Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (196) Surah: Āl-‘Imrān
لَا یَغُرَّنَّكَ تَقَلُّبُ الَّذِیْنَ كَفَرُوْا فِی الْبِلَادِ ۟ؕ
হে নবী! কাফিৰসকলৰ দেশ-বিদেশলৈ অবাধ বিচৰণ আৰু তাত থকা সিহঁতৰ ক্ষমতা লগতে সিহঁতৰ ব্যৱসায়িক প্ৰসাৰতা আৰু ধন-সম্পত্তিৰ বিস্তাৰে যাতে আপোনাক বিচলিত নকৰে। সিহঁতৰ এই অৱস্থাৰ ফলত আপোনাৰ যাতে চিন্তা আৰু শোক অনুভৱ নহয়।
Arabic Tafsirs:
Benefits of the Verses on this page:
• الأذى الذي ينال المؤمن في سبيل الله فيضطره إلى الهجرة والخروج والجهاد من أعظم أسباب تكفير الذنوب ومضاعفة الأجور.
আল্লাহৰ পথত মুমিনসকলে পোৱা সেই কষ্ট, যাৰ ফলত মুমিন বান্দাই হিজৰত কৰিবলৈ তথা ঘৰ-দুৱাৰ এৰিবলৈ আৰু যুদ্ধ কৰিবলৈ বাধ্য হয়, সেই কষ্ট পাপ মাৰ্জনা কৰাৰ আৰু নেকি বৃদ্ধি কৰাৰ অন্যতম কাৰণ।

• ليست العبرة بما قد ينعم به الكافر في الدنيا من المال والمتاع وإن عظم؛ لأن الدنيا زائلة، وإنما العبرة بحقيقة مصيره في الآخرة في دار الخلود.
বিষয় এইটো নহয় যে, কাফিৰসকলে পৃথিৱীত ধন-সম্পত্তি আৰু সূখ-শান্তি উপভোগ কৰি আছে, যদিও সিহঁতৰ সম্পত্তি আৰু সূখ যিমানেই ডাঙৰ নহওঁক কিয়। কিয়নো পৃথিৱী ধ্বংসশীল। বৰং চিন্তনীয় বিষয় এইটো যে, চিৰস্থায়ী ঘৰ আখিৰাতত সিহঁতৰ পৰিণাম কি হ'ব।

• من أهل الكتاب من يشهدون بالحق الذي في كتبهم، فيؤمنون بما أنزل إليهم وبما أنزل على المؤمنين، فهؤلاء لهم أجرهم مرتين.
আহলে কিতাবসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে তেওঁলোকৰ পুথিত থকা সত্যৰ সাক্ষী দিয়ে। এতেকে তেওঁলোকে সেইটোৰ ওপৰতো ঈমান পোষণ কৰে যিটো তেওঁলোকৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল। আৰু সেইটোৰ ওপৰতো যিটো মুমিনসকলৰ ওপৰত অৱতীৰ্ণ হৈছে। এনেকুৱা ব্যক্তিয়ে দ্বিগুন প্ৰতিদান পাব।

• الصبر على الحق، ومغالبة المكذبين به، والجهاد في سبيله، هو سبيل الفلاح في الآخرة.
সত্যৰ ওপৰত ধৈৰ্য ধাৰণ কৰা, আৰু অস্বীকাৰকাৰী সকলৰ লগত মুকাবিলা কৰা লগতে এই পথত যুদ্ধ কৰা, এয়া হৈছে আখিৰাতত পোৱা সফলতাৰ পথ।

 
Translation of the Meanings Verse: (196) Surah: Āl-‘Imrān
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close