Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (254) Surah: Al-Baqarah
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَنْفِقُوْا مِمَّا رَزَقْنٰكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا بَیْعٌ فِیْهِ وَلَا خُلَّةٌ وَّلَا شَفَاعَةٌ ؕ— وَالْكٰفِرُوْنَ هُمُ الظّٰلِمُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! ক্বিয়ামত সংঘটিত হোৱাৰ পূৰ্বে আমি প্ৰদান কৰা বিভিন্ন হালাল সম্পদৰ পৰা ব্যয় কৰা। কিয়নো ক্বিয়ামতৰ দিনা লাভদায়ক কোনো ব্যৱসায় নাথাকিব লগতে বিপদৰ পৰা ৰক্ষাকাৰী কোনো বন্ধত্বও কামত নাহিব। লগতে কোনো মধ্যস্ততাও সংকট দূৰ কৰিব নোৱাৰিব আৰু উপকাৰও কৰিব নোৱাৰিব। যেতিয়ালৈকে আল্লাহে কাৰো প্ৰতি সন্তুষ্ট হৈ মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। জানি থোৱা! প্ৰকৃত অন্যায়কাৰী হৈছে কাফিৰসকল কিয়নো সিহঁতে আল্লাহৰ লগত কুফুৰী কৰে।
Arabic Tafsirs:
Benefits of the Verses on this page:
• أن الله تعالى قد فاضل بين رسله وأنبيائه، بعلمه وحكمته سبحانه.
আল্লাহে তেওঁৰ নবী আৰু ৰাছুলসকলৰ মাজত তেওঁৰ জ্ঞান আৰু হিকমত অনুসাৰে প্ৰাধান্য প্ৰদান কৰিছে।

• إثبات صفة الكلام لله تعالى على ما يليق بجلاله، وأنه قد كلم بعض رسله كموسى ومحمد عليهما الصلاة والسلام.
আল্লাহৰ উপযুক্ত বাকশক্তিৰ বিশেষতাৰ প্ৰমাণ। আৰু নিশ্চয় তেওঁ কিছুমান ৰাছুলৰ লগত কথা পাতিছে। যেনে- মূছা আৰু মুহাম্মদ আলাইহিমাছ ছালাতু অচ্ছালাম।

• الإيمان والهدى والكفر والضلال كلها بمشيئة الله وتقديره، فله الحكمة البالغة، ولو شاء لهدى الخلق جميعًا.
ঈমান, হিদায়ত, কুফুৰী আৰু পথভ্ৰষ্টতা এই সকলো আল্লাহৰ ইচ্ছা আৰু তেওঁৰ পৰিমাপ মুতাবিক হয়। তেওঁ পৰম প্ৰজ্ঞাৱান। তেওঁ ইচ্ছা কৰিলে সকলো সৃষ্টিকে হিদায়ত দিলেহেঁতেন।

• آية الكرسي هي أعظم آية في كتاب الله، لما تضمنته من ربوبية الله وألوهيته وبيان أوصافه .
আয়াতুল কুৰছী কোৰআনৰ আটাইতকৈ মহান আয়াত। কিয়নো ইয়াৰ ভিতৰত আল্লাহৰ ৰূবুবিয়্যত, উলুহিয়্যত আৰু গুণাৱলীৰ বিৱৰণ আছে।

• اتباع الإسلام والدخول فيه يجب أن يكون عن رضًا وقَبول، فلا إكراه في دين الله تعالى.
ইছলামৰ অনুসৰণ আৰু তাত প্ৰৱেশ ইচ্ছা আৰু সন্তুষ্টি সহকাৰে হোৱা অনিবাৰ্য। আল্লাহৰ দ্বীনত কোনো জোৰ-জবৰদস্তি নাই।

• الاستمساك بكتاب الله وسُنَّة رسوله أعظم وسيلة للسعادة في الدنيا، والفوز في الآخرة.
আল্লাহৰ কিতাপ আৰু তেওঁৰ ৰাছুলৰ ছুন্নতক মজবুত ভাৱে ধাৰণ কৰা পৃথিৱীত সূখ-শান্তি আৰু আখিৰাতত সফলতাৰ ডাঙৰ মাধ্যম।

 
Translation of the Meanings Verse: (254) Surah: Al-Baqarah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close