Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Surah: Al-Baqarah   Verse:
وَاقْتُلُوْهُمْ حَیْثُ ثَقِفْتُمُوْهُمْ وَاَخْرِجُوْهُمْ مِّنْ حَیْثُ اَخْرَجُوْكُمْ وَالْفِتْنَةُ اَشَدُّ مِنَ الْقَتْلِ ۚ— وَلَا تُقٰتِلُوْهُمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ حَتّٰی یُقٰتِلُوْكُمْ فِیْهِ ۚ— فَاِنْ قٰتَلُوْكُمْ فَاقْتُلُوْهُمْ ؕ— كَذٰلِكَ جَزَآءُ الْكٰفِرِیْنَ ۟
সিহঁতক য’তেই পোৱা হত্যা কৰা আৰু সিহঁতক সেই ঠাইৰ পৰা বহিষ্কাৰ কৰা য’ৰ সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছিল অৰ্থাৎ মক্কাৰ পৰা। মুমিন ব্যক্তিক তেওঁৰ ধৰ্মৰ পৰা বাধা দিয়া আৰু তেওঁক কুফৰৰ পিনে উভতি যাবলৈ বাধ্য কৰাৰ ফলত যি ফিতনাৰ সৃষ্টি হয় সেয়া হত্যাতকৈও অধিক সাংঘাতিক। আৰু কাবা ঘৰৰ সন্মানৰ খাতিৰত তাৰ ওচৰত কাজিয়া নকৰিবা। কিন্তু যদি সিহঁতে যুদ্ধ আৰম্ভ কৰে তেন্তে সিহঁতক হত্যা কৰা। আৰু এনেকুৱা পৰিণাম- অৰ্থাৎ সন্মানিত মছজিদৰ ওচৰত যুদ্ধ কৰাৰ ফলস্বৰূপে হত্যা- কাফিৰসকলৰ প্ৰতিদান হোৱা উচিত।
Arabic Tafsirs:
فَاِنِ انْتَهَوْا فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ নকৰে আৰু কুফৰৰ পথ ত্যাগ কৰে তেন্তে তোমালোকেও সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ক্ষমা কৰে। সেয়ে তেওঁ বান্দাসকলক বিগত গুনাহৰ বাবেও দায়ী নকৰিব। সিহঁতৰ প্ৰতি দয়া কৰে, সেয়ে তেওঁ সিহঁতক সোনকালে শাস্তি নিদিব।
Arabic Tafsirs:
وَقٰتِلُوْهُمْ حَتّٰی لَا تَكُوْنَ فِتْنَةٌ وَّیَكُوْنَ الدِّیْنُ لِلّٰهِ ؕ— فَاِنِ انْتَهَوْا فَلَا عُدْوَانَ اِلَّا عَلَی الظّٰلِمِیْنَ ۟
আৰু কাফিৰসকলৰ লগত যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে শ্বিৰ্কৰ পৰা, আল্লাহৰ পথত বাধা দিয়াৰ পৰা আৰু কুফৰৰ পৰা বিৰত নাথাকিব। তথা যেতিয়ালৈকে আল্লাহৰ ধৰ্মৰ প্ৰভূত্ব প্ৰতিষ্ঠা নহব। যদি সিহঁতে কুফৰ আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰা এৰি দিয়ে তেন্তে সিহঁতৰ লগত তোমালোকে যুদ্ধ নকৰিবা। কাৰণ কুফৰকাৰীসকল আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰা অত্যাচাৰীসকলৰ বাহিৰে আনৰ লগত শত্ৰুতা পোষণ কৰা উচিত নহয়।
Arabic Tafsirs:
اَلشَّهْرُ الْحَرَامُ بِالشَّهْرِ الْحَرَامِ وَالْحُرُمٰتُ قِصَاصٌ ؕ— فَمَنِ اعْتَدٰی عَلَیْكُمْ فَاعْتَدُوْا عَلَیْهِ بِمِثْلِ مَا اعْتَدٰی عَلَیْكُمْ ۪— وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّ اللّٰهَ مَعَ الْمُتَّقِیْنَ ۟
