Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (71) Surah: Al-An‘ām
قُلْ اَنَدْعُوْا مِنْ دُوْنِ اللّٰهِ مَا لَا یَنْفَعُنَا وَلَا یَضُرُّنَا وَنُرَدُّ عَلٰۤی اَعْقَابِنَا بَعْدَ اِذْ هَدٰىنَا اللّٰهُ كَالَّذِی اسْتَهْوَتْهُ الشَّیٰطِیْنُ فِی الْاَرْضِ حَیْرَانَ ۪— لَهٗۤ اَصْحٰبٌ یَّدْعُوْنَهٗۤ اِلَی الْهُدَی ائْتِنَا ؕ— قُلْ اِنَّ هُدَی اللّٰهِ هُوَ الْهُدٰی ؕ— وَاُمِرْنَا لِنُسْلِمَ لِرَبِّ الْعٰلَمِیْنَ ۟ۙ
হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আমি আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ পূজা-পাঠ কৰিম নেকি, যিবোৰে ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। আৰু আল্লাহে আমাক তাওফীক দিয়া ঈমানৰ পৰা উভতি যাম নেকি, আৰু সেই সকল লোকৰ দৰে হৈ যাম নেকি যিসকলক চয়তানে পথভ্ৰষ্ট কৰিছে। যিসকলক এনেকৈ দিশহাৰা কৰিছে যে, সিহঁতে পথ বিচাৰি পোৱা নাই। সিহঁতৰ কিছুমান সঙ্গী এনেকুৱা আছে যিসকলে সিহঁতক সত্য পথৰ পিনে আহ্বান কৰে কিন্তু সিহঁতে তেওঁলোকৰ কথা নুশুনে। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, আল্লাহৰ হিদায়তেই হৈছে সত্য হিদায়ত, আল্লাহে আমাক আদেশ প্ৰদান কৰিছে যে, আমি যেন তেওঁৰ সন্মুখত নত হৈ যাওঁ। আৰু কেৱল তেওঁৰেই ইবাদত কৰোঁ, কাৰণ তেৱেঁই সকলোৰে ৰব্ব।
Arabic Tafsirs:
Benefits of the Verses on this page:
• الداعية إلى الله تعالى ليس مسؤولًا عن محاسبة أحد، بل هو مسؤول عن التبليغ والتذكير.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোক সকলৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া আৰু মানুহক স্মৰণ কৰাই দিয়া। হিচাপ-নিকাচৰ দায়িত্ব তেওঁলোকৰ ওপৰত নাই।

• الوعظ من أعظم وسائل إيقاظ الغافلين والمستكبرين.
উপদেশ হৈছে গাফিল আৰু অহংকাৰী ব্যক্তিক সচেতন কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম।

• من دلائل التوحيد: أن من لا يملك نفعًا ولا ضرًّا ولا تصرفًا، هو بالضرورة لا يستحق أن يكون إلهًا معبودًا.
তাওহীদৰ প্ৰমাণসমূহৰ অন্যতম এটা প্ৰমাণ এই যে, যিয়ে ক্ষতি আৰু উপকাৰ কৰাৰ ক্ষমতা নাৰাখে তথা নিয়ন্ত্ৰণৰ অধিকাৰ নাই, তেনেকুৱা সত্ত্বা কেতিয়াও ইবাদতৰ যোগ্য হ'ব নোৱাৰে।

 
Translation of the Meanings Verse: (71) Surah: Al-An‘ām
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close