— فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাক কেৱল এক আল্লাহৰ ইবাদতৰ আদেশ দিবলৈ আহিছা নেকি, যাতে আমি সেইবোৰক এৰি দিওঁ যিবোৰক আমাৰ পূৰ্বপুৰুষ সকলে পূজা-পাঠ কৰিছিল? যদি তুমি নিজৰ দাবীত সত্যবাদী তেন্তে তুমি সেই শাস্তি লৈ আহা যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা।
Arabic Tafsirs:
Benefits of the Verses on this page:
• ينبغي التّحلّي بالصبر في الدعوة إلى الله تأسيًا بالأنبياء عليهم السلام.
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত মানুহে ধৈৰ্য ধাৰণ কৰা উচিত। এইটোৱে নবীসকলৰ আদৰ্শ আছিল।

• من أولويات الدعوة إلى الله الدعوة إلى عبادة الله وحده لا شريك له، ورفض الإشراك به ونبذه.
দাৱাতৰ ক্ষেত্ৰত সৰ্বপ্ৰথম এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰা উচিত, যাৰ কোনো অংশীদাৰ নাই। লগতে শ্বিৰ্কৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া উচিত।

• الاغترار بالقوة المادية والجسدية يصرف صاحبها عن الاستجابة لأوامر الله ونواهيه.
ভৌতিক তথা শাৰীৰিক শক্তিৰ প্ৰৱঞ্চনাই মানুহক আল্লাহৰ আদেশ আৰু নিষেধৰ সন্মুখত আত্মসমৰ্পনৰ পৰা বিৰত ৰাখে।

• النبي يكون من جنس قومه، لكنه من أشرفهم نسبًا، وأفضلهم حسبًا، وأكرمهم مَعْشرًا، وأرفعهم خُلُقًا.
নবী তেওঁৰ নিজ জনগোষ্ঠীৰে এজন সদস্য হয়, কিন্তু বংশ আৰু ব্যৱহাৰৰ দৃষ্টিকোণেৰে আটাইতকৈ উত্তম হয়।

• الأنبياء وورثتهم يقابلون السّفهاء بالحِلم، ويغضُّون عن قول السّوء بالصّفح والعفو والمغفرة.
নবী আৰু তেওঁৰ উত্তৰাধিকাৰীসকলে নিৰ্বোধ তথা মূৰ্খসকলৰ লগত ধৈৰ্য সহকাৰে ব্যৱহাৰ কৰে। লগতে বেয়া কথাক আওকাণ কৰি ক্ষমা আৰু মাৰ্জনাৰ দৃষ্টি পোষণ কৰে।

 
Translation of the Meanings Verse: (70) Surah: Al-A‘rāf
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close