চন ৭ হিজৰীৰ সন্মানিত মাহ, যি মাহত আল্লাহে তোমালোকক হৰমত প্ৰৱেশ কৰিবলৈ আৰু ওমৰাহ আদায় কৰিবলৈ সুযোগ প্ৰদান কৰিছিল। সেই সন্মানিত মাহৰ পৰিবৰ্তে যিটো ৬ হিজৰীত মুশ্বৰিকসকলে তোমালোকক হৰমত প্ৰৱেশ কৰিবলৈ বাধা দিছিল। দৰাচলতে সকলো প্ৰতিষ্ঠা যেনে- সন্মানিত নগৰ, সন্মানিত মাহ আৰু ইহৰাম- আদিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অত্যাচাৰীসকলৰ পৰা কিচাচ লোৱা হয়। ইয়াৰ মাজত যিয়ে তোমালোকৰ লগত অত্যাচাৰ কৰিব, তাৰ লগত তাৰ অত্যাচাৰ অনুপাতে প্ৰতিশোধ লবা। কিন্তু তুলনাতকৈ অধিক প্ৰতিশোধ নলবা। নিশ্চয় আল্লাহে তেওঁৰ সীমাৰেখা উলংঘনকাৰীক পছন্দ নকৰে। আল্লাহে যিবোৰ কাম কৰিবলৈ আদেশ দিছে, তাত সীমালংঘন নকৰিবা। আৰু জানি থোৱা! নিশ্চয় আল্লাহ সামৰ্থ প্ৰদান আৰু সমৰ্থনৰ জৰিয়তে মুত্ত্বাক্বীসকলৰ লগত থাকে।
Arabic Tafsirs:
وَاَنْفِقُوْا فِیْ سَبِیْلِ اللّٰهِ وَلَا تُلْقُوْا بِاَیْدِیْكُمْ اِلَی التَّهْلُكَةِ ۛۚ— وَاَحْسِنُوْا ۛۚ— اِنَّ اللّٰهَ یُحِبُّ الْمُحْسِنِیْنَ ۟
তথা নিজৰ ধন-সম্পত্তি আল্লাহৰ আনুগত্যত ব্যয় কৰা, যেনে জিহাদ আদিত। লগতে আল্লাহৰ পথত ব্যয় আৰু জিহাদ পৰিত্যাগ কৰি নিজকে ধ্বংসৰ পথত ঠেলি নিদিবা। অথবা নিজক এনেকুৱা কৰ্মত নিয়োজিত নকৰিবা যিটো বিনাশৰ কাৰণ হব। আৰু নিজৰ ইবাদত, লেনদেন আৰু চৰিত্ৰ উত্তম হিচাপে গঢ়ি তোলা। নিশ্চয় আল্লাহে উত্তম চৰিত্ৰৱান লোকক পছন্দ কৰে আৰু তেওঁলোকক মহা প্ৰতিদান দিয়ে, লগতে সুপথত চলাৰ তাওফীক প্ৰদান কৰে।
Arabic Tafsirs:
وَاَتِمُّوا الْحَجَّ وَالْعُمْرَةَ لِلّٰهِ ؕ— فَاِنْ اُحْصِرْتُمْ فَمَا اسْتَیْسَرَ مِنَ الْهَدْیِ ۚ— وَلَا تَحْلِقُوْا رُءُوْسَكُمْ حَتّٰی یَبْلُغَ الْهَدْیُ مَحِلَّهٗ ؕ— فَمَنْ كَانَ مِنْكُمْ مَّرِیْضًا اَوْ بِهٖۤ اَذًی مِّنْ رَّاْسِهٖ فَفِدْیَةٌ مِّنْ صِیَامٍ اَوْ صَدَقَةٍ اَوْ نُسُكٍ ۚ— فَاِذَاۤ اَمِنْتُمْ ۥ— فَمَنْ تَمَتَّعَ بِالْعُمْرَةِ اِلَی الْحَجِّ فَمَا اسْتَیْسَرَ مِنَ الْهَدْیِ ۚ— فَمَنْ لَّمْ یَجِدْ فَصِیَامُ ثَلٰثَةِ اَیَّامٍ فِی الْحَجِّ وَسَبْعَةٍ اِذَا رَجَعْتُمْ ؕ— تِلْكَ عَشَرَةٌ كَامِلَةٌ ؕ— ذٰلِكَ لِمَنْ لَّمْ یَكُنْ اَهْلُهٗ حَاضِرِی الْمَسْجِدِ الْحَرَامِ ؕ— وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟۠
হজ্জ আৰু ওমৰাহ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে আদায় কৰা। যদি বেমাৰ-আজাৰ অথবা শত্ৰু নাইবা অন্য কোনো কাৰণত হজ্জ ওমৰাহ পালন কৰাত বাধাগ্ৰস্ত হোৱা তেন্তে ইহৰামৰ পৰা হালাল হ'বলৈ কোৰবানী এটা দিব লাগিব; উট, গৰু অথবা ছাগলী যিটো উপলব্ধ হয় সেইটোৱে জবেহ কৰিব লাগিব। আৰু মূৰ তেতিয়ালৈকে নুখুৰাবা যেতিয়ালৈকে কোৰবানীৰ জন্তু সেই ঠাইত উপস্থিত নহ'ব যি ঠাইত তাক জবেহ কৰা বৈধ। যদি হৰমত উপস্থিত হোৱাৰ আগতেই বাধা দিয়া হয় তেন্তে সেই ঠাইতে জবেহ কৰা, য’ত বাধা দিয়া হৈছে। কিন্তু যদি হৰমত যাবলৈ বাধাগ্ৰস্ত নোহোৱা তেন্তে কোৰবানীৰ দিনা আৰু তাৰ পিছত তাশ্বৰীকৰ দিনবোৰতো কোৰবানী কৰিব পাৰিবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰৰ চুলিত কোনো অসুবিধা হ'লে; যেনে ওকণি আদি, আৰু ইয়াৰ ফলত সময়ৰ আগতে মূৰ খুৰাবলগীয়া হয় তেন্তে তাৰ বাবে কোনো অসুবিধা নাই। কিন্তু সি ফিদিয়া আদায় দিব লাগিব। ফিদিয়া হিচাপে তিনিটা ৰোজা ৰাখিব লাগিব অথবা মক্কাৰ ৬জন মিছকিনক খাদ্য খোৱাব লাগিব নাইবা এটা ছাগলী জবেহ কৰি মক্কাৰ দৰিদ্ৰসকলৰ মাজত বন্টন কৰিব লাগিব। কিন্তু যদি কোনো ভয়-ভীতিৰ পৰিৱেশ নাথাকে তেন্তে তোমালোকৰ মাজৰ যিয়ে হজ্জৰ মাহবোৰত ওমৰাহ আদায় কৰাৰ পিছত ইহৰাম খুলিব বিচাৰে আৰু হজ্জৰ আগ মূহুৰ্তলৈকে সেইসমূহ বস্তুৰ পৰা উপকৃত হ'ব বিচাৰে যিবোৰ ইহৰাম অৱস্থাত হাৰাম; এনেকুৱা ব্যক্তিয়ে নিজৰ সুবিধা অনুযায়ী কোৰবানী কৰা উচিত, অৰ্থাৎ এটা ছাগলী জবেহ কৰিব, অথবা উট নাইবা গৰুত সাতজন লোক অংশী হ'ব। যদি কোৰবানী দিয়াৰ সামৰ্থ নাথাকে তেন্তে ইয়াৰ পৰিবৰ্তে হজ্জৰ দিনবোৰত তিনিটা ৰোজা ৰাখিব আৰু ঘৰত উভতি অহাৰ পিছত সাতটা ৰোজা ৰাখিব লাগিব। এইদৰে সৰ্বমুঠ দহটা ৰোজা ৰাখিব লাগিব। দৰাচলতে কোৰবানী অথবা ইয়াৰ সামৰ্থ নথকা ব্যক্তিৰ বাবে ৰোজা পালন কৰাৰ অনিবাৰ্যতাৰ লগতে (ওমৰাহ আৰু হজ্জৰ মধ্যৱৰ্তী সময়ত) ইহৰাম খোলাৰ যিটো অনুমতি দিয়া হৈছে সেয়া মক্কাৰ অধিবাসীসকলৰ বাবে নহয়। শুনা! আল্লাহৰ চৰীয়তৰ অনুসৰণৰ লগতে তেওঁৰ সীমাৰেখাক সন্মান কৰি তেওঁক ভয় কৰা। জানি থোৱা! আল্লাহে তেওঁৰ আদেশ লংঘনকাৰীক কঠিন শাস্তি দিয়ে।
Arabic Tafsirs:
Benefits of the Verses on this page:
• مقصود الجهاد وغايته جَعْل الحكم لله تعالى وإزالة ما يمنع الناس من سماع الحق والدخول فيه.
জিহাদৰ উদ্দেশ্য হৈছে আল্লাহৰ আধিপত্য প্ৰতিষ্ঠা কৰা লগতে এনেকুৱা শক্তিক পৰাস্ত কৰা যি শক্তিয়ে মানুহক সত্য শুনিবলৈ আৰু সত্য স্বীকাৰ কৰিবলৈ বাধা প্ৰদান কৰে।

• ترك الجهاد والقعود عنه من أسباب هلاك الأمة؛ لأنه يؤدي إلى ضعفها وطمع العدو فيها.
জিহাদ পৰিত্যাগ কৰা আৰু ইয়াৰ পৰা নিজকে পৃথক কৰা হৈছে এই উম্মতৰ বিনাশৰ অন্যতম কাৰণ। কিয়নো ইয়াৰ ফলত উম্মতৰ মাজত দুৰ্বলতাই দেখা দিয়ে আৰু শত্ৰুসকলে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত মাত মাতিবলৈ দুসাহস কৰে।

• وجوب إتمام الحج والعمرة لمن شرع فيهما، وجواز التحلل منهما بذبح هدي لمن مُنِع عن الحرم.
হজ্জ আৰু ওমৰাহ আৰম্ভ কৰাৰ পিছত সেয়া সম্পূৰ্ণ কৰা অনিবাৰ্য কিন্তু যিয়ে হৰমত যাবলৈ বাধাগ্ৰস্ত হব, সি কোৰবানী কৰি হালাল হোৱা তাৰ বাবে বৈধ।

 
Translation of the Meanings Surah: Al-Baqarah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close