Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (12) Surah: Al-Fat'h
بَلْ ظَنَنْتُمْ اَنْ لَّنْ یَّنْقَلِبَ الرَّسُوْلُ وَالْمُؤْمِنُوْنَ اِلٰۤی اَهْلِیْهِمْ اَبَدًا وَّزُیِّنَ ذٰلِكَ فِیْ قُلُوْبِكُمْ وَظَنَنْتُمْ ظَنَّ السَّوْءِ ۖۚ— وَكُنْتُمْ قَوْمًا بُوْرًا ۟
ধন-সম্পদ আৰু সন্তান-সন্ততিৰ মাজত ব্যস্ত থকাৰ যি অজুহাত তোমালোকে দাঙি ধৰিছা, সেইটো দৰাচলতে ৰাছুলৰ সৈতে নোযোৱাৰ কাৰণ হ’ব নোৱাৰে। প্ৰকৃততে তোমালোকে ভাৱিছিলা ৰাছুল আৰু তেওঁৰ ছাহাবাসকল আটায়ে ধ্বংস হ’ব; আৰু তেওঁলোক কেতিয়াও মদীনালৈ ঘূৰি আহিব নোৱাৰিব। চয়তানে তোমালোকৰ অন্তৰত এই ধাৰণাটোক সুন্দৰ বনাই দিছিল। লগতে তোমালোকে নিজ প্ৰতিপালকৰ বিষয়েও বেয়া ধাৰণা পোষণ কৰিছিলা যে, তেওঁ কেতিয়াও নিজ ৰাছুলক সহায় নকৰিব। দৰাচলতে তোমালোক হৈছা ধ্বংস হ’বলগীয়া সম্প্ৰদায়, সেইকাৰণেই তোমালোকে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰিছা, আৰু ৰাছুলৰ সৈতে যোৱাৰ পৰা বিৰত আছিলা।
Arabic Tafsirs:
Benefits of the Verses on this page:
• مكانة بيعة الرضوان عند الله عظيمة، وأهلها من خير الناس على وجه الأرض.
আল্লাহৰ ওচৰত বাইআতে ৰিজৱানৰ গুৰুত্ব অধিক। এই বাইআতত অংশগ্ৰহণ কৰা লোকসকল হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট ব্যক্তি।

• سوء الظن بالله من أسباب الوقوع في المعصية وقد يوصل إلى الكفر.
আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাটো হৈছে গুনাহত পতিত হোৱাৰ কাৰণ, আনকি কেতিয়াবা ই কুফৰীত লিপ্ত হোৱাৰো কাৰণ হৈ পৰে।

• ضعاف الإيمان قليلون عند الفزع، كثيرون عند الطمع.
দুৰ্বল ঈমানৰ অধিকাৰী লোকসকলে ভয়ৰ সময়ত পিছুৱাই থাকে আৰু লোভ-লালসাৰ সময়ত আগভাগ লয়।

 
Translation of the Meanings Verse: (12) Surah: Al-Fat'h
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close