Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (49) Surah: Yūnus
قُلْ لَّاۤ اَمْلِكُ لِنَفْسِیْ ضَرًّا وَّلَا نَفْعًا اِلَّا مَا شَآءَ اللّٰهُ ؕ— لِكُلِّ اُمَّةٍ اَجَلٌ ؕ— اِذَا جَآءَ اَجَلُهُمْ فَلَا یَسْتَاْخِرُوْنَ سَاعَةً وَّلَا یَسْتَقْدِمُوْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কওঁক, স্বয়ং মোৰ নিজৰ ক্ষতি কৰাৰ অধিকাৰ নাই যে, মই মোৰ ক্ষতি সাধন কৰিম অথবা ক্ষতিৰ পৰা নিজকে ৰক্ষা কৰিম। এইদৰে কোনো উপকাৰ কৰাৰো অধিকাৰ নাই যে, নিজৰে কিবা উপকাৰ সাধিম। তেনে ক্ষেত্ৰত, মই আনক কিদৰে উপকাৰ কৰিম বা অপকাৰ কৰিম? সেইটোৱে হয় যিটো আল্লাহে ইচ্ছা কৰে। তেন্তে অদৃশ্যৰ জ্ঞান মই কেনেকৈ আয়ত্ব কৰিম? প্ৰত্যেক সম্প্ৰদায়, যাক আল্লাহে ধ্বংস কৰিব বুলি সতৰ্ক কৰিছে, সেই সম্প্ৰদায় বিনাশৰ এটা সময় নিৰ্ধাৰিত আছে, ইয়াৰ সঠিক জ্ঞান কেৱল আল্লাহৰ ওচৰত আছে। এতেকে যেতিয়া তাৰ বিনাশৰ সময় আহি পৰে তেতিয়া অলপো আগুৱাইও নাহে আৰু অলপো পিছুৱাইয়ো নাযায়।
Arabic Tafsirs:
Benefits of the Verses on this page:
• الإنسان هو الذي يورد نفسه موارد الهلاك، فالله مُنَزَّه عن الظلم.
মানুহে নিজেই নিজকে বিনাশৰ পথত পৰিচালিত কৰে, অন্যথা আল্লাহে কেতিয়াও কাৰো প্ৰতি অন্যায় নকৰে।

• مهمة الرسول هي التبليغ للمرسل إليهم، والله يتولى حسابهم وعقابهم بحكمته، فقد يعجله في حياة الرسول أو يؤخره بعد وفاته.
ৰাছুলৰ দায়িত্ব হৈছে যিসকলৰ ওচৰলৈ তেওঁক প্ৰেৰণ কৰা হৈছে সিহঁতক বাৰ্তা পৌঁচাই দিয়া। আনহাতে আল্লাহে নিজৰ হিকমত অনুযায়ী সিহঁতৰ হিচাপ লব আৰু প্ৰতিফল দিব। কেতিয়াবা ৰাছুলৰ জীৱনকালত, আকৌ কেতিয়াবা ৰাছুলৰ মৃত্যুৰ পিছত।

• النفع والضر بيد الله عز وجل، فلا أحد من الخلق يملك لنفسه أو لغيره ضرًّا ولا نفعًا.
উপকাৰ আৰু অপকাৰৰ অধিকাৰ সৰ্বশক্তিমান আল্লাহৰ হাতত। কোনো ব্যক্তিয়ে স্বয়ং নিজৰ বাবে লাভ অথবা ক্ষতিৰ অধিকাৰ নাৰাখে।

• لا ينفع الإيمان صاحبه عند معاينة الموت.
মৃত্যু দেখাৰ পিছত ঈমান পোষণ কৰিলে, সেই ঈমানে কোনো উপকাৰ সাধন নকৰে।

 
Translation of the Meanings Verse: (49) Surah: Yūnus
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close