Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (64) Surah: Al-Mā’idah
وَقَالَتِ الْیَهُوْدُ یَدُ اللّٰهِ مَغْلُوْلَةٌ ؕ— غُلَّتْ اَیْدِیْهِمْ وَلُعِنُوْا بِمَا قَالُوْا ۘ— بَلْ یَدٰهُ مَبْسُوْطَتٰنِ ۙ— یُنْفِقُ كَیْفَ یَشَآءُ ؕ— وَلَیَزِیْدَنَّ كَثِیْرًا مِّنْهُمْ مَّاۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ طُغْیَانًا وَّكُفْرًا ؕ— وَاَلْقَیْنَا بَیْنَهُمُ الْعَدَاوَةَ وَالْبَغْضَآءَ اِلٰی یَوْمِ الْقِیٰمَةِ ؕ— كُلَّمَاۤ اَوْقَدُوْا نَارًا لِّلْحَرْبِ اَطْفَاَهَا اللّٰهُ ۙ— وَیَسْعَوْنَ فِی الْاَرْضِ فَسَادًا ؕ— وَاللّٰهُ لَا یُحِبُّ الْمُفْسِدِیْنَ ۟
ইয়াহুদীসকলক যেতিয়া অনাবৃষ্টি তথা বিপদে পালে, তেতিয়া কবলৈ ধৰিলে যে, আল্লাহৰ হাত দানৰ পৰা তথা কল্যাণৰ পৰা বঞ্চিত, এই কাৰণেই তেওঁ নিজৰ ধন ভাণ্ডাৰৰ পৰা আমাক বঞ্চিত কৰিছে। জানি থোৱা! প্ৰকৃততে সিহঁতৰেই হাত বন্ধা অৱস্থাত আছে, ফলত সিহঁতে কোনো ভাল কাম নকৰে আৰু দানো নকৰে। সিহঁতক সিহঁতৰ এই কথাৰ কাৰণে আল্লাহৰ কৃপাৰ পৰা বঞ্চিত কৰি দিয়া হৈছে। বৰং আল্লাহৰ দুয়ো হাত উন্মুক্ত, তেওঁ যিদৰে ইচ্ছা কৰে দান কৰে তথা ব্যয় কৰে। কেতিয়াবা অধিক, কেতিয়াবা কম। তেওঁক প্ৰতিৰোধকাৰীও কোনো নাই আৰু তেওঁক বাধ্য কৰিবলৈয়ো কোনো নাই। হে ৰাছুল! আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে, ইয়াৰ ফলত ইয়াহুদীসকলৰ সীমালংঘন আৰু অস্বীকাৰ আৰু বৃদ্ধি পাব। কিয়নো সিহঁতৰ অন্তৰ ঈৰ্ষাৰে পৰিপূৰ্ণ। আমি ইয়াহুদীসকলৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা তথা ঘৃণা সৃষ্টি কৰি দিছো। যেতিয়া সিহঁত যুদ্ধৰ বাবে একত্ৰিত হয় বা ইয়াৰ বাবে প্ৰস্তুতি লয় অথবা যুদ্ধক অগ্নিগৰ্ভা কৰিবলৈ চক্ৰান্ত ৰচে, তেতিয়া আল্লাহে সিহঁতক ছিন্ন-ভিন্ন কৰি দিয়ে, আৰু সিহঁতৰ সকলো শক্তি বিনাশ কৰি দিয়ে। সিহঁতে নিজৰ স্বভাৱ অনুযায়ী ইছলামৰ ভাৱমূৰ্ত্তি ম্লান কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ এনেকুৱা কৰ্ম কৰিব, যাৰ ফলত পৃথিৱীত বিপৰ্যয় সৃষ্টি হব। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰী সকলক পছন্দ নকৰে।
Arabic Tafsirs:
Benefits of the Verses on this page:
• ذمُّ العالم على سكوته عن معاصي قومه وعدم بيانه لمنكراتهم وتحذيرهم منها.
নিজ সম্প্ৰদায়ক পাপ কৰ্মত লিপ্ত দেখাৰ পিছতো মৌনতা অৱলম্বন কৰা তথা সিহঁতক সাৱধান নকৰা আলিমক নিন্দা কৰা হৈছে।

• سوء أدب اليهود مع الله تعالى، وذلك لأنهم وصفوه سبحانه بأنه مغلول اليد، حابس للخير.
আল্লাহৰ লগত ইয়াহুদীসকলৰ অসভ্য আচৰণ। কিয়নো সিহঁতে আল্লাহ সম্পৰ্কে কৈছিল যে, তেওঁৰ হাত বান্ধা অৱস্থাত আছে আৰু তেওঁ কল্যাণ কৰ্ম নকৰে।

• إثبات صفة اليدين، على وجه يليق بذاته وجلاله وعظيم سلطانه.
আল্লাহৰ যে হাত দুখন তাৰ প্ৰমাণ পোৱা গল। কিন্তু তেওঁৰ হাত তেনেকুৱাই, যেনেকুৱা তেওঁৰ ব্যক্তিত্ব, প্ৰতাপ তথা অসীম প্ৰভূত্বৰ বাবে উপযুক্ত।

• الإشارة لما وقع فيه بعض طوائف اليهود من الشقاق والاختلاف والعداوة بينهم نتيجة لكفرهم وميلهم عن الحق.
ইয়াহুদীসকলৰ কিছুমান গোত্ৰ কুফিৰীত লিপ্ত হোৱাৰ ফলত তথা সত্যৰ পৰা আঁতৰি যোৱাৰ কাৰণে সিহঁতৰ মাজত শত্ৰুতা আৰু মতভেদ সৃষ্টি হৈছিল, সেই পিনে ইঙ্গিত দিয়া হৈছে।

 
Translation of the Meanings Verse: (64) Surah: Al-Mā’idah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close