Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (6) Surah: Al-Isrā’
ثُمَّ رَدَدْنَا لَكُمُ الْكَرَّةَ عَلَیْهِمْ وَاَمْدَدْنٰكُمْ بِاَمْوَالٍ وَّبَنِیْنَ وَجَعَلْنٰكُمْ اَكْثَرَ نَفِیْرًا ۟
তাৰ পিছত যেতিয়া তোমালোকে তাওবা কৰিছিলা হে বনী ইছৰাঈল! আমি তোমালোকক পুনৰ ৰাজত্ব প্ৰদান কৰিছিলো আৰু সেইসকল লোকৰ বিৰুদ্ধে বিজয় প্ৰদান কৰিছিলো যিসকলে তোমালোকক পৰাস্ত কৰি তোমালোকৰ ওপৰত ৰাজত্ব কৰিছিল। তোমালোকৰ ধন কাঢ়ি লোৱাৰ পিছত আমিয়েই তোমালোকক ধন-সম্পদ দান কৰিছিলো, সন্তান-সন্ততি কয়েদী হোৱাৰ পিছত আমিয়েই সিহঁতক ওভোতাই দিছিলো। আৰু আমিয়েই তোমালোকক শত্ৰুৰ বিপক্ষে সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছিলো।
Arabic Tafsirs:
Benefits of the Verses on this page:
• في قوله: ﴿الْمَسْجِدِ الْأَقْصَا﴾: إشارة لدخوله في حكم الإسلام؛ لأن المسجد موطن عبادةِ المسلمين.
আয়াতত {الْمَسْجِدِ الْأَقْصَا} বুলি ইংগিত দিয়া হৈছে যে, এইটো ইছলামী ৰাজত্বৰ অধীনত আহিব। কিয়নো মছজিদ হৈছে মুছলিমসকলৰ ইবাদতস্থল।

• بيان فضيلة الشكر، والاقتداء بالشاكرين من الأنبياء والمرسلين.
কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰী নবী-ৰাছুলসকলৰ অনুসৰণৰ গুৰুত্বৰ বৰ্ণনা।

• من حكمة الله وسُنَّته أن يبعث على المفسدين من يمنعهم من الفساد؛ لتتحقق حكمة الله في الإصلاح.
আল্লাহৰ হিকমত আৰু তেওঁৰ সাধাৰণ নিয়ম হৈছে এই যে, তেওঁ বিপৰ্যয় সৃষ্টিকাৰীসকলক দমন কৰিবলৈ এনেকুৱা লোকক প্ৰেৰণ কৰে যিসকলে বিপৰ্যয় প্ৰতিৰোধ কৰিব পাৰে। যাতে সংশোধন সম্পৰ্কীয় আল্লাহৰ হিকমত সম্পন্ন হয়।

• التحذير لهذه الأمة من العمل بالمعاصي؛ لئلا يصيبهم ما أصاب بني إسرائيل، فسُنَّة الله واحدة لا تتبدل ولا تتحول.
এই উম্মতৰ লোকসকলক গুনাহৰ পৰা সাৱধান কৰা হৈছে, যাতে সিহঁতেও বনী ইছৰাঈলৰ দৰে পৰিস্থিতিৰ সন্মুখীন নহয়। কাৰণ আল্লাহৰ সাধাৰণ নিয়ম সকলোৰে বাবে সমান। সেই নিয়ম পৰিবৰ্তনো নহয় প্ৰতিৰোধও নহয়।

 
Translation of the Meanings Verse: (6) Surah: Al-Isrā’
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close