Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (138) Surah: Al-An‘ām
وَقَالُوْا هٰذِهٖۤ اَنْعَامٌ وَّحَرْثٌ حِجْرٌ ۖۗ— لَّا یَطْعَمُهَاۤ اِلَّا مَنْ نَّشَآءُ بِزَعْمِهِمْ وَاَنْعَامٌ حُرِّمَتْ ظُهُوْرُهَا وَاَنْعَامٌ لَّا یَذْكُرُوْنَ اسْمَ اللّٰهِ عَلَیْهَا افْتِرَآءً عَلَیْهِ ؕ— سَیَجْزِیْهِمْ بِمَا كَانُوْا یَفْتَرُوْنَ ۟
মুশ্বৰিকসকলে আৰু কৈছেঃ এইবোৰ জীৱ-জন্তু আৰু খেতি-বাতি হৈছে নিষিদ্ধ, ইয়াক কেৱল সেই ব্যক্তিয়ে ভক্ষণ কৰিব পাৰিব যাক মূৰ্তিবোৰৰ সেৱকসকলে অনুমতি প্ৰদান কৰিব। এইটো সিহঁতৰ ধাৰণা আৰু মনেসজা কথা। সিহঁতে আৰু কৈছে যে, এইবোৰ জন্তুৰ পিঠিত আৰোহণ কৰা তথা সিহঁতৰ পিঠিত বোজা বহন কৰাও হাৰাম। এইবোৰ জন্তুৰ দ্বাৰা সিহঁতে বাহীৰাহ (বাহীৰাহ কোৱা হয় এনেকুৱা উটনীক যাৰ পাঁচটা পোৱালী হোৱাৰ পিছত কাণ ফালি এৰি দিয়া হয়), ছায়েবাহ (সেই উটক কোৱা হয় যাক মূৰ্তিৰ নামত এৰি দিয়া হয়) আৰু হামী (সেই পুংলিঙ্গ উটক কোৱা হয় যাৰ দ্বাৰা দহটা পোৱালী জন্ম পাইছে, তাৰ পিছত তাক এৰি দিয়া হৈছে) বুজাইছে। এইবোৰ জন্তুক যবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নামৰ পৰিবৰ্তে সিহঁতৰ মূৰ্তিবোৰৰ নাম লৈছিল। এই সকলোবোৰ সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি সংঘটিত কৰিছিল যে, এইবোৰ আল্লাহে আদেশ কৰিছে। আল্লাহে সিহঁতক অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছে।
Arabic Tafsirs:
Benefits of the Verses on this page:
• ذم الله المشركين بسبع صفات هي : الخسران والسفاهة وعدم العلم وتحريم ما رزقهم الله والافتراء على الله والضلال وعدم الاهتداء؛ فهذه أمور سبعة، وكل واحد منها سبب تام في حصول الذم.
আল্লাহে মুশ্বৰিকসকলৰ নিন্দা কৰি সাত টা কথা কৈছেঃ যেনে- সিহঁত ক্ষতিগ্ৰস্ত, নিৰ্বোধ, মুৰ্খ, আল্লাহে প্ৰদান কৰা জীৱিকাক হাৰাম কৰে, আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, পথভ্ৰষ্ট তথা হিদায়তৰ পৰা দূৰৈত থাকে। এই হৈছে সাতটা বিষয়, প্ৰতিটো বিষয় নিন্দনীয় হোৱাৰ বাবে যথেষ্ট।

• الأهواء سبب تحريم ما أحل الله وتحليل ما حرم الله.
আল্লাহে হালাল কৰা বস্তুক হাৰাম কৰা আৰু হাৰাম কৰা বস্তুক হালাল কৰাৰ মূল কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ।

• وجوب الزكاة في الزروع والثمار عند حصادها، مع جواز الأكل منها قبل إخراج زكاتها، ولا يُحْسَب من الزكاة.
খেতি-বাতি তথা ফলৰ যাকাত চপোৱাৰ সময়তে আদায় কৰা আৱশ্যক। কিন্তু যাকাত আদায়ৰ পূৰ্বেও তাৰ পৰা খোৱা বৈধ, কিন্তু সেয়া যাকাতৰ অন্তৰ্ভুক্ত কৰা নহ'ব।

• التمتع بالطيبات مع عدم الإسراف ومجاوزة الحد في الأكل والإنفاق.
আল্লাহে প্ৰদান কৰা উত্তম বস্তুবোৰ উপভোগ কৰা বৈধ, কিন্তু খোৱা-বোৱা আৰু ব্যয় কৰাৰ ক্ষেত্ৰত অপব্যয় কৰা তথা সীমালঙ্ঘন কৰা বৈধ নহয়।

 
Translation of the Meanings Verse: (138) Surah: Al-An‘ām
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close