Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አንፋል   አንቀፅ:
وَاَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ وَلَا تَنَازَعُوْا فَتَفْشَلُوْا وَتَذْهَبَ رِیْحُكُمْ وَاصْبِرُوْا ؕ— اِنَّ اللّٰهَ مَعَ الصّٰبِرِیْنَ ۟ۚ
তোমালোকে কথা, কৰ্মত আৰু প্ৰত্যেক অৱস্থাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণক মজবুতভাৱে ধাৰণ কৰা, লগতে নিজৰ মাজত মতভেদ সৃষ্টি নকৰিবা। কিয়নো মতভেদ হ'লে তোমালোক দুৰ্বল হৈ যাবা, তোমালোকৰ মাজত কাপুৰুষতা আহি পৰিব, লগতে তোমালোকৰ শক্তি লোপ পাব। এতেকে শত্ৰুৰ লগত মুকাবিলাৰ সময়ত ধৈৰ্য ধাৰণ কৰিবা। নিশ্চয় আল্লাহ ধৈৰ্য ধাৰণকাৰীসকলৰ লগত আছে। তেওঁলোকক সহায়-সহযোগিতা কৰে। আল্লাহে যিসকলক সহায় কৰে, প্ৰকৃততে তেওঁলোকে বিজয় প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত।
ዓረብኛ ተፍሲሮች:
وَلَا تَكُوْنُوْا كَالَّذِیْنَ خَرَجُوْا مِنْ دِیَارِهِمْ بَطَرًا وَّرِئَآءَ النَّاسِ وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ ؕ— وَاللّٰهُ بِمَا یَعْمَلُوْنَ مُحِیْطٌ ۟
আৰু সেইসকল লোকৰ দৰে নহ'বা, যিসকলে মক্কাৰ পৰা অহংকাৰ কৰি তথা মানুহক দেখুৱাবলৈ ওলাই আহিছিল। সিহঁতে মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখে আৰু ইছলামত প্ৰৱেশ কৰিবলৈ বাধা দিয়ে, আল্লাহে সিহঁতৰ সকলো কৰ্মক পৰিবেষ্টন কৰি আছে, সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
وَاِذْ زَیَّنَ لَهُمُ الشَّیْطٰنُ اَعْمَالَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ الْیَوْمَ مِنَ النَّاسِ وَاِنِّیْ جَارٌ لَّكُمْ ۚ— فَلَمَّا تَرَآءