Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (81) Surah: Āl-‘Imrān
وَاِذْ اَخَذَ اللّٰهُ مِیْثَاقَ النَّبِیّٖنَ لَمَاۤ اٰتَیْتُكُمْ مِّنْ كِتٰبٍ وَّحِكْمَةٍ ثُمَّ جَآءَكُمْ رَسُوْلٌ مُّصَدِّقٌ لِّمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهٖ وَلَتَنْصُرُنَّهٗ ؕ— قَالَ ءَاَقْرَرْتُمْ وَاَخَذْتُمْ عَلٰی ذٰلِكُمْ اِصْرِیْ ؕ— قَالُوْۤا اَقْرَرْنَا ؕ— قَالَ فَاشْهَدُوْا وَاَنَا مَعَكُمْ مِّنَ الشّٰهِدِیْنَ ۟
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে সকলো নবীৰ পৰা এই কথা কৈ দৃঢ় অঙ্গীকাৰ লৈছিল যে, মই তোমালোকক যি পুথিয়ে প্ৰদান নকৰো কিয়, যিমান হিকমতেই দান নকৰো কিয়, আৰু যিমানেই সন্মান, প্ৰতিষ্ঠা আৰু পদ প্ৰদান নকৰো কিয়, যেতিয়া তোমালোকৰ ওচৰত মোৰ ফালৰ পৰা এজন নবী আহিব (ইয়াত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বুজোৱা হৈছে) যিজনে তোমালোকৰ ওচৰত থকা পুথি আৰু হিকমতৰ সমৰ্থন কৰে তেন্তে তোমালোকে অৱশ্যে তেওঁৰ কথা মানিবা আৰু তেওঁৰ অনুসৰণকাৰী হৈ তেওঁক সহায় কৰিবা। হে নবীসকল! তোমালোকে এইটো স্বীকাৰ কৰিলানে আৰু মোৰ এই দৃঢ় অঙ্গীকাৰ গ্ৰহণ কৰিলানে? তেওঁলোকে উত্তৰ প্ৰদান কৰি কলেঃ আমি এইটো স্বীকাৰ কৰিলো। আল্লাহে কলেঃ তোমালোকে নিজৰ বাবে আৰু তোমালোকৰ উম্মতৰ বাবে সাক্ষী হৈ থাকা লগতে ময়ো তোমালোকৰ আৰু সিহঁতৰ সাক্ষী হৈ ৰ’লো।
Arabic Tafsirs:
Benefits of the Verses on this page:
• ضلال علماء اليهود ومكرهم في تحريفهم كلام الله، وكذبهم على الناس بنسبة تحريفهم إليه تعالى.
ইয়াহূদী বিদ্যানসকলৰ ভ্ৰষ্টতা আৰু সিহঁতৰ চক্ৰান্তৰ বৰ্ণনা। সিহঁতে আল্লাহৰ বাণী বিকৃত কৰে আৰু এই পৰিবৰ্তনক আল্লাহৰ লগত সম্পৃক্ত কৰি মানুহক প্ৰৱঞ্চনা কৰে।

• كل من يدعي أنه على دين نبي من أنبياء الله إذا لم يؤمن بمحمد عليه الصلاة والسلام فهو ناقض لعهده مع الله تعالى.
যিকোনো নবীৰ ধৰ্মৰ অনুসৰণ কৰাৰ দাবী কৰা ব্যক্তিয়ে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ নকৰে তেন্তে সি আল্লাহৰ অঙ্গীকাৰ ভঙ্গকাৰী।

• أعظم الناس منزلةً العلماءُ الربانيون الذين يجمعون بين العلم والعمل، ويربُّون الناس على ذلك.
মানুহৰ মাজত আটাইতকৈ উচ্চ পদৰ অধিকাৰী সেইজন আলিম, যিজন ইল্ম আৰু আমলৰ ক্ষেত্ৰত উত্কৃষ্ট আৰু যিয়ে মানুহকো ইয়াৰ প্ৰেৰণা দিয়ে।

• أعظم الضلال الإعراض عن دين الله تعالى الذي استسلم له سبحانه الخلائق كلهم بَرُّهم وفاجرهم.
আটাইতকৈ ডাঙৰ ভ্ৰষ্টতা হৈছে আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই লোৱা, যাৰ সন্মুখত ভাল বেয়া সকলো সৃষ্টি নতশিৰ।

 
Translation of the Meanings Verse: (81) Surah: Āl-‘Imrān
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close