Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (25) Surah: An-Nisā’
وَمَنْ لَّمْ یَسْتَطِعْ مِنْكُمْ طَوْلًا اَنْ یَّنْكِحَ الْمُحْصَنٰتِ الْمُؤْمِنٰتِ فَمِنْ مَّا مَلَكَتْ اَیْمَانُكُمْ مِّنْ فَتَیٰتِكُمُ الْمُؤْمِنٰتِ ؕ— وَاللّٰهُ اَعْلَمُ بِاِیْمَانِكُمْ ؕ— بَعْضُكُمْ مِّنْ بَعْضٍ ۚ— فَانْكِحُوْهُنَّ بِاِذْنِ اَهْلِهِنَّ وَاٰتُوْهُنَّ اُجُوْرَهُنَّ بِالْمَعْرُوْفِ مُحْصَنٰتٍ غَیْرَ مُسٰفِحٰتٍ وَّلَا مُتَّخِذٰتِ اَخْدَانٍ ۚ— فَاِذَاۤ اُحْصِنَّ فَاِنْ اَتَیْنَ بِفَاحِشَةٍ فَعَلَیْهِنَّ نِصْفُ مَا عَلَی الْمُحْصَنٰتِ مِنَ الْعَذَابِ ؕ— ذٰلِكَ لِمَنْ خَشِیَ الْعَنَتَ مِنْكُمْ ؕ— وَاَنْ تَصْبِرُوْا خَیْرٌ لَّكُمْ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟۠
হে পুৰুষ সমাজ! তোমালোকৰ মাজৰ যিয়ে আৰ্থিক দুৰ্বলতাৰ কাৰণে স্বাধীন নাৰীক বিবাহ কৰিবলৈ সক্ষম নহয়, সি আনৰ অধীনত থকা দাসীক বিবাহ কৰিব পাৰে যদি সেই দাসী প্ৰকাশ্যভাৱে মুমিনা হয়। আনহাতে প্ৰকৃত ঈমান সম্পৰ্কে আৰু আভ্যন্তৰীণ অৱস্থা সম্পৰ্কে আল্লাহেই ভালকৈ জানে। তোমালোক আৰু সিহঁত, ধৰ্ম আৰু মানৱতাৰ ক্ষেত্ৰত সমান, সেয়ে সিহঁতক বিবাহ কৰিবলৈ লাজ নকৰিবা। সিহঁতৰ লগত সিহঁতৰ মালিকৰ অনুমতি লৈ বিবাহ কৰিবা, লগতে সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া, তাত একো হ্ৰাস নকৰিবা আৰু আদায় দিয়াত অৱহেলা নকৰিবা। কিন্তু এই বিধান তেতিয়া জাৰি হব, যেতিয়া সিহঁত প্ৰকাশ্য ব্যভিচাৰিণী আৰু অবৈধ সম্পৰ্কৰ বাবে গোপনে প্ৰেম-প্ৰীতিত জড়িত নাথাকিব। আনহাতে যদি সিহঁত বিবাহৰ পিছত ব্যভিচাৰত লিপ্ত হয় তেন্তে সিহঁতক স্বাধীন নাৰীৰ অৰ্দ্ধেক দণ্ড প্ৰদান কৰা হব। অৰ্থাৎ পঞ্চাচটা বেত্ৰাঘাত কৰা হব। স্বাধীন নাৰীসকলৰ দৰে সিহঁতক ৰজম (শিল দলিয়াই মৃত্যু প্ৰদান) কৰা নহব। সজচৰিত্ৰ মুছলিম দাসীক বিবাহ কৰাৰ এই অনুমতি সেই ব্যক্তিৰ বাবে, যাৰ ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয় আৰু স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নাই। অথচ দাসীক বিবাহ কৰাতকৈ ধৈৰ্য ধাৰণ কৰা উত্তম, যাতে সন্তান দাসত্বৰ পৰা সুৰক্ষিত থাকে। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। এইটো তেওঁৰ দয়াৰেই বহিঃপ্ৰকাশ যে, স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নথকা অৱস্থাত, যদি ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয়, তেন্তে দাসীক বিবাহ কৰাৰ অনুমতি প্ৰদান কৰিছে।
Arabic Tafsirs:
Benefits of the Verses on this page:
• حُرمة نكاح المتزوجات: حرائر أو إماء حتى تنقضي عدتهن أيًّا كان سبب العدة.
বিবাহিত মহিলা, স্বাধীন হওঁক বা দাসী, সিহঁতক নিকাহ কৰা হাৰাম। যেতিয়া লৈকে স্বামীৰ পৰা পৃথক হৈ ইদ্দত পালন নকৰিব, ইদ্দতৰ সময় সীমা যিমানেই নহওঁক কিয়।

• أن مهر المرأة يتعين بعد الدخول بها، وجواز أن تحط بعض مهرها إذا كان بطيب نفس منها.
আৰু বুজা গল যে, স্ত্ৰীৰ মোহৰ তাইৰ লগত সহবাস কৰাৰ পিছত অনিবাৰ্য হৈ পৰে। আনহাতে স্ত্ৰীয়ে যদি নিজ ইচ্ছাই মোহৰানাৰ কিছু অংশ ক্ষমা কৰি দিয়ে তেন্তে তাই কৰিব পাৰে।

• جواز نكاح الإماء المؤمنات عند عدم القدرة على نكاح الحرائر؛ إذا خاف على نفسه الوقوع في الزنى.
যদি স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নাথাকে আৰু ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয় তেন্তে মুছলিম দাসীক বিবাহ কৰা বৈধ।

• من مقاصد الشريعة بيان الهدى والضلال، وإرشاد الناس إلى سنن الهدى التي تردُّهم إلى الله تعالى.
চৰীয়তৰ উদ্দেশ্যসমূহৰ অন্যতম এটা উদ্দেশ্য হৈছে, হিদায়ত আৰু ভ্ৰষ্টতা স্পষ্ট কৰা লগতে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰিবলৈ হিদায়তৰ পথ দেখুৱা।

 
Translation of the Meanings Verse: (25) Surah: An-Nisā’
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close