Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman * - Sadržaj prijevodā

PDF XML CSV Excel API
Please review the Terms and Policies

Prijevod značenja Sura: El-Kasas   Ajet:
فَلَمَّا جَآءَهُمْ مُّوْسٰی بِاٰیٰتِنَا بَیِّنٰتٍ قَالُوْا مَا هٰذَاۤ اِلَّا سِحْرٌ مُّفْتَرًی وَّمَا سَمِعْنَا بِهٰذَا فِیْۤ اٰبَآىِٕنَا الْاَوَّلِیْنَ ۟
এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলোঁ’।
Tefsiri na arapskom jeziku:
وَقَالَ مُوْسٰی رَبِّیْۤ اَعْلَمُ بِمَنْ جَآءَ بِالْهُدٰی مِنْ عِنْدِهٖ وَمَنْ تَكُوْنُ لَهٗ عَاقِبَةُ الدَّارِ ؕ— اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟
আৰু মুছাই ক’লে, ‘মোৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম শুভ হ’ব। নিশ্চয় যালিমসকল সফল নহ’ব’।
Tefsiri na arapskom jeziku:
وَقَالَ فِرْعَوْنُ یٰۤاَیُّهَا الْمَلَاُ مَا عَلِمْتُ لَكُمْ مِّنْ اِلٰهٍ غَیْرِیْ ۚ— فَاَوْقِدْ لِیْ یٰهَامٰنُ عَلَی الطِّیْنِ فَاجْعَلْ لِّیْ صَرْحًا لَّعَلِّیْۤ اَطَّلِعُ اِلٰۤی اِلٰهِ مُوْسٰی ۙ— وَاِنِّیْ لَاَظُنُّهٗ مِنَ الْكٰذِبِیْنَ ۟
ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইট তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, সম্ভৱতঃ তাত উঠি মই মুছাৰ ইলাহক ভূমুকি মাৰি চাব পাৰিম। কিন্তু মোৰ মতে সি হৈছে এজন মিছলীয়া’।
Tefsiri na arapskom jeziku:
وَاسْتَكْبَرَ هُوَ وَجُنُوْدُهٗ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَظَنُّوْۤا اَنَّهُمْ اِلَیْنَا لَا یُرْجَعُوْنَ ۟
ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাবিছিল যে, সিহঁতক আমাৰ ওচৰলৈ ওভতাই অনা নহ’ব।
Tefsiri na arapskom jeziku:
فَاَخَذْنٰهُ وَجُنُوْدَهٗ فَنَبَذْنٰهُمْ فِی الْیَمِّ ۚ— فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الظّٰلِمِیْنَ ۟
সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক কৰায়ত্ত কৰি সাগৰত নিক্ষেপ কৰিলোঁ। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা আছিল!
Tefsiri na arapskom jeziku:
وَجَعَلْنٰهُمْ اَىِٕمَّةً یَّدْعُوْنَ اِلَی النَّارِ ۚ— وَیَوْمَ الْقِیٰمَةِ لَا یُنْصَرُوْنَ ۟
আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলোঁ; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক অকণো সহায় কৰা নহ’ব।
Tefsiri na arapskom jeziku:
وَاَتْبَعْنٰهُمْ فِیْ هٰذِهِ الدُّنْیَا لَعْنَةً ۚ— وَیَوْمَ الْقِیٰمَةِ هُمْ مِّنَ الْمَقْبُوْحِیْنَ ۟۠
এই পৃথিৱীত আমি সিহঁতৰ পিছত লগাই দিছিলোঁ অভিসম্পাত, আৰু কিয়ামতৰ দিনা সিহঁত হ’ব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত।
Tefsiri na arapskom jeziku:
وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ مِنْ بَعْدِ مَاۤ اَهْلَكْنَا الْقُرُوْنَ الْاُوْلٰی بَصَآىِٕرَ لِلنَّاسِ وَهُدًی وَّرَحْمَةً لَّعَلَّهُمْ یَتَذَكَّرُوْنَ ۟
আৰু নিশ্চয় পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, (যিখন আছিল) মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
Tefsiri na arapskom jeziku:
 
Prijevod značenja Sura: El-Kasas
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman - Sadržaj prijevodā

Preveo ju je Refikulislam Habiburrahman.

Zatvaranje