Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Surah: Al-Kawthar   Verse:

আল-কাউছাৰ

Objectives of the Surah:
بيان منّة الله على نبيه صلى الله عليه وسلم بالخير الكثير؛ والدفاع عنه.
এই কথাৰ বৰ্ণনা যে, আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অসংখ্য কল্যাণৰ দ্বাৰা উপকাৰ কৰিছে আৰু তেওঁক সুৰক্ষা প্ৰদান কৰিছে।

اِنَّاۤ اَعْطَیْنٰكَ الْكَوْثَرَ ۟ؕ
হে ৰাছুল, আমি আপোনাক প্ৰচুৰ কল্যাণ প্ৰদান কৰিছো। তাৰ মাজৰ এটা অন্যতম হৈছে জান্নাতৰ নদী আল-কাউছাৰ।
Arabic Tafsirs:
فَصَلِّ لِرَبِّكَ وَانْحَرْ ۟ؕ
গতিকে এই অনুগ্ৰহ বা অৱদানৰ প্ৰতি আল্লাহৰ কৃতজ্ঞতা পালন কৰি কেৱল তাৰ বাবেই ছালাত আদায় কৰক আৰু কোৰবানী কৰক। যিহেতু সাধাৰণ মুশ্বৰিক সকলৰ অৱস্থা হৈছে সিহঁতৰ মূৰ্তিবোৰৰ বাবে কুৰবানী বা জন্তু বলিদান কৰি সিহঁতৰ নৈকট্য লাভ কৰাত উঠি পৰি লাগি থাকে।
Arabic Tafsirs:
اِنَّ شَانِئَكَ هُوَ الْاَبْتَرُ ۟۠
নিঃ সন্দেহে ৰাছুলৰ সৈতে বিদ্বেষ ৰখা ব্যক্তিয়েই সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত হব।
Arabic Tafsirs:
Benefits of the Verses on this page:
• أهمية الأمن في الإسلام.
ইছলামত শান্তিৰ মহত্ব আৰু গুৰুত্ব।

• الرياء أحد أمراض القلوب، وهو يبطل العمل.
মানুহক দেখুৱাবলৈ কৰা কৰ্ম হৈছে অন্তৰৰ ব্যাধিৰ অন্যতম। যিয়ে মানুহৰ আমল ধ্বংস কৰি পেলায়।

• مقابلة النعم بالشكر يزيدها.
আল্লাহৰ অনুগ্ৰহৰ প্ৰতি কৃতজ্ঞতা পালন কৰিলে সেয়া আৰু বৃদ্ধি হয়।

• كرامة النبي صلى الله عليه وسلم على ربه وحفظه له وتشريفه له في الدنيا والآخرة.
আল্লাহৰ ওচৰত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যদা, তেওঁৰ তৰফৰ পৰা ৰাছুলক সুৰক্ষা প্ৰদান আৰু পৃথিৱী আৰু পৰকালত তেখেতক প্ৰতিষ্ঠা কৰা।

 
Translation of the Meanings Surah: Al-Kawthar
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close