Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (26) Surah: As-Sajdah
اَوَلَمْ یَهْدِ لَهُمْ كَمْ اَهْلَكْنَا مِنْ قَبْلِهِمْ مِّنَ الْقُرُوْنِ یَمْشُوْنَ فِیْ مَسٰكِنِهِمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ ؕ— اَفَلَا یَسْمَعُوْنَ ۟
ইহঁত অন্ধ হৈ পৰিছে নেকি, ইহঁতে গ'ম পোৱা নাই নেকি যে, ইহঁতৰ পূৰ্বে আমি কিমান উম্মত ধ্বংস কৰিছোঁ?! অথচ ইহঁতে সিহঁতৰ সেই বাসস্থানসমূহৰ মাজেৰে চলাফুৰা কৰে যিবোৰত সিহঁতে ধ্বংস হোৱাৰ পূৰ্বে বাস কৰিছিল। তথাপিও ইহঁতে সিহঁতৰ অৱস্থাৰ পৰা উপদেশ গ্ৰহণ নকৰে। কুফৰ আৰু গুনাহৰ বাবে ধ্বংস হোৱা সেই উম্মতসমূহৰ মাজত নিশ্চয় কেইটামান উপদেশ আছে, যিবোৰৰ দ্বাৰা সিহঁতৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণিত হয়, যিসকল আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ প্ৰেৰিত হৈছিল। আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা এই লোকসকলে কবূল কৰাৰ তথা উপদেশ গ্ৰহণ কৰাৰ উদ্দেশ্যে নুশুনে নেকি?
Arabic Tafsirs:
Benefits of the Verses on this page:
• عذاب الكافر في الدنيا وسيلة لتوبته.
পৃথিৱীত কাফিৰসকলক শাস্তি দিয়াৰ উদ্দেশ্য হৈছে সিহঁতে যাতে তাওবা কৰে।

• ثبوت اللقاء بين نبينا صلى الله عليه وسلم وموسى عليه السلام ليلة الإسراء والمعراج.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছা আলাইহিচ্ছালামৰ লগত ইছৰা আৰু মিৰাজৰ ৰাতি সাক্ষাৎ হোৱাৰ প্ৰমাণ পোৱা গ’ল।

• الصبر واليقين صفتا أهل الإمامة في الدين.
ধৈৰ্য্য আৰু পূৰ্ণবিশ্বাস হৈছে ধৰ্মৰ প্ৰতিনিধিসকলৰ দুটা অন্যতম বৈশিষ্ট্য।

 
Translation of the Meanings Verse: (26) Surah: As-Sajdah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close