Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (6) Surah: Al-Mā’idah
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا قُمْتُمْ اِلَی الصَّلٰوةِ فَاغْسِلُوْا وُجُوْهَكُمْ وَاَیْدِیَكُمْ اِلَی الْمَرَافِقِ وَامْسَحُوْا بِرُءُوْسِكُمْ وَاَرْجُلَكُمْ اِلَی الْكَعْبَیْنِ ؕ— وَاِنْ كُنْتُمْ جُنُبًا فَاطَّهَّرُوْا ؕ— وَاِنْ كُنْتُمْ مَّرْضٰۤی اَوْ عَلٰی سَفَرٍ اَوْ جَآءَ اَحَدٌ مِّنْكُمْ مِّنَ الْغَآىِٕطِ اَوْ لٰمَسْتُمُ النِّسَآءَ فَلَمْ تَجِدُوْا مَآءً فَتَیَمَّمُوْا صَعِیْدًا طَیِّبًا فَامْسَحُوْا بِوُجُوْهِكُمْ وَاَیْدِیْكُمْ مِّنْهُ ؕ— مَا یُرِیْدُ اللّٰهُ لِیَجْعَلَ عَلَیْكُمْ مِّنْ حَرَجٍ وَّلٰكِنْ یُّرِیْدُ لِیُطَهِّرَكُمْ وَلِیُتِمَّ نِعْمَتَهٗ عَلَیْكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হব বিচৰা, আৰু তেতিয়া যদি তোমালোকে হাদাছে আচগৰ (অজুবিহীন) অৱস্থাত থাকা তেন্তে অজু কৰি লোৱা, (প্ৰথমে) নিজৰ মুখমণ্ডল ধুই লবা আৰু তাৰ পিছত কিলাকুটি লৈকে হাত ধুই লবা, আৰু মূৰ মছেহ কৰিবা আৰু ভৰি ধুই লবা সৰু গাঠি লৈকে। আনহাতে যদি তোমালোকে হাদাছে আকবৰ (যিবোৰ কাৰণত গোছল কৰা জৰুৰী) অৱস্থাত থাকা তেন্তে গোছল কৰিবা। আৰু যদি তোমালোকে অসুস্থ অৱস্থাত থাকা আৰু পানী ব্যৱহাৰৰ ফলত যদি বেমাৰ বেছি হোৱাৰ অথবা সুস্থ হোৱাত পলম হোৱাৰ আশংকা হয়, নাইবা যদি তোমালোক সুস্থ অৱস্থাতে ভ্ৰমণত থাকা অথবা যদি তোমালোক হাদাছে আচগৰ যেনে- মল-মুত্ৰ ত্যাগ কৰাৰ ফলত অজুবিহীন অৱস্থাত থাকা নাইবা হাদাছে আকবৰ যেনে- স্ত্ৰী সহবাস কৰাৰ পিছৰ অৱস্থাত থাকা আৰু যদি পৱিত্ৰতা অৰ্জন কৰিবলৈ পানী বিচাৰি নোপোৱা তেন্তে মাটিৰ দ্বাৰা পৱিত্ৰতা অৰ্জন কৰিবা, নিজৰ দুয়ো হাত মাটিত স্পৰ্শ কৰি মুখমণ্ডল আৰু দুয়ো হাত মছেহ কৰিবা। আল্লাহে তেওঁৰ বিধানৰ জৰিয়তে তোমালোকৰ ক্ষতি সাধন কৰিব নিবিচাৰে, সেই কাৰণে তেওঁ তোমালোকক ক্ষতি হোৱা অৱস্থাত পানী ব্যৱহাৰৰ নিৰ্দেশ দিয়া নাই। এতেকে পানী ব্যৱহাৰত ক্ষতি হোৱাৰ আশংকা থাকিলে নাইবা পানী বিচাৰি নাপালে, ইয়াৰ বিকল্প ব্যৱস্থাও কৰি দিছে, যাতে তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ হয় আৰু তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা তথা যাতে অকৃতজ্ঞ নোহোৱা।
Arabic Tafsirs:
Benefits of the Verses on this page:
• الأصل في الطهارة هو استعمال الماء بالوضوء من الحدث الأصغر، والغسل من الحدث الأكبر.
পৱিত্ৰতাৰ মূল হৈছে পানী ব্যৱহাৰ কৰা। এতেকে হাদাছে আচগৰ হলে অজু কৰা আৰু হাদাছে আকবৰ হলে গোছলৰ জৰিয়তে পৱিত্ৰতা অৰ্জন কৰা।

• في حال تعذر الحصول على الماء، أو تعذّر استعماله لمرض مانع أو برد قارس، يشرع التيمم (بالتراب) لرفع حكم الحدث (الأصغر أو الأكبر).
যদি পানী পোৱা নাযায় অথবা বেমাৰ নাইবা শীতৰ কাৰণে পানী ব্যৱহাৰ কৰাত ক্ষতিৰ আশংকা হলে, এনে ক্ষেত্ৰত হাদাছে আচগৰ বা হাদাছে আকবৰ দূৰ কৰিবলৈ মাটিৰে পৱিত্ৰতা অৰ্জন কৰিব পাৰি।

• الأمر بتوخي العدل واجتناب الجور حتى في معاملة المخالفين.
প্ৰত্যেকৰে লগত ন্যায় কৰাৰ আদেশ দিছে আৰু অন্যায়ৰ পৰা নিষেধ কৰিছে, যদিও সি শত্ৰুৱে নহওঁক কিয়।

 
Translation of the Meanings Verse: (6) Surah: Al-Mā’idah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close