Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (246) Surah: Al-Baqarah
اَلَمْ تَرَ اِلَی الْمَلَاِ مِنْ بَنِیْۤ اِسْرَآءِیْلَ مِنْ بَعْدِ مُوْسٰی ۘ— اِذْ قَالُوْا لِنَبِیٍّ لَّهُمُ ابْعَثْ لَنَا مَلِكًا نُّقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ ؕ— قَالَ هَلْ عَسَیْتُمْ اِنْ كُتِبَ عَلَیْكُمُ الْقِتَالُ اَلَّا تُقَاتِلُوْا ؕ— قَالُوْا وَمَا لَنَاۤ اَلَّا نُقَاتِلَ فِیْ سَبِیْلِ اللّٰهِ وَقَدْ اُخْرِجْنَا مِنْ دِیَارِنَا وَاَبْنَآىِٕنَا ؕ— فَلَمَّا كُتِبَ عَلَیْهِمُ الْقِتَالُ تَوَلَّوْا اِلَّا قَلِیْلًا مِّنْهُمْ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ۟
হে নবী! মুছা আলাইহিচ ছালামৰ সময়ৰ পিছত জন্ম গ্ৰহণ কৰা প্ৰমূখসকলৰ খবৰ আপোনাৰ ওচৰত আহি পোৱা নাইনে? যেতিয়া সিহঁতে নিজ নবীক কৈছিলঃ আমাৰ বাবে এজন ৰজা পাতি দিয়ক। আমি তেওঁৰ লগত থাকি আল্লাহৰ পথত যুদ্ধ কৰিম। সিহঁতৰ নবীয়ে সিহঁতক কৈছিলঃ ভাৱি চোৱা! আল্লাহে তোমালোকৰ ওপৰত যুদ্ধ অনিবাৰ্য কৰাৰ পিছত যাতে তোমালোকে যুদ্ধৰ পৰা বিৰত নাথাকা। সিহঁতে নবীৰ ধাৰণাক খণ্ডন কৰি কৈছিলঃ “যুদ্ধৰ সকলো উপকৰণ থকাৰ পিছতো আমি কিয় যুদ্ধৰ পৰা বিৰত থাকিম? অথচ শত্ৰুসকলে আমাক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু আমাৰ সন্তানসকলক বন্দী কৰিছে। সেয়ে আমি নিজ দেশত উভতি যোৱাৰ বাবে আৰু কয়েদীসকলক মুক্ত কৰাৰ বাবে সিহঁতৰ লগত যুদ্ধ কৰিম”। কিন্তু আল্লাহে যুদ্ধ ফৰজ কৰি দিয়াৰ পিছত কিছুসংখ্যক লোকৰ বাহিৰে আন সকলোৱে মুখ ঘূৰাই ল’লে আৰু প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি গ’ল। অথচ আল্লাহে তেওঁৰ আদেশৰ পৰা মুখ ঘূৰাই লোৱা সকলক তথা আৰু তেওঁৰ প্ৰতিশ্ৰুতি ভঙ্গকাৰী অন্যায়কাৰী সকলক ভালকৈ জানে, আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল প্ৰদান কৰিব।
Arabic Tafsirs:
Benefits of the Verses on this page:
• التنبيه إلى أهم صفات القائد التي تؤهله لقيادة الناس؛ وهي العلم بما يكون قائدًا فيه، والقوة عليه.
নেতাৰ বৈশিষ্ট্য, যি গুণে তাক নেতৃত্বৰ উপযুক্ত বনায়। সেয়া হৈছেঃ নেতৃত্ব সম্পৰ্কে সম্যক জ্ঞান আৰু নেতৃত্ব দিয়াৰ ক্ষমতা।

• إرشاد من يتولى قيادة الناس إلى ألا يغتر بأقوالهم حتى يبلوهم، ويختبر أفعالهم بعد أقوالهم.
নেতৃত্ব প্ৰদানকাৰী সকলক এই উপদেশ দিয়া হৈছে যে, মানুহক পৰীক্ষা নকৰাকৈ সিহঁতৰ কথাত ভুল নাযাবা। সিহঁতৰ কথাৰ লগতে কৰ্মৰ পৰীক্ষাৰ লবা।

• أن الاعتبارات التي قد تشتهر بين الناس في وزن الآخرين والحكم عليهم قد لا تكون هي الموازين الصحيحة عند الله تعالى، بل هو سبحانه يصطفي من يشاء من خلقه بحكمته وعلمه.
আনক তুলনা কৰা আৰু সিহঁতৰ বিষয়ে কোনো মন্তব্য কৰাৰ যিটো নিয়ম মানুহৰ মাজত প্ৰচলিত হৈ আছে সেয়া কেতিয়াবা আল্লাহৰ ওচৰত সঠিক বুলি বিবেচিত নহয়। বৰং আল্লাহে তেওঁৰ হিকমত আৰু জ্ঞানৰ জৰিয়তে তেওঁৰ যি বান্দাক ইচ্ছা কৰে তাকেই নিৰ্বাচন কৰে।

 
Translation of the Meanings Verse: (246) Surah: Al-Baqarah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close