Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (10) Surah: Al-Mumtahanah
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا جَآءَكُمُ الْمُؤْمِنٰتُ مُهٰجِرٰتٍ فَامْتَحِنُوْهُنَّ ؕ— اَللّٰهُ اَعْلَمُ بِاِیْمَانِهِنَّ ۚ— فَاِنْ عَلِمْتُمُوْهُنَّ مُؤْمِنٰتٍ فَلَا تَرْجِعُوْهُنَّ اِلَی الْكُفَّارِ ؕ— لَا هُنَّ حِلٌّ لَّهُمْ وَلَا هُمْ یَحِلُّوْنَ لَهُنَّ ؕ— وَاٰتُوْهُمْ مَّاۤ اَنْفَقُوْا ؕ— وَلَا جُنَاحَ عَلَیْكُمْ اَنْ تَنْكِحُوْهُنَّ اِذَاۤ اٰتَیْتُمُوْهُنَّ اُجُوْرَهُنَّ ؕ— وَلَا تُمْسِكُوْا بِعِصَمِ الْكَوَافِرِ وَسْـَٔلُوْا مَاۤ اَنْفَقْتُمْ وَلْیَسْـَٔلُوْا مَاۤ اَنْفَقُوْا ؕ— ذٰلِكُمْ حُكْمُ اللّٰهِ ؕ— یَحْكُمُ بَیْنَكُمْ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! যেতিয়া তোমালোকৰ ওচৰত মুমিনা মহিলাসকলে কুফুৰৰ ভূমিৰ পৰা ঈমানৰ ভূমিলৈ হিজৰত কৰি আহে তেতিয়া সিহঁতৰ ঈমানৰ সত্যতা পৰীক্ষা কৰিবা। আল্লাহে সিহঁতৰ ঈমান সম্পৰ্কে অধিক জ্ঞাত। সিহঁতৰ অন্তৰৰ কোনো খবৰ তেওঁৰ পৰা গোপন নহয়। যদি পৰীক্ষাৰ পিছত সিহঁতৰ ঈমানৰ সত্যতা প্ৰকাশ পায় আৰু তোমালোকে গম পোৱা যে, সিহঁত প্ৰকৃত মুমিন তেন্তে সিহঁতক সিহঁতৰ কাফিৰ স্বামীৰ ওচৰলৈ ওভোতাই নপঠাবা। মুমিনা মহিলাৰ নিকাহ কাফিৰৰ লগত বৈধ নহয়। আৰু কাফিৰসকলৰ বাবেও বৈধ নহয় মুমিনা নাৰীক বিবাহ পাশত আৱদ্ধ কৰোৱা। এতেকে সিহঁতৰ স্বামীসকলক মোহৰৰ বাবত খৰচ হোৱা ধন ঘূৰাই দিয়া। হে মুমিনসকল! তোমালোকৰ বাবে কোনো পাপ নহ'ব, যদি তোমালোকে সিহঁতৰ ইদ্দত পাৰ হোৱাৰ পিছত সিহঁতক বিবাহ কৰোৱা, আৰু সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া। আনহাতে যাৰ স্ত্ৰী কাফিৰা বা ইছলাম ত্যাগ কৰিছে, তেনেকুৱা স্ত্ৰীক বিবাহ পাশত নাৰাখিবা। কিয়নো তাইৰ ঈমান শেষ হৈ যোৱাৰ লগে লগে বিবাহ বিচ্ছেদ হৈ গৈছে। সেয়ে কাফিৰসকলৰ পৰা ইছলাম ত্যাগ কৰা নিজৰ স্ত্ৰীৰ মোহৰ বিচাৰিবা, যিবোৰ তুমি তাইৰ বাবে খৰচ কৰিছিলা। এইদৰে সিহঁতেও সিহঁতৰ ইছলাম গ্ৰহণকাৰীণী স্ত্ৰীসকলৰ মোহৰ বিচৰা উচিত। এইটো (তোমালোকৰ আৰু সিহঁতৰ তৰফৰ পৰা মোহৰ ঘূৰাই পোৱাৰ আবেদন কৰা বিধানটো হৈছে) আল্লাহৰ আদেশ। তেওঁ তোমালোকৰ মাজত যি ইচ্ছা নিৰ্ণয় কৰে। আল্লাহ তেওঁৰ বান্দাসকলৰ পৰিস্থিতি আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। বান্দাসকলৰ বাবে চৰীয়ত প্ৰণয়ন কৰাত তেওঁ মহাপ্ৰজ্ঞাময়।
Arabic Tafsirs:
Benefits of the Verses on this page:
• في تصريف الله القلب من العداوة إلى المودة، ومن الكفر إلى الإيمان إشارة إلى أن قلوب العباد بين إصبعين من أصابعه سبحانه، فليطلب العبد منه الثبات على الإيمان.
অন্তৰক বিদ্বেষৰ পৰা বন্ধুত্বৰ ফালে আৰু ঈমানৰ পৰা কুফুৰীৰ ফালে ঘূৰাই দিয়া সম্পৰ্কে আল্লাহৰ বাণীয়ে এই কথাৰ ইংগিত বহন কৰে যে, বান্দাৰ অন্তৰ আল্লাহৰ দুই আঙুলিৰ মাজত থাকে। গতিকে বান্দাসকলে আল্লাহৰ ওচৰত ঈমানৰ প্ৰতি অবিচল থকাৰ প্ৰাৰ্থনা কৰা উচিত।

• التفريق في الحكم بين الكفار المحاربين والمسالمين.
ইয়াত মুছলিমসকলৰ লগত যুদ্ধৰত কাফিৰসকল আৰু চুক্তি মতে চলা কাফিৰসকলৰ মাজত পাৰ্থক্য কৰা হৈছে।

• حرمة الزواج بالكافرة غير الكتابية ابتداءً ودوامًا، وحرمة زواج المسلمة من كافر ابتداءً ودوامًا.
মুছলিম পুৰুষৰ লগত কাফিৰা স্ত্ৰীৰ (যিজনী ইয়াহুদীও নহয়, খৃষ্টানো নহয়) বিবাহ হাৰাম, লগতে বিবাহ বাকীও থাকিব নোৱাৰে। আৰু এইদৰে কোনো মুছলিমা স্ত্ৰীৰ লগত কাফিৰৰ বিবাহো বৈধ নহয় আৰু বিবাহ বাকীও থাকিব নোৱাৰে।

 
Translation of the Meanings Verse: (10) Surah: Al-Mumtahanah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close