Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (92) Surah: Al-Baqarah
وَلَقَدْ جَآءَكُمْ مُّوْسٰی بِالْبَیِّنٰتِ ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ۟
নিশ্চয় মূছা আলাইহিছ ছালাম সত্য নবী হোৱাৰ স্পষ্ট নিদৰ্শন আৰু প্ৰমাণাদি লৈ তোমালোকৰ ওচৰত আহিছিল। আকৌ যেতিয়া মূছা আলাইহিছ ছালামে নিৰ্ধাৰিত সময়ত তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাত কৰিব গল, তেতিয়া তোমালোকে দামুৰি এটাক উপাস্য কৰি লৈছিলা। দৰাচলতে তোমালোকে আল্লাহৰ ইবাদতত আনক অংশীদাৰ কৰি মহা অন্যায় কৰিছিলা। অথচ একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য তেওঁৰ কোনো অংশীদাৰ নাই।
Arabic Tafsirs:
Benefits of the Verses on this page:
• اليهود أعظم الناس حسدًا؛ إذ حملهم حسدهم على الكفر بالله وردِّ ما أنزل، بسبب أن الرسول صلى الله عليه وسلم لم يكن منهم.
ইয়াহুদীসকল হৈছে পৃথিৱীৰ আটাইতকৈ বেছি ঈৰ্ষা পোষণকাৰী সম্প্ৰদায়। কিয়নো সিহঁতৰ ঈৰ্ষাই সিহঁতক কেৱল এই কাৰণে আল্লাহৰ কুফৰী আৰু তেওঁ অৱতীৰ্ণ কৰা পুথি কোৰআনক অস্বীকাৰ কৰিবলৈ উদ্বুদ্ধ কৰে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সিহঁতৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নহয়।

• أن الإيمان الحق بالله تعالى يوجب التصديق بكل ما أَنزل من كتب، وبجميع ما أَرسل من رسل.
আল্লাহৰ প্ৰতি প্ৰকৃত ঈমানৰ দাবী এই যে, তেওঁ অৱতীৰ্ণ কৰা সকলো পুথি আৰু তেওঁ প্ৰেৰণ কৰা সকলো ৰাছুলক সত্য বুলি স্বীকাৰ কৰা।

• من أعظم الظلم الإعراض عن الحق والهدى بعد معرفته وقيام الأدلة عليه.
সত্য তথা হিদায়ত জনাৰ পাছত তাৰ ওপৰত দলীল প্ৰতিষ্ঠা হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লোৱাটো ঘোৰ অন্যায়।

• من عادة اليهود نقض العهود والمواثيق، وهذا ديدنهم إلى اليوم.
প্ৰতিশ্ৰুতি ও অঙ্গীকাৰ ভঙ্গ কৰা ইয়াহুদীসকলৰ স্বভাৱ। আজিও এইটোৱে সিহঁতৰ নীতি।

 
Translation of the Meanings Verse: (92) Surah: Al-Baqarah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close