Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Surah: Adh-Dhāriyāt   Verse:

আয-যাৰিয়াত

Objectives of the Surah:
تعريف الجن والإنس بأن مصدر رزقهم من الله وحده؛ ليخلصوا له العبادة.
জিন আৰু মানুহক এই কথা জনাই দিয়া যে, একমাত্ৰ আল্লাহৰ পৰাই সিহঁতে জীৱিকা লাভ কৰে, যাতে সিহঁতে নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব পাৰে।

وَالذّٰرِیٰتِ ذَرْوًا ۟ۙ
আল্লাহে সেই বতাহৰ শপত খাইছে, যি বতাহে ধূলি-বালি উৰুৱাই লৈ ফুৰে।
Arabic Tafsirs:
فَالْحٰمِلٰتِ وِقْرًا ۟ۙ
সেই মেঘপুঞ্জৰ শপত খাইছে, যিয়ে বহন কৰে প্ৰচুৰ পৰিমাণে পানী।
Arabic Tafsirs:
فَالْجٰرِیٰتِ یُسْرًا ۟ۙ
সেই নাওবোৰৰো শপত খাইছে, যিবোৰ সাগৰত মৃদুগতিত সহজে চলাচল কৰে।
Arabic Tafsirs:
فَالْمُقَسِّمٰتِ اَمْرًا ۟ۙ
সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ আদেশত বান্দাসকলৰ মাজত তেওঁলোকৰ বিষয়বোৰ বন্টন কৰে।
Arabic Tafsirs:
اِنَّمَا تُوْعَدُوْنَ لَصَادِقٌ ۟ۙ
নিশ্চিতৰূপে তোমালোকৰ প্ৰতিপালকে তোমালোকক যি হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে, সেয়া সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ-সংশয়ৰ অৱকাশ নাই।
Arabic Tafsirs:
وَّاِنَّ الدِّیْنَ لَوَاقِعٌ ۟ؕ
নিশ্চিতৰূপে কিয়ামতৰ দিনা বান্দাসকলৰ হিচাপ-কিতাপ কৰা হ’ব, যিকোনো উপায়ে এইটো বাস্তাৱায়ন হ’ব।
Arabic Tafsirs:
Benefits of the Verses on this page:
• الاعتبار بوقائع التاريخ من شأن ذوي القلوب الواعية.
ইতিহাসৰ ঘটনাবোৰৰ দ্বাৰা কেৱল সেইসকল লোকেই শিক্ষা তথা পাঠ গ্ৰহণ কৰে, যিসকলৰ ওচৰত বুজিব পৰা অন্তৰ আছে।

• خلق الله الكون في ستة أيام لِحِكَم يعلمها الله، لعل منها بيان سُنَّة التدرج.
আল্লাহে হিকমত অনুযায়ী ছয় দিনত বিশ্বজগত সৃষ্টি কৰিছে, যিটো কেৱল একমাত্ৰ তেৱেঁই জানে। এইটোও এটা হিকমত হ’ব পাৰে যে যিকোনো কাম ধাপে ধাপে কৰিব লাগে।

• سوء أدب اليهود في وصفهم الله تعالى بالتعب بعد خلقه السماوات والأرض، وهذا كفر بالله.
ইয়াহুদীসকলে আল্লাহৰ সৈতে বেআদবী কৰিছে, সিহঁতে কয়ঃ আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি ক্লান্ত হৈছিল। এইটো স্পষ্ট কুফৰী কথা।

 
Translation of the Meanings Surah: Adh-Dhāriyāt
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close