Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (3) Surah: Muhammad
ذٰلِكَ بِاَنَّ الَّذِیْنَ كَفَرُوا اتَّبَعُوا الْبَاطِلَ وَاَنَّ الَّذِیْنَ اٰمَنُوا اتَّبَعُوا الْحَقَّ مِنْ رَّبِّهِمْ ؕ— كَذٰلِكَ یَضْرِبُ اللّٰهُ لِلنَّاسِ اَمْثَالَهُمْ ۟
দুয়োটা দলৰ প্ৰতিদান ভিন্ন হোৱাৰ কাৰণ হৈছে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে তেওঁলোকে দৰাচলতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্যৰ অনুসৰণ কৰিছে। দুয়োটা দলৰ কৰ্ম ভিন্ন হোৱাৰ কাৰণে সিহঁতৰ প্ৰতিদানো ভিন্ন। যিদৰে আল্লাহে মুমিন আৰু কাফিৰসকলৰ দুয়োটা দলৰ বিষয়ে স্পষ্ট ফয়চালা শুনাইছে, সেইদৰেই তেওঁ মানুহৰ বাবে উদাহৰণবোৰ উপস্থাপন কৰে, যিবোৰ সিহঁতৰ বাবে প্ৰযোজ্য।
Arabic Tafsirs:
Benefits of the Verses on this page:
• النكاية في العدوّ بالقتل وسيلة مُثْلى لإخضاعه.
কাফিৰসকলক নিয়ন্ত্ৰণ কৰাৰ সৰ্বোত্তম পন্থা হৈছে যুদ্ধক্ষেত্ৰত সিহঁতৰ অধিকাংশ লোকক হত্যা কৰা।

• المن والفداء والقتل والاسترقاق خيارات في الإسلام للتعامل مع الأسير الكافر، يؤخذ منها ما يحقق المصلحة.
ইছলামী নীতি অনুসাৰে কাফিৰ কয়েদীসকলৰ লগত ব্যৱহাৰৰ চাৰিটা বিকল্প আছেঃ ক) মানৱতাৰ ভিত্তিত বিনিময় নোলোৱাকৈ এৰি দিয়া। খ) অৰ্থদণ্ড গ্ৰহণ কৰি এৰি দিয়া। গ) হত্যা কৰা। ঘ) দাস বনাই লোৱা। এই চাৰিওটা নীতি পৰিস্থিতি সাপেক্ষে ইছলামৰ হিত অনুযায়ী অৱলম্বন কৰা হ’ব।

• عظم فضل الشهادة في سبيل الله.
আল্লাহৰ পথত শ্বহীদ হোৱাৰ গুৰুত্ব।

• نصر الله للمؤمنين مشروط بنصرهم لدينه.
মুমিনসকলে আল্লাহৰ সহায় সেই সময়তেই লাভ কৰিব, যেতিয়া তেওঁলোকে আল্লাহৰ দ্বীনৰ সহায় কৰিব।

 
Translation of the Meanings Verse: (3) Surah: Muhammad
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close