Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Surah: Al-Furqān   Verse:
وَالَّذِیْنَ لَا یَدْعُوْنَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ وَلَا یَقْتُلُوْنَ النَّفْسَ الَّتِیْ حَرَّمَ اللّٰهُ اِلَّا بِالْحَقِّ وَلَا یَزْنُوْنَ ۚؕ— وَمَنْ یَّفْعَلْ ذٰلِكَ یَلْقَ اَثَامًا ۟ۙ
তেওঁলোকে আল্লাহৰ সৈতে আন কোনো উপাস্যক আহ্বান নকৰে। লগতে তেওঁলোকে কোনো নিৰপৰাধ ব্যক্তিক হত্যা নকৰে। কিন্তু সেইসকল লোকৰ বাহিৰে যিসকলক হত্যা কৰিবলৈ আল্লাহে অনুমতি প্ৰদান কৰিছে যেনেঃ কোনো হত্যাকাৰী, মুৰতাদ বা ধৰ্ম ত্যাগী, বিবাহিত ব্যভিচাৰী আদি। তেওঁলোকে কেতিয়াও ব্যভিচাৰ নকৰে। এতেকে যিয়ে এই মহাপাপসমূহৰ কোনোবা এটা কৰিব, সি কিয়ামতৰ দিনা তাৰ শাস্তি ভোগ কৰিব।
Arabic Tafsirs:
یُّضٰعَفْ لَهُ الْعَذَابُ یَوْمَ الْقِیٰمَةِ وَیَخْلُدْ فِیْهٖ مُهَانًا ۟ۗۖ
কিয়ামতৰ দিনা তাৰ শাস্তি দ্বিগুণ কৰি দিয়া হ’ব, আৰু সি সেই শাস্তিত লাঞ্ছিত অপমানিত হৈ চিৰকাল অৱস্থান কৰিব।
Arabic Tafsirs:
اِلَّا مَنْ تَابَ وَاٰمَنَ وَعَمِلَ عَمَلًا صَالِحًا فَاُولٰٓىِٕكَ یُبَدِّلُ اللّٰهُ سَیِّاٰتِهِمْ حَسَنٰتٍ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
কিন্তু যিয়ে আল্লাহৰ প্ৰতি তাওবা কৰি উভতি আহিব তথা ঈমান পোষণ কৰিব, লগতে সৎকৰ্ম কৰিব, অৰ্থাৎ অন্তৰৰ পৰা সত্য তাওবা কৰিব, তেন্তে এনেকুৱা লোকৰ গুনাহক আল্লাহে ছোৱাবলৈ ৰূপান্তৰিত কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ গুনাহসমূহ ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
Arabic Tafsirs:
وَمَنْ تَابَ وَعَمِلَ صَالِحًا فَاِنَّهٗ یَتُوْبُ اِلَی اللّٰهِ مَتَابًا ۟
এতেকে যিয়ে আল্লাহৰ ওচৰত তাওবা কৰিব আৰু সেই তাওবাৰ সত্যতাৰ পৰিচায়ক হিচাপে সৎকৰ্ম কৰিব আৰু গুনাহৰ পৰা বিৰত থাকিব তেন্তে নিশ্চিতৰূপে তাৰ তাওবা গ্ৰহণযোগ্য হ’ব।
Arabic Tafsirs:
وَالَّذِیْنَ لَا یَشْهَدُوْنَ الزُّوْرَ ۙ— وَاِذَا مَرُّوْا بِاللَّغْوِ مَرُّوْا كِرَامًا ۟
তেওঁলোকে বাতিল (অসত্য তথা গুনাহৰ) কৰ্মত অংশ গ্ৰহণ নকৰে। উদাহৰণস্বৰূপে হাৰাম খেল-ধেমালি আদি। আৰু যেতিয়া তেওঁলোকে কোনো অযথা অলাগতীয়াল কথা-কৰ্মৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকে নিজকে সেইবোৰ কৰ্মৰ পৰা আঁতৰাই ৰাখে আৰু সজ্জনতাপূৰ্বকভাৱে তাৰ পৰা আঁতৰি যায়।
Arabic Tafsirs:
وَالَّذِیْنَ اِذَا ذُكِّرُوْا بِاٰیٰتِ رَبِّهِمْ لَمْ یَخِرُّوْا عَلَیْهَا صُمًّا وَّعُمْیَانًا ۟
তেওঁলোকক যেতিয়া দৰ্শনমূলক আৰু শ্ৰৱণমূলক আল্লাহৰ কোনো নিদৰ্শনৰ দ্বাৰা শিক্ষা দিয়া হয়, তেতিয়া তেওঁলোকে শ্ৰৱণমূলক আয়াতৰ পৰা শিক্ষা লোৱাৰ ক্ষেত্ৰত নুশুনাৰ ভাও নধৰে, আৰু দৰ্শনমূলক নিদৰ্শনৰ পৰাও চকু মুদি নাথাকে।
Arabic Tafsirs:
وَالَّذِیْنَ یَقُوْلُوْنَ رَبَّنَا هَبْ لَنَا مِنْ اَزْوَاجِنَا وَذُرِّیّٰتِنَا قُرَّةَ اَعْیُنٍ وَّاجْعَلْنَا لِلْمُتَّقِیْنَ اِمَامًا ۟
তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰাৰ সময়ত কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰা, যাৰ তাক্বৱা আৰু সত্যৰ ওপৰত থকা দৃঢ়তা দেখি আমাৰ চকু শীতল হয়। তথা আমাক মুত্ত্বাক্বীসকলৰ প্ৰতিনিধি বনাই দিয়া, যাতে সত্যৰ পথত তেওঁলোকে আমাক অনুসৰণ কৰে।
Arabic Tafsirs:
اُولٰٓىِٕكَ یُجْزَوْنَ الْغُرْفَةَ بِمَا صَبَرُوْا وَیُلَقَّوْنَ فِیْهَا تَحِیَّةً وَّسَلٰمًا ۟ۙ
এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আল্লাহৰ আনুগত্যত অবিচল থকাৰ কাৰণে জান্নাতুল ফিৰদাউচত সুউচ্চ ভৱন প্ৰদান কৰা হ’ব। লগতে তেওঁলোকে তাত ফিৰিস্তাসকলৰ পৰা দুআ-ছালাম লাভ কৰিব। তথা তাত তেওঁলোক সকলো প্ৰকাৰৰ বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব।
Arabic Tafsirs:
خٰلِدِیْنَ فِیْهَا ؕ— حَسُنَتْ مُسْتَقَرًّا وَّمُقَامًا ۟
তেওঁলোকে তাত চিৰকাল অৱস্থান কৰিব। কিমান উৎকৃষ্ট বাসস্থান, য’ত তেওঁলোকে বসবাস কৰিব! তথা সেইটো সৰ্বোৎকৃষ্ট ঠাই, য’ত তেওঁলোকে অৱস্থান কৰিব।
Arabic Tafsirs:
قُلْ مَا یَعْبَؤُا بِكُمْ رَبِّیْ لَوْلَا دُعَآؤُكُمْ ۚ— فَقَدْ كَذَّبْتُمْ فَسَوْفَ یَكُوْنُ لِزَامًا ۟۠
হে ৰাছুল! কুফৰৰ ওপৰত অটল থকা কাফিৰসকলক কৈ দিয়ক, তোমালোকৰ আনুগত্যই মোৰ প্ৰতিপালকক কোনো ধৰণৰ উপকাৰ সাধন নকৰে, বৰং তেওঁ সেইটোৰ প্ৰতি ভ্ৰূক্ষেপো নকৰে। শুনা! যদি তেওঁৰ এনেকুৱা কিছুমান বান্দা নাথাকিলহেঁতেন যিসকলে তেওঁৰ ওচৰত দুআ কৰে, ইবাদতৰ দুআ হওক অথবা কিবা বিচাৰিবলৈ কৰা দুআই হওক, তেন্তে তেওঁ তোমালোকৰ কেতিয়াও ভ্ৰূক্ষেপ নকৰিলেহেঁতেন। কিয়নো তোমালোকৰ ওচৰত ৰাছুলে নিজ প্ৰতিপালকৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে সেইটোক তোমালোকে অস্বীকাৰ কৰিছা। এতেকে এই অস্বীকাৰৰ প্ৰতিফল তোমালোকে অৱশ্যে নিশ্চিতভাৱে লাভ কৰিবা।
Arabic Tafsirs:
Benefits of the Verses on this page:
• من صفات عباد الرحمن: البعد عن الشرك، وتجنُّب قتل الأنفس بغير حق، والبعد عن الزنى، والبعد عن الباطل، والاعتبار بآيات الله، والدعاء.
শ্বিৰ্কৰ পৰা বিৰত থকা, নিৰপৰাধ ব্যক্তিক হত্যাৰ পৰা বিৰত থকা, ব্যভিচাৰৰ পৰা দূৰৈত থকা, অসত্যৰ পৰা দূৰৈত থকা, আল্লাহৰ নিদৰ্শন আদিৰ পৰা শিক্ষা গ্ৰহণ কৰা, দুআ কৰা ইত্যাদি হৈছে ৰহমানৰ প্ৰিয় বান্দাসকলৰ অন্যতম বৈশিষ্ট্য।

• التوبة النصوح تقتضي ترك المعصية وفعل الطاعة.
সত্য তাওবাৰ দাবী হৈছে গুনাহ পৰিত্যাগ কৰা, লগতে সৎকৰ্ম কৰা।

• الصبر سبب في دخول الفردوس الأعلى من الجنة.
ধৈৰ্য্য ধাৰণ কৰাটো হৈছে জান্নাতুল ফিৰদাউচত প্ৰৱেশ কৰাৰ উপায়।

• غنى الله عن إيمان الكفار.
কাফিৰসকলৰ ঈমানৰ পৰা আল্লাহ অমুখাপেক্ষী।

 
Translation of the Meanings Surah: Al-Furqān
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close