Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (83) Surah: Al-Kahf
وَیَسْـَٔلُوْنَكَ عَنْ ذِی الْقَرْنَیْنِ ؕ— قُلْ سَاَتْلُوْا عَلَیْكُمْ مِّنْهُ ذِكْرًا ۟ؕ
হে ৰাছুল! মুশ্বৰিকসকলে আৰু ইয়াহুদীসকলে আপোনাক পৰীক্ষা কৰাৰ বাবে জুল-কাৰ্ণাইন সম্পৰ্কে সোধ-পোচ কৰে। আপুনি সিহঁতক জনাই দিয়ক যে, মই তোমালোকৰ সন্মুখত তেওঁৰ কিছুমান ঘটনা দাঙি ধৰিম, যাতে তোমালোকে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰা তথা উপদেশ ল'ব পাৰা।
Arabic Tafsirs:
Benefits of the Verses on this page:
• وجوب التأني والتثبت وعدم المبادرة إلى الحكم على الشيء.
কোনো বিষয়ে মন্তব্য কৰাৰ পূৰ্বে সেই বিষয়ে ভালদৰে চিন্তা-চৰ্চা আৰু গৱেষণা কৰি লোৱা উচিত।

• أن الأمور تجري أحكامها على ظاهرها، وتُعَلق بها الأحكام الدنيوية في الأموال والدماء وغيرها.
প্ৰকাশ্য দিশৰ ওপৰত ভিত্তি কৰি সকলো কৰ্মৰ বিধান প্ৰযোজ্য হয়। আৰু প্ৰকাশ্যৰ ভিত্তিতেই ধন-সম্পদ আৰু ৰক্ত সম্পৰ্কীয় সকলো পাৰ্থিৱ বিধান জাৰি হয়।

• يُدْفَع الشر الكبير بارتكاب الشر الصغير، ويُرَاعَى أكبر المصلحتين بتفويت أدناهما.
প্ৰয়োজন অনুসাৰে সৰু গুনাহত লিপ্ত হৈ ডাঙৰ গুনাহক প্ৰতিহত কৰিব পাৰি। আৰু দুটা হিতৰ সৰুটোক পৰিত্যাগ কৰি ডাঙৰটো ৰক্ষা কৰা উচিত।

• ينبغي للصاحب ألا يفارق صاحبه ويترك صحبته حتى يُعْتِبَه ويُعْذِر منه.
এজন বন্ধুৱে আন এজন বন্ধুক তেতিয়ালৈকে আঁতৰাই দিয়া উচিত নহয় যেতিয়ালৈকে সি তাক আশ্বস্ত কৰিব নোৱাৰে অথবা তাৰ আশংকা দূৰ কৰিব নোৱাৰে।

• استعمال الأدب مع الله تعالى في الألفاظ بنسبة الخير إليه وعدم نسبة الشر إليه .
আল্লাহ তাআলাৰ বাবে শব্দৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আদব সহকাৰে কাম লোৱা উচিত, সকলো কল্যাণ তেওঁৰ লগত সম্পৃক্ত কৰা উচিত আৰু অকল্যাণ তেওঁৰ লগত সম্পৃক্ত কৰা অনুচিত।

• أن العبد الصالح يحفظه الله في نفسه وفي ذريته.
এজন নেক বান্দাক আল্লাহে সদায় সুৰক্ষা প্ৰদান কৰে আৰু তেওঁৰ সন্তান-সন্ততিকো।

 
Translation of the Meanings Verse: (83) Surah: Al-Kahf
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close