Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (27) Surah: Yūnus
وَالَّذِیْنَ كَسَبُوا السَّیِّاٰتِ جَزَآءُ سَیِّئَةٍ بِمِثْلِهَا ۙ— وَتَرْهَقُهُمْ ذِلَّةٌ ؕ— مَا لَهُمْ مِّنَ اللّٰهِ مِنْ عَاصِمٍ ۚ— كَاَنَّمَاۤ اُغْشِیَتْ وُجُوْهُهُمْ قِطَعًا مِّنَ الَّیْلِ مُظْلِمًا ؕ— اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
যিসকলে কুফৰ তথা পাপকৰ্মৰ দৰে অপকৰ্ম কৰিছে, সিহঁতে কৰা অপকৰ্মৰ প্ৰতিদান স্বৰূপে সিহঁতে আল্লাহৰ ওচৰত সেই অনুপাতেই শাস্তি ভোগ কৰিব। সিহঁতৰ চেহেৰাক তিৰস্কাৰ আৰু অপমানে আচ্ছন্ন কৰিব। আল্লাহে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিব, তেতিয়া কোনেও সিহঁতক তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, এনেকুৱা লাগিব যেনিবা সিহঁতৰ মুখমণ্ডলত অন্ধকাৰ ৰাতিৰ এন্ধাৰে বেৰি ধৰিছে, কাৰণ সিহঁতক জাহান্নামৰ ধোঁৱা আৰু অন্ধকাৰে আৱৰি ৰাখিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকল হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ'ব।
Arabic Tafsirs:
Benefits of the Verses on this page:
• أعظم نعيم يُرَغَّب به المؤمن هو النظر إلى وجه الله تعالى.
আটাইতকৈ ডাঙৰ নিয়ামত, যিটোৰ জৰিয়তে মুমিনসকলক উৎসাহিত কৰা হয়, সেয়া হৈছে আল্লাহৰ সন্মানিত চেহেৰা দৰ্শন।

• بيان قدرة الله، وأنه على كل شيء قدير.
আল্লাহৰ ক্ষমতাৰ বৰ্ণনা, আৰু এই কথাৰ বৰ্ণনা যে, তেওঁ সকলো বিষয়ত ক্ষমতাৱান।

• التوحيد في الربوبية والإشراك في الإلهية باطل، فلا بد من توحيدهما معًا.
ৰূবুবিয়্যাতৰ ক্ষেত্ৰত তেওঁ একক, ইবাদতৰ ক্ষেত্ৰত কোনো ধৰণৰ অংশীদাৰ গ্ৰহণযোগ্য নহয়। উভয় ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা অনিবাৰ্য।

• إذا قضى الله بعدم إيمان قوم بسبب معاصيهم فإنهم لا يؤمنون.
যদি আল্লাহে কোনো সম্প্ৰদায় সম্পৰ্কে সিহঁতে কৰা গুনাহৰ ফলত ঈমান পোষণ নকৰাৰ ফয়চালা দিয়ে তেন্তে সিহঁত কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব।

 
Translation of the Meanings Verse: (27) Surah: Yūnus
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close