Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (11) Surah: Al-Hujurāt
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا یَسْخَرْ قَوْمٌ مِّنْ قَوْمٍ عَسٰۤی اَنْ یَّكُوْنُوْا خَیْرًا مِّنْهُمْ وَلَا نِسَآءٌ مِّنْ نِّسَآءٍ عَسٰۤی اَنْ یَّكُنَّ خَیْرًا مِّنْهُنَّ ۚ— وَلَا تَلْمِزُوْۤا اَنْفُسَكُمْ وَلَا تَنَابَزُوْا بِالْاَلْقَابِ ؕ— بِئْسَ الِاسْمُ الْفُسُوْقُ بَعْدَ الْاِیْمَانِ ۚ— وَمَنْ لَّمْ یَتُبْ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকৰ মাজৰ কোনো পুৰুষেই অন্য পুৰুষৰ উপহাস কৰা উচিত নহয়, সম্ভৱতঃ যাক উপহাস কৰা হৈছে তেওঁ আল্লাহৰ ওচৰত উপহাসকাৰীসকলতকৈ উত্তম। তথা ফয়চালাও সেই জ্ঞান অনুসাৰেই হ’ব যিটো আল্লাহৰ ওচৰত আছে। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীক উপহাস কৰা উচিত নহয়, কিয়নো যাক উপহাস কৰা হয়, সম্ভৱতঃ তেওঁ আল্লাহৰ দৃষ্টিত উপহাসকাৰিণী বিলাকতকৈ উত্তম। এইদৰে তোমালোকে নিজৰ ভাতৃসকলকো তিৰস্কাৰ নকৰিবা, কাৰণ তেওঁলোক তোমালোকৰেই শ্ৰেণীভুক্ত। লগতে তোমালোকে ইজনে সিজনক বেয়া উপাধিৰে নামাতিবা, যিদৰে আনচাৰসকলৰ কিছুমানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণৰ পূৰ্বে মাতিছিল। তোমালোকৰ মাজৰ যিয়ে এনেকুৱা কৰিব, সি ফাছিক্ব বুলি বিবেচিত হ’ব। ঈমান পোষণ কৰাৰ পিছত ফাছিক্বৰ বৈশিষ্ট্য গাত লৈ ফুৰাটো হৈছে অতি ঘৃণনীয় বৈশিষ্ট্য। যিসকলে এনেকুৱা গুনাহৰ পৰা তাওবা নকৰিব, প্ৰকৃততে সেইসকলে নিজেই নিজৰ ক্ষতি কৰিছে, কাৰণ সিহঁতে গুনাহৰ কামত লিপ্ত হৈ নিজকে ধ্বংসৰ গৰালত ঠেলি দিছে।
Arabic Tafsirs:
Benefits of the Verses on this page:
• وجوب التثبت من صحة الأخبار، خاصة التي ينقلها من يُتَّهم بالفسق.
সংবাদৰ সত্যতা নিৰূপণ কৰাটো বাঞ্চনীয়। বিশেষকৈ যদি কোনো সংবাদ ফাছিক্বসকলৰ দ্বাৰা বিয়পে।

• وجوب الإصلاح بين من يتقاتل من المسلمين، ومشروعية قتال الطائفة التي تصر على الاعتداء وترفض الصلح.
সেইসকল মুছলিমৰ মাজত মিলাপ্ৰীতিৰ বন্ধন সৃষ্টি কৰা অনিবাৰ্য, যিসকলে পৰস্পৰৰ মাজত বিবাদ কৰি আছে। লগতে সেই দলৰ বিপক্ষে যুদ্ধ কৰা উচিত, যি দলে সীমালঙ্ঘন কৰে তথা মীমাংসাত বহিবলৈ প্ৰস্তুত নহয়।

• من حقوق الأخوة الإيمانية: الصلح بين المتنازعين والبعد عما يجرح المشاعر من السخرية والعيب والتنابز بالألقاب.
ঈমানী ভাতৃত্ববোধৰ দাবী হৈছে এই যে, দুটা বিবদমান দলৰ মাজত মীমাংসা কৰি দিয়া উচিত, লগতে উপহাস কৰা, তিৰস্কাৰ কৰা, বেয়া উপাধিৰে মাতা ইত্যাদি কষ্টদায়ক বিষয়ৰ পৰা আঁতৰত থকা উচিত।

 
Translation of the Meanings Verse: (11) Surah: Al-Hujurāt
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close