Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (62) Surah: Hūd
قَالُوْا یٰصٰلِحُ قَدْ كُنْتَ فِیْنَا مَرْجُوًّا قَبْلَ هٰذَاۤ اَتَنْهٰىنَاۤ اَنْ نَّعْبُدَ مَا یَعْبُدُ اٰبَآؤُنَا وَاِنَّنَا لَفِیْ شَكٍّ مِّمَّا تَدْعُوْنَاۤ اِلَیْهِ مُرِیْبٍ ۟
তেওঁক তেওঁৰ জাতিৰ লোকসকলে ক'লেঃ হে ছলেহ! তুমি এই আহ্বানৰ পূৰ্বে আমাৰ মাজত এজন উচ্চ স্থানৰ অধিকাৰী আছিলা। আমি ভাৱিছিলো তুমি এজন বিবেকৱান আৰু সঠিক সিদ্ধান্তৰ অধিকাৰী ব্যক্তি। হে ছলেহ! তুমি আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বাৰণ কৰি আছা নেকি যাৰ উপাসনা আমাৰ পিতৃপুৰুষসকলে কৰিছিল? তুমি যে আমাক কেৱল এক আল্লাহৰ ইবাদত কৰিবলৈ আহ্বান কৰি আছা, ইয়াত আমাৰ সন্দেহ আছে। সেই কাৰণেই আমি তোমাক আল্লাহৰ প্ৰতি মিছা অভিযোগৰ দোষত দোষী বুলি গণ্য কৰো।
Arabic Tafsirs:
Benefits of the Verses on this page:
• من وسائل المشركين في التنفير من الرسل الاتهام بخفة العقل والجنون.
মুশ্বৰিকসকলে মানুহক ৰাছুলসকলৰ পৰা বিৰত ৰাখিবলৈ যিবোৰ মাধ্যম অৱলম্বন কৰিছিল, তাৰে অন্যতম হৈছে, ৰাছুলসকলৰ প্ৰতি এই অপবাদ জাপি দিয়া যে তেওঁলোকৰ বুদ্ধি-ভ্ৰম হৈছে অথবা তেওঁলোক হৈছে উন্মাদ।

• ضعف المشركين في كيدهم وعدائهم، فهم خاضعون لله مقهورون تحت أمره وسلطانه.
মুশ্বৰিকসকলৰ শত্ৰুতা আৰু চক্ৰান্ত অতি দুৰ্বল, কিয়নো সিহঁত অনিচ্ছা সত্তেও আল্লাহৰ সন্মুখত নত হৈ আছে, লগতে সিহঁত তেওঁৰ আদেশ আৰু শাসনৰ অধীনত থাকিবলৈ বাধ্য।

• أدلة الربوبية من الخلق والإنشاء مقتضية لتوحيد الألوهية وترك ما سوى الله.
উদ্ভাৱন আৰু সৃষ্টিয়ে আল্লাহৰ প্ৰভুত্ব প্ৰমাণ কৰে। লগতে এই কথাও প্ৰমাণ কৰে যে, তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য আৰু তেওঁৰ বাহিৰে সকলোৰে ইবাদত পৰিত্যাজ্য।

 
Translation of the Meanings Verse: (62) Surah: Hūd
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close