Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Surah: Al-Qalam   Verse:

আল-কলম

Objectives of the Surah:
شهادة الله للنبي بحسن الخُلق، والدفاع عنه وتثبيته.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৰ্বোৎকৃষ্ট চৰিত্ৰৰ সাক্ষ্য স্বয়ং আল্লাহে প্ৰদান কৰিছে আৰু তেওঁৰ ফালৰ পৰা ৰক্ষা কৰিছে, লগতে তেওঁক দৃঢ়তা প্ৰদান কৰিছে।

نٓ وَالْقَلَمِ وَمَا یَسْطُرُوْنَ ۟ۙ
নূন, এনেকুৱা শব্দবোৰৰ বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত উল্লেখ কৰা হৈছে। আল্লাহ তাআলাই কলম তথা মানুহে কলমেৰে যি লিখে তাৰ শপত কৰিছে।
Arabic Tafsirs:
مَاۤ اَنْتَ بِنِعْمَةِ رَبِّكَ بِمَجْنُوْنٍ ۟ۚ
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে নিজ অনুগ্ৰহেৰে আপোনাক নবী বনাইছে। আপোনাক উন্মাদ বা পাগল বনোৱা নাই। মুশ্বৰিকসকলে আপোনাৰ প্ৰতি পাগল হোৱাৰ যি অভিযোগ কৰিছে তাৰ পৰা আপুনি মুক্ত।
Arabic Tafsirs:
وَاِنَّ لَكَ لَاَجْرًا غَیْرَ مَمْنُوْنٍ ۟ۚ
নিশ্চয় আপুনি মানুহলৈ আল্লাহৰ যি সংবাদ পৌঁছাই আছে তাৰ পৰিণাম অন্তহীন। এই সম্পৰ্কে কোনোবাই আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব নোৱাৰে।
Arabic Tafsirs:
وَاِنَّكَ لَعَلٰی خُلُقٍ عَظِیْمٍ ۟
আৰু আপুনি, কোৰআনে লৈ অহা মহান নৈতিকতা বা চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত। আপুনি কুৰআনৰ আদৰ্শ সম্পূৰ্ণৰূপে পালন কৰে।
Arabic Tafsirs:
فَسَتُبْصِرُ وَیُبْصِرُوْنَ ۟ۙ
এতেকে অনতিপলমে আপুনি দেখিবলৈ পাব আৰু এই অস্বীকাৰকাৰী সকলেও দেখিবলৈ পাব।
Arabic Tafsirs:
بِاَیِّىكُمُ الْمَفْتُوْنُ ۟
যেতিয়া সত্যৰ পৰা পৰ্দা বা আৱৰণ আঁতৰি যাব তেতিযা স্পষ্ট হৈ পৰিব যে কোনে পাগল?
Arabic Tafsirs:
اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ ۪— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟
হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে কোনে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে। লগতে তেওঁ সেই সকল লোকৰ বিষয়েও সম্যক অৱগত যিসকল সঠিক পথত আছে । সেয়েহে তেওঁ জানে যে, কোনসকল লোক তাৰ পৰা বিচ্যুত হৈছে আৰু আপুনি সেই সঠিক পথৰ ওপৰত অবিচল আছে।
Arabic Tafsirs:
فَلَا تُطِعِ الْمُكَذِّبِیْنَ ۟
এতেকে হে ৰাছুল, আপুনি সিহঁতৰ কথা নুশুনিব যিবিলাকে আপুনি লৈ আহা সংবাদ সমূহ অস্বীকাৰ কৰে।
Arabic Tafsirs:
وَدُّوْا لَوْ تُدْهِنُ فَیُدْهِنُوْنَ ۟
সিহঁতৰ কামনা এই যে আপুনি সিহঁতৰ লগত নম্ৰতা অৱলম্বন কৰিলে, সিহঁতেও আপোনাৰ লগত নম্ৰতা অৱলম্বন কৰিব।
Arabic Tafsirs:
وَلَا تُطِعْ كُلَّ حَلَّافٍ مَّهِیْنٍ ۟ۙ
আৰু আপুনি কোনো এনেকুৱা লোকৰ কথা নুশুনিব যিয়ে অত্যাধিক মিছা শপত কৰে আৰু হীনমনৰ ব্যক্তি।
Arabic Tafsirs:
هَمَّازٍ مَّشَّآءٍ بِنَمِیْمٍ ۟ۙ
মানুহৰ বহুতো পৰনিন্দা আৰু পৰচৰ্চাকাৰী ব্যক্তি যাতে সিহঁতৰ মাজত বিচ্ছেদ ঘটাব পৰা যায়।
Arabic Tafsirs:
مَّنَّاعٍ لِّلْخَیْرِ مُعْتَدٍ اَثِیْمٍ ۟ۙ
কল্যাণৰ কামত অধিক বাধা প্ৰদানকাৰী, মানুহৰ ধন- সম্পত্তি, মান- সন্মান আৰু জীৱনৰ প্ৰতি সীমালংঘনকাৰী তথা অত্যাধিক পাপিষ্ঠ ব্যক্তি।
Arabic Tafsirs:
عُتُلٍّۢ بَعْدَ ذٰلِكَ زَنِیْمٍ ۟ۙ
দুষ্ট প্ৰকৃতিৰ, ক্ৰোধ স্বভাৱৰ আৰু নিজ পিতৃ অবিহনে আন কাৰো লগত সম্বন্ধিত।
Arabic Tafsirs:
اَنْ كَانَ ذَا مَالٍ وَّبَنِیْنَ ۟ؕ
কেৱল এই কাৰণে আল্লাহ আৰু তেওঁৰ ৰাছুলক মানিবলৈ অভিমান কৰিছিল যে তেওঁ বহুত ধন- সম্পদৰ গৰাকী আছিল।
Arabic Tafsirs:
اِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا قَالَ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟
যেতিয়া তেওঁৰ আগত আমাৰ আয়াত সমুহ পাঠ কৰা হয় তেতিয়া কয়ঃ এইবোৰ পূৰ্বৱৰ্তীসকলৰ কাল্পনিক কাহিনী মাথোন।
Arabic Tafsirs:
سَنَسِمُهٗ عَلَی الْخُرْطُوْمِ ۟
আমি শীঘ্ৰে তাৰ নাকত দাগ দিম। যিটো তাৰ মুখমণ্ডল বিকৃত কৰি পেলাব আৰু যিটো কেতিয়াও তাৰ নাকৰ পৰা নাইকীয়া নহ’ব।
Arabic Tafsirs:
Benefits of the Verses on this page:
• اتصاف الرسول صلى الله عليه وسلم بأخلاق القرآن.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম, কুৰআনত বৰ্ণিত আচৰণ আৰু ব্যৱহাৰৰ বাস্তৱ নমুনা বা আদৰ্শ আছিল।

• صفات الكفار صفات ذميمة يجب على المؤمن الابتعاد عنها، وعن طاعة أهلها.
কাফিৰসকলৰ আচৰণ বিধি অতি নিকৃষ্ট। মুমিনসকলে সিহঁতৰ পৰা আৰু সিহঁতৰ অনুসৰণৰ পৰা বিৰত থকা উচিত।

• من أكثر الحلف هان على الرحمن، ونزلت مرتبته عند الناس.
যিয়ে অধিক শপত কৰে, সি ৰহমান (আল্লাহ)ৰ দৃষ্টিত অতি তুচ্ছ, আৰু সি মানুহৰ দৃষ্টিত নিজৰ সন্মান বিনষ্ট কৰে।

 
Translation of the Meanings Surah: Al-Qalam
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close