Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (182) Surah: Al-A‘rāf
وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا سَنَسْتَدْرِجُهُمْ مِّنْ حَیْثُ لَا یَعْلَمُوْنَ ۟ۚ
যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, আৰু সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা নাই বৰং অস্বীকাৰ কৰিছে, আমি সিহঁতৰ বাবে জীৱিকাৰ দুৱাৰ খুলি দিম। এইটো সিহঁতক সন্মানিত কৰাৰ উদ্দেশ্যে নহয়, বৰং অৱকাশ দিয়াৰ উদ্দেশ্যেহে, যাতে সিহঁতে যি ভ্ৰষ্টতাত পতিত হৈ আছে তাত আৰু অধিক নিমজ্জিত হ'ব পাৰে। অৱশেষত সিহঁতৰ অসাৱধানতাত যাতে আমাৰ শাস্তি আহি সিহঁতক ক্ষতিগ্ৰস্ত কৰে।
Arabic Tafsirs:
Benefits of the Verses on this page:
• خلق الله للبشر آلات الإدراك والعلم - القلوب والأعين والآذان - لتحصيل المنافع ودفع المضار.
আল্লাহে মানুহক জ্ঞান আহৰণৰ আৰু অনুভৱ কৰাৰ মাধ্যম প্ৰদান কৰিছে (যেনে, অন্তৰ, চকু, কাণ আদি) যাতে মানুহে কল্যাণকৰ বস্তু আহৰণ কৰে আৰু ক্ষতিকৰ বস্তুৰ পৰা বিৰত থাকে।

• الدعاء بأسماء الله الحسنى سبب في إجابة الدعاء، فيُدْعَى في كل مطلوب بما يناسب ذلك المطلوب، مثل: اللهمَّ تب عَلَيَّ يا تواب.
আল্লাহৰ সুন্দৰ সুন্দৰ নামৰ জৰিয়তে দুআ কৰিলে দুআ কবুল হয়। এতেকে কোনো বিষয়ে দুআ কৰাৰ সময়ত আল্লাহৰ সেই নামৰ জৰিয়তেই দুআ কৰা উচিত যিটো নাম সেই বিষয়ৰ সৈতে সম্পৃক্ত। যেনে- হে তাওবা কবুলকাৰী (ইয়া তাওৱাব), মোৰ তাওবা কবুল কৰা।

• التفكر في عظمة السماوات والأرض، والتوصل بهذا التفكر إلى أن الله تعالى هو المستحق للألوهية دون غيره؛ لأنه المنفرد بالصنع.
আকাশমণ্ডল আৰু পৃথিৱীৰ বিশালতা সম্পৰ্কে চিন্তা-চৰ্চা কৰা। আৰু এই গৱেষণাৰ জৰিয়তে এই সিদ্ধান্তত উপনীত হোৱা যে, ইবাদতৰ অধিকাৰী একমাত্ৰ আল্লাহ তাআলা, তেওঁৰ বাহিৰে আন কোনো নহয়। কিয়নো কেৱল তেওঁ অকলেই এই বিশ্বজগতক সৃষ্টি কৰিছে।

 
Translation of the Meanings Verse: (182) Surah: Al-A‘rāf
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close