Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (131) Surah: Al-Baqarah
اِذْ قَالَ لَهٗ رَبُّهٗۤ اَسْلِمْ ۙ— قَالَ اَسْلَمْتُ لِرَبِّ الْعٰلَمِیْنَ ۟
আল্লাহে তেওঁক নিৰ্বাচন কৰাৰ কাৰণ হৈছে, তেওঁ আজ্ঞাপালনত ততাতৈয়াকৈ অগ্ৰসৰ হৈছিল। যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিলঃ “নিৰ্ভেজালভাৱে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ আনগত্যত শিৰ নত কৰা”। তেওঁ নিজ প্ৰতিপালকক উত্তৰ দি কৈছিলঃ “মই বান্দাসকলৰ সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলো যিজন তেওঁলোকৰ জীৱিকাদাতা লগতে তেওঁলোকৰ সকলো কৰ্মৰ নিয়ন্ত্ৰণকাৰী”।
Arabic Tafsirs:
Benefits of the Verses on this page:
• المؤمن المتقي لا يغتر بأعماله الصالحة، بل يخاف أن ترد عليه، ولا تقبل منه، ولهذا يُكْثِرُ سؤالَ الله قَبولها.
আল্লাহক ভয় কৰা মুমিনে কেতিয়াও নেক আমলৰ প্ৰতি ভৰসা নকৰে। তেওঁ এই আশংকা কৰে যে, তেওঁৰ আমল কবুল হয় নে নহয়, নে প্ৰত্যাখ্যান কৰে। সেই কাৰণেই তেওঁ সদায় নিজৰ আমল কবুল হোৱাৰ দুআ কৰে।

• بركة دعوة أبي الأنبياء إبراهيم عليه السلام، حيث أجاب الله دعاءه وجعل خاتم أنبيائه وأفضل رسله من أهل مكة.
নবীসকলৰ পিতা ইব্ৰাহীম আলাইহিছ ছালামৰ দুআৰ বৰকত যে, আল্লাহে তেওঁৰ দুআ কবুল কৰি সৰ্বশেষ তথা অন্তিম নবী মক্কাবাসী সকলৰ মাজৰ পৰা বনাইছে।

• دين إبراهيم عليه السلام هو الملة الحنيفية الموافقة للفطرة، لا يرغب عنها ولا يزهد فيها إلا الجاهل المخالف لفطرته.
কেৱল ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্মই একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত আৰু মানৱ প্ৰকৃতিৰ অনুকূল ধৰ্ম। ইয়াৰ পৰা কেৱল সেই ব্যক্তি বিমুখ হব পাৰে, যিজন মুৰ্খ আৰু নিজ প্ৰকৃতিৰ শত্ৰু।

• مشروعية الوصية للذرية باتباع الهدى، وأخذ العهد عليهم بالتمسك بالحق والثبات عليه.
এই কথা প্ৰমাণ কৰে যে, সন্তানসকলক হিদায়তৰ অনুসৰণৰ উপদেশ দিব লাগে আৰু সত্যক দৃঢ়ভাৱে ধাৰণ কৰাৰ আৰু তাৰ ওপৰত প্ৰতিষ্ঠিত থকাৰ প্ৰতিশ্ৰুতি লব লাগে।

 
Translation of the Meanings Verse: (131) Surah: Al-Baqarah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close