Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (8) Surah: Al-Jumu‘ah
قُلْ اِنَّ الْمَوْتَ الَّذِیْ تَفِرُّوْنَ مِنْهُ فَاِنَّهٗ مُلٰقِیْكُمْ ثُمَّ تُرَدُّوْنَ اِلٰی عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟۠
হে ৰাছুল! এই ইয়াহুদী বিলাকক কৈ দিয়কঃ নিশ্চয় সেই মৃত্যু, যিটোৰ পৰা তোমালোকে পলায়ন কৰি আছা, অৱশ্যে তোমালোকক সাক্ষাৎ কৰিব, সোনকালে হওঁক অথবা পলমকৈ। তাৰ পিছত তোমালোকে ক্বিয়ামতৰ দিনা আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰিবা। তেওঁ দৃশ্য অদৃশ্য সকলো বিষয়ে অৱগত, এই উভয় বিষয়ৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেতিয়া তেওঁ তোমালোকক সেই সকলো কথা অৱগত কৰাব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা আৰু তোমালোকক তাৰ প্ৰতিদান দিব।
Arabic Tafsirs:
Benefits of the Verses on this page:
• عظم منة النبي صلى الله عليه وسلم على البشرية عامة وعلى العرب خصوصًا، حيث كانوا في جاهلية وضياع.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মানৱ জাতিৰ প্ৰতি আৰু বিশেষকৈ আৰববাসীসকলৰ প্ৰতি বৰ ডাঙৰ উপকাৰ। কিয়নো সিহঁত জাহিলিয়্যাত (অজ্ঞতা) আৰু ধ্বংসৰ যুগ অতিক্ৰম কৰি আছিল।

• الهداية فضل من الله وحده، تطلب منه وتستجلب بطاعته.
হিদায়ত কেৱল আল্লাহৰ অনুগ্ৰহৰ ফলত প্ৰাপ্ত হয়। গতিকে হিদায়ত কেৱল তেওঁৰ ওচৰতেই বিচৰা উচিত আৰু কেৱল তেওঁৰেই আদেশ পালন কৰি অৰ্জন কৰা উচিত।

• تكذيب دعوى اليهود أنهم أولياء الله؛ بتحدّيهم أن يتمنوا الموت إن كانوا صادقين في دعواهم لأن الولي يشتاق لحبيبه.
ইয়াহুদীসকলৰ এই দাবীৰ খণ্ডন কৰা যে, সিহঁত আল্লাহৰ অলী। সিহঁতক এই চেলেঞ্জ দিয়া হৈছে যে, যদি সিহঁত নিজৰ দাবীত সত্যবাদী তেন্তে মৃত্যু কামনা কৰি দেখুৱাওক। কিয়নো বন্ধুৱে বন্ধুৰ লগত সাক্ষাৎ কৰিবলৈ বৰ ইচ্ছুক হৈ থাকে।

 
Translation of the Meanings Verse: (8) Surah: Al-Jumu‘ah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close