Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (101) Surah: Āl-‘Imrān
وَكَیْفَ تَكْفُرُوْنَ وَاَنْتُمْ تُتْلٰی عَلَیْكُمْ اٰیٰتُ اللّٰهِ وَفِیْكُمْ رَسُوْلُهٗ ؕ— وَمَنْ یَّعْتَصِمْ بِاللّٰهِ فَقَدْ هُدِیَ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟۠
তোমালোকে ঈমান আনাৰ পিছত আকৌ কেনেকৈ কুফুৰী কৰিবা, অথচ তোমালোকৰ ওচৰত আছে ঈমানৰ ওপৰত অটল থাকিবলৈ আটাইতকৈ ডাঙৰ উপায়। আল্লাহৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছে আৰু স্বয়ং আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক সেইবোৰ বিশ্লেষণ কৰিছে। এতেকে যিয়ে আল্লাহৰ পুথি আৰু তেওঁৰ ৰাছুলৰ ছুন্নত দৃঢ়ভাৱে খামুচি ধৰিছে তেন্তে নিশ্চিতভাৱে আল্লাহে তাক সেই পোন পথৰ তাওফীক দান কৰিছে যি পথত কোনো বক্ৰতা নাই।
Arabic Tafsirs:
Benefits of the Verses on this page:
• متابعة أهل الكتاب في أهوائهم تقود إلى الضلال والبعد عن دين الله تعالى.
আহলে কিতাবৰ প্ৰবৃত্তিৰ অনুসৰণে মানুহক পথভ্ৰষ্ট আৰু আল্লাহৰ দ্বীনৰ পৰা আঁতৰ কৰি দিয়ে।

• الاعتصام بالكتاب والسُّنَّة والاستمساك بهديهما أعظم وسيلة للثبات على الحق، والعصمة من الضلال والافتراق.
কিতাপ ও ছুন্নতক মজবুত ভাৱে খামুচি ধৰা তথা ইয়াৰ নিয়ম-কানূনসমূহক দৃঢ়ভাৱে ধাৰণ কৰাটো হৈছে সত্যৰ ওপৰত দৃঢ়তা আৰু ভ্ৰষ্টতা আৰু বিভেদৰ পৰা সুৰক্ষিত থকাৰ আটাইতকৈ ডাঙৰ উপায়।

• الافتراق والاختلاف الواقع في هذه الأمة في قضايا الاعتقاد فيه مشابهة لمن سبق من أهل الكتاب.
এই উম্মতৰ ভিতৰত থকা আক্বীদা সম্পৰ্কীয় মতভেদ, আহলে কিতাবসকলৰ মতভেদৰ দৰেই।

• وجوب الأمر بالمعروف والنهي عن المنكر؛ لأن به فلاح الأمة وسبب تميزها.
সত্কৰ্মৰ আদেশ আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা অনিবাৰ্য, কাৰণ ইয়াৰ মাজতেই আছে উম্মতৰ সফলতা আৰু শ্ৰেষ্ঠতা।

 
Translation of the Meanings Verse: (101) Surah: Āl-‘Imrān
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close