Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman * - Sadržaj prijevodā

PDF XML CSV Excel API
Please review the Terms and Policies

Prijevod značenja Sura: El-Kasas   Ajet:
قُلْ اَرَءَیْتُمْ اِنْ جَعَلَ اللّٰهُ عَلَیْكُمُ الَّیْلَ سَرْمَدًا اِلٰی یَوْمِ الْقِیٰمَةِ مَنْ اِلٰهٌ غَیْرُ اللّٰهِ یَاْتِیْكُمْ بِضِیَآءٍ ؕ— اَفَلَا تَسْمَعُوْنَ ۟
কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিৰ অন্ধকাৰক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে (দিনৰ) পোহৰ আনি দিব পাৰিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?
Tefsiri na arapskom jeziku:
قُلْ اَرَءَیْتُمْ اِنْ جَعَلَ اللّٰهُ عَلَیْكُمُ النَّهَارَ سَرْمَدًا اِلٰی یَوْمِ الْقِیٰمَةِ مَنْ اِلٰهٌ غَیْرُ اللّٰهِ یَاْتِیْكُمْ بِلَیْلٍ تَسْكُنُوْنَ فِیْهِ ؕ— اَفَلَا تُبْصِرُوْنَ ۟
কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব পাৰিব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’?
Tefsiri na arapskom jeziku:
وَمِنْ رَّحْمَتِهٖ جَعَلَ لَكُمُ الَّیْلَ وَالنَّهَارَ لِتَسْكُنُوْا فِیْهِ وَلِتَبْتَغُوْا مِنْ فَضْلِهٖ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟
তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন সৃষ্টি কৰিছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
Tefsiri na arapskom jeziku:
وَیَوْمَ یُنَادِیْهِمْ فَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تَزْعُمُوْنَ ۟
আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?
Tefsiri na arapskom jeziku:
وَنَزَعْنَا مِنْ كُلِّ اُمَّةٍ شَهِیْدًا فَقُلْنَا هَاتُوْا بُرْهَانَكُمْ فَعَلِمُوْۤا اَنَّ الْحَقَّ لِلّٰهِ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟۠
আৰু আমি প্ৰত্যেক জাতিৰ পৰাই একোজনকৈ সাক্ষী উলিয়াই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই, আৰু সিহঁতে যিবোৰক (উপাস্য বুলি) মিছা ৰটনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব।
Tefsiri na arapskom jeziku:
اِنَّ قَارُوْنَ كَانَ مِنْ قَوْمِ مُوْسٰی فَبَغٰی عَلَیْهِمْ ۪— وَاٰتَیْنٰهُ مِنَ الْكُنُوْزِ مَاۤ اِنَّ مَفَاتِحَهٗ لَتَنُوْٓاُ بِالْعُصْبَةِ اُولِی الْقُوَّةِ ۗ— اِذْ قَالَ لَهٗ قَوْمُهٗ لَا تَفْرَحْ اِنَّ اللّٰهَ لَا یُحِبُّ الْفَرِحِیْنَ ۟
নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আমি তাক দান কৰিছিলোঁ ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবি বহন কৰিবলৈও এদল শক্তিশালী মানুহৰ পক্ষে কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকসকলক পছন্দ নকৰে।
Tefsiri na arapskom jeziku:
وَابْتَغِ فِیْمَاۤ اٰتٰىكَ اللّٰهُ الدَّارَ الْاٰخِرَةَ وَلَا تَنْسَ نَصِیْبَكَ مِنَ الدُّنْیَا وَاَحْسِنْ كَمَاۤ اَحْسَنَ اللّٰهُ اِلَیْكَ وَلَا تَبْغِ الْفَسَادَ فِی الْاَرْضِ ؕ— اِنَّ اللّٰهَ لَا یُحِبُّ الْمُفْسِدِیْنَ ۟
‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।
Tefsiri na arapskom jeziku:
 
Prijevod značenja Sura: El-Kasas
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman - Sadržaj prijevodā

Preveo ju je Refikulislam Habiburrahman.

Zatvaranje