Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (24) Surah: An-Nisā’
وَّالْمُحْصَنٰتُ مِنَ النِّسَآءِ اِلَّا مَا مَلَكَتْ اَیْمَانُكُمْ ۚ— كِتٰبَ اللّٰهِ عَلَیْكُمْ ۚ— وَاُحِلَّ لَكُمْ مَّا وَرَآءَ ذٰلِكُمْ اَنْ تَبْتَغُوْا بِاَمْوَالِكُمْ مُّحْصِنِیْنَ غَیْرَ مُسٰفِحِیْنَ ؕ— فَمَا اسْتَمْتَعْتُمْ بِهٖ مِنْهُنَّ فَاٰتُوْهُنَّ اُجُوْرَهُنَّ فَرِیْضَةً ؕ— وَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا تَرٰضَیْتُمْ بِهٖ مِنْ بَعْدِ الْفَرِیْضَةِ ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟
বিবাহিত নাৰীক বিবাহ কৰা তোমালোকৰ বাবে হাৰাম কৰা হৈছে। কিন্তু আল্লাহৰ পথত যুদ্ধ কৰা অৱস্থাত বন্দী হৈ অহা নাৰীসকল এটা হায়েজ পাৰ কৰাৰ পিছত যদি স্পষ্ট হয় যে, তাই গৰ্ভৱতী নহয় তেন্তে তাইৰ লগত সহবাস কৰা তোমালোকৰ বাবে হালাল। এইটো তোমালোকৰ ওপৰত ফৰজ। আল্লাহে ইয়াৰ বাহিৰেও তোমালোকৰ বাবে আন আন নাৰীসকলক বৈধ কৰিছে, যদি তোমালোকে নিজৰ সম্পদ ব্যয় কৰি, হালাল পদ্ধতিৰে, ব্যভিচাৰৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে নিজৰ সন্মান ৰক্ষা কৰিব বিচৰা। কিন্তু যিসকলক নাৰীক বিবাহ কৰি উপকৃত হব বিচৰা, সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া যিটো তোমালোকৰ ওপৰত ফৰজ কৰিছে। কিন্তু যদি ওৱাজীব মোহৰ নিৰ্ধাৰণ কৰাৰ পিছত পৰস্পৰৰ সন্মতিত তাত কোনো কম বেছি কৰা হয় তেন্তে তাত কোনো গুনাহ নাই। নিশ্চয় আল্লাহ সৃষ্টি সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা সিহঁতৰ কোনো বিষয় গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞৱান।
Arabic Tafsirs:
Benefits of the Verses on this page:
• حُرمة نكاح المتزوجات: حرائر أو إماء حتى تنقضي عدتهن أيًّا كان سبب العدة.
বিবাহিত মহিলা, স্বাধীন হওঁক বা দাসী, সিহঁতক নিকাহ কৰা হাৰাম। যেতিয়া লৈকে স্বামীৰ পৰা পৃথক হৈ ইদ্দত পালন নকৰিব, ইদ্দতৰ সময় সীমা যিমানেই নহওঁক কিয়।

• أن مهر المرأة يتعين بعد الدخول بها، وجواز أن تحط بعض مهرها إذا كان بطيب نفس منها.
আৰু বুজা গল যে, স্ত্ৰীৰ মোহৰ তাইৰ লগত সহবাস কৰাৰ পিছত অনিবাৰ্য হৈ পৰে। আনহাতে স্ত্ৰীয়ে যদি নিজ ইচ্ছাই মোহৰানাৰ কিছু অংশ ক্ষমা কৰি দিয়ে তেন্তে তাই কৰিব পাৰে।

• جواز نكاح الإماء المؤمنات عند عدم القدرة على نكاح الحرائر؛ إذا خاف على نفسه الوقوع في الزنى.
যদি স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নাথাকে আৰু ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয় তেন্তে মুছলিম দাসীক বিবাহ কৰা বৈধ।

• من مقاصد الشريعة بيان الهدى والضلال، وإرشاد الناس إلى سنن الهدى التي تردُّهم إلى الله تعالى.
চৰীয়তৰ উদ্দেশ্যসমূহৰ অন্যতম এটা উদ্দেশ্য হৈছে, হিদায়ত আৰু ভ্ৰষ্টতা স্পষ্ট কৰা লগতে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰিবলৈ হিদায়তৰ পথ দেখুৱা।

 
Translation of the Meanings Verse: (24) Surah: An-Nisā’
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close