Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (219) Surah: Al-Baqarah
یَسْـَٔلُوْنَكَ عَنِ الْخَمْرِ وَالْمَیْسِرِ ؕ— قُلْ فِیْهِمَاۤ اِثْمٌ كَبِیْرٌ وَّمَنَافِعُ لِلنَّاسِ ؗ— وَاِثْمُهُمَاۤ اَكْبَرُ مِنْ نَّفْعِهِمَا ؕ— وَیَسْـَٔلُوْنَكَ مَاذَا یُنْفِقُوْنَ ؕ۬— قُلِ الْعَفْوَؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَتَفَكَّرُوْنَ ۟ۙ
হে নবী! আপোনাৰ সঙ্গী-সাৰথীসকলে মাদক দ্ৰৱ্য ( প্ৰত্যেক সেই বস্তু যিটো সেৱন কৰিলে বা খালে বুদ্ধিমত্তা কাম নকৰা হৈ যায়) সম্পৰ্কে আপোনাক প্ৰশ্ন কৰে। দৰাচলতে সিহঁতে এইবোৰ সেৱন কৰা আৰু কিনা-বেচা সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰে। লগতে সিহঁতে জুৱা সম্পৰ্কেও প্ৰশ্ন কৰে, (জুৱা এনেকুৱা প্ৰতিযোগীতা য’ত দুয়ো পক্ষই ধন বিনিয়োগ কৰে)। আপুনি সিহঁতক জনাই দিয়ক যে, এইবোৰ দ্বীনি আৰু দুনিয়াৱী উভয় দিশতে ক্ষতিকৰ। এইবোৰত ধন-সম্পদ আৰু বুদ্ধিমত্তা বিনষ্ট হয়। লগতে সৃষ্টি হয় হিংসা, বিদ্বেষ আৰু শত্ৰুতা। যদিও ইয়াত সামান্য উপকাৰ নথকা নহয়। যেনে- সম্পদ অৰ্জন। কিন্তু ইয়াৰ উপকাৰতকৈ অপকাৰৰ দিশটো বেছি ডাঙৰ আৰু ক্ষতিকৰ। এতেকে য’ত উপকাৰতকৈ অপকাৰ বেছি, বিবেকৱান ব্যক্তিয়ে তেনেকুৱা বস্তু পৰিহাৰ কৰে। আল্লাহৰ এই বৰ্ণনা দৰাচলতে মাদক দ্ৰৱ্য হাৰাম কৰাৰ ভূমিকাহে। তথা হে নবী! আপোনাৰ ছাহাবাসকলে আপোনাক প্ৰশ্ন কৰে যে, নিজৰ সম্পত্তিৰ কিমান অংশ স্ব-ইচ্চাই দান কৰিব। আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকৰ প্ৰয়োজনতকৈ অতিৰিক্ত ধনৰ পৰা দান কৰা। (এইটো প্ৰাৰাম্ভিক আদেশ আছিল, পিছত আল্লাহে সম্পত্তি অনুপাতে বিশেষ অংশ যাকাত হিচাপে আদায় কৰিবলৈ অনিবাৰ্য কৰিছে)। এনেকুৱা স্পষ্ট বৰ্ণনাৰ দৰেই আল্লাহে তোমালোকৰ বাবে চৰীয়তৰ আদেশ বৰ্ণনা কৰে যাতে তোমালোকে গৱেষণা কৰা।
Arabic Tafsirs:
Benefits of the Verses on this page:
• الجهل بعواقب الأمور قد يجعل المرء يكره ما ينفعه ويحب ما يضره، وعلى المرء أن يسأل الله الهداية للرشاد.
কাৰ্যৰ পৰিণাম নজনাৰ কাৰণে কেতিয়াবা মানুহে উপকাৰী বস্তুকো অপছন্দ কৰিবলৈ ধৰে আনহাতে ক্ষতিকৰ বস্তুক পছন্দ কৰে। সেয়ে আল্লাহৰ ওচৰত সৎ পথৰ হিদায়তৰ বাবে দুআ কৰা উচিত।

• جاء الإسلام بتعظيم الحرمات والنهي عن الاعتداء عليها، ومن أعظمها صد الناس عن سبيل الله تعالى.
ইছলামে সন্মানিত বস্তুক মৰ্যদা দিবলৈ শিকায় আৰু সেই বিষয়ে সীমালংঘন কৰিবলৈ নিষেধ কৰে। আৰু আটাইতকৈ ডাঙৰ সীমালংঘন হৈছে মানুহক আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰা।

• لا يزال الكفار أبدًا حربًا على الإسلام وأهله حتَّى يخرجوهم من دينهم إن استطاعوا، والله موهن كيد الكافرين.
কাফিৰসকলে সদায় ইছলাম আৰু মুছলিমৰ বিৰুদ্ধে যুদ্ধ কৰি যাব, যেতিয়ালৈকে সিহঁতে তেওঁলোকক সাধ্যানুযায়ী ইছলামৰ পৰা আঁতৰাই নানিব। অথচ আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ কেতিয়াও সফল হ'বলৈ নিদিয়ে।

• الإيمان بالله تعالى، والهجرة إليه، والجهاد في سبيله؛ أعظم الوسائل التي ينال بها المرء رحمة الله ومغفرته.
আল্লাহৰ প্ৰতি ঈমান, তেওঁৰ পিনে হিজৰত আৰু তেওঁৰ পথত জিহাদ কৰা হৈছে আল্লাহৰ কৃপা আৰু ক্ষমা প্ৰাপ্তিৰ মহত্বপূৰ্ণ মাধ্যম।

• حرّمت الشريعة كل ما فيه ضرر غالب وإن كان فيه بعض المنافع؛ مراعاة لمصلحة العباد.
চৰীয়তে মানুহৰ কল্যাণৰ ফালে লক্ষ্য কৰি প্ৰত্যেক সেই বস্তু হাৰাম কৰি দিছে যিটোত ক্ষতিৰ আশংকা বেছি যদিও সেই বস্তুত অকণমান উপকাৰ থাকিব পাৰে।

 
Translation of the Meanings Verse: (219) Surah: Al-Baqarah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close