Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (35) Surah: An-Nisā’
وَاِنْ خِفْتُمْ شِقَاقَ بَیْنِهِمَا فَابْعَثُوْا حَكَمًا مِّنْ اَهْلِهٖ وَحَكَمًا مِّنْ اَهْلِهَا ۚ— اِنْ یُّرِیْدَاۤ اِصْلَاحًا یُّوَفِّقِ اللّٰهُ بَیْنَهُمَا ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا خَبِیْرًا ۟
হে স্বামী স্ত্ৰীৰ অভিভাৱকসকল! যদি তোমালোকৰ আশংকা হয় যে, সিহঁত দুজনৰ মতানৈক্য, শত্ৰুতা আৰু পৃথকতাৰ সীমা পাব, তেন্তে স্বামীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি আৰু স্ত্ৰীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি প্ৰেৰণ কৰা, যাতে স্বামী স্ত্ৰীৰ মঙ্গল কামনাৰ্থে সিহঁতৰ মাজত বিবাহ বিচ্ছেদ ঘটায় নাইবা বিষয়টো মিলাপ্ৰীতিৰ মাজেৰে মীমাংসা কৰি দিয়ে। মনত ৰখা উচিত যে, স্বামী স্ত্ৰীৰ যুগ্ম জীৱন বাহাল ৰাখি মিলাপ্ৰীতিৰে সমাধান কৰাটোৱে উত্তম। যদি উভয় পক্ষৰ মধ্যস্থতাকাৰীয়ে যুগ্ম জীৱন বাহাল ৰাখিবলৈ প্ৰয়াস কৰে তেন্তে আল্লাহে স্বামী স্ত্ৰীক, ইজনক সিজনৰ নিকটৱৰ্তী কৰি দিব আৰু সিহঁতৰ মতভেদ সমাপ্ত হব। নিশ্চয় বান্দাৰ কোনো বস্তু আল্লাহৰ পৰা গোপন নহয় লগতে তেওঁ সিহঁতৰ অন্তৰৰ বিষয় সম্পৰ্কেও সম্যক অৱগত।
Arabic Tafsirs:
Benefits of the Verses on this page:
• ثبوت قِوَامة الرجال على النساء بسبب تفضيل الله لهم باختصاصهم بالولايات، وبسبب ما يجب عليهم من الحقوق، وأبرزها النفقة على الزوجة.
পুৰুষসকল স্ত্ৰীসকলৰ সংৰক্ষক হোৱাৰ প্ৰমাণ। কাৰণ আল্লাহে পুৰুষসকলক অভিভাৱক হোৱাৰ বৈশিষ্ট্য প্ৰদান কৰিছে, লগতে এই কাৰণেও যে, পুৰুষসকলৰ ওপৰত স্ত্ৰীসকলৰ কেইবাটাও অধিকাৰ অনিবাৰ্য কৰা হৈছে। তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰটো হৈছে স্ত্ৰীৰ ভৰণ-পোষণৰ দায়িত্ব।

• التحذير من البغي وظلم المرأة في التأديب بتذكير العبد بقدرة الله عليه وعلوه سبحانه.
স্ত্ৰীক শাস্তি প্ৰদান কৰাৰ সময়ত তথা সিহঁতৰ প্ৰতি অন্যায় কৰাৰ সময়ত পুৰুষে মনত ৰখা উচিত যে, আল্লাহ তাৰ ওপৰত সৰ্বতোপ্ৰকাৰ শক্তি ৰাখে আৰু তেওঁ সুউচ্চ মহান অতি পৱিত্ৰ।

• التحذير من ذميم الأخلاق، كالكبر والتفاخر والبخل وكتم العلم وعدم تبيينه للناس.
উক্ত আয়াতসমূহৰ দ্বাৰা বেয়া ব্যৱহাৰৰ পৰা সাৱধান কৰা হৈছে, যেনে- অহংকাৰ, দাম্ভিকতা, কৃপণতা আৰু ইল্ম গোপন কৰা তথা মানুহৰ সন্মুখত প্ৰকাশ নকৰা।

 
Translation of the Meanings Verse: (35) Surah: An-Nisā’
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close