Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (47) Surah: Ar-Rūm
وَلَقَدْ اَرْسَلْنَا مِنْ قَبْلِكَ رُسُلًا اِلٰى قَوْمِهِمْ فَجَآءُوْهُمْ بِالْبَیِّنٰتِ فَانْتَقَمْنَا مِنَ الَّذِیْنَ اَجْرَمُوْا ؕ— وَكَانَ حَقًّا عَلَیْنَا نَصْرُ الْمُؤْمِنِیْنَ ۟
হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক তেওঁলোকৰ জাতিৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ যথেষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। তথাপিও সিহঁতে ৰাছুলসকলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিছিল। সেয়ে আমি পাপকৰ্মকাৰী লোকসকলৰ পৰা প্ৰতিশোধ লৈছিলোঁ, আৰু সিহঁতক আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। আনহাতে ৰাছুলসকলক আৰু মুমিনসকলক সেই ধ্বংসৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ মুমিনসকলক ৰক্ষা কৰা আৰু তেওঁলোকক সহায় কৰা আমাৰ ওপৰত অনিবাৰ্য আছিল।
Arabic Tafsirs:
Benefits of the Verses on this page:
• إرسال الرياح، وإنزال المطر، وجريان السفن في البحر: نِعَم تستدعي أن نشكر الله عليها.
বতাহ প্ৰেৰণ কৰা, বৰষুণ অৱতীৰ্ণ কৰা আৰু সাগৰত নৌ-যান চলাচলৰ সুবিধা প্ৰদান কৰা আদি এনেকুৱা নিয়ামত, যিবোৰে আমাৰ পৰা দাবী কৰে যে আমি যেন আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ।

• إهلاك المجرمين ونصر المؤمنين سُنَّة إلهية.
অপৰাধীসকলক ধ্বংস কৰা আৰু মুমিনসকলক সহায় কৰাটো আল্লাহৰ নীতি।

• إنبات الأرض بعد جفافها دليل على البعث.
মৃত ভূমিক জীৱিত কৰি তাত উদ্ভিদ উৎপন্ন কৰাটো হৈছে, আখিৰাতৰ বাবে পুনৰ্জীৱিত কৰাৰ অন্যতম প্ৰমাণ।

 
Translation of the Meanings Verse: (47) Surah: Ar-Rūm
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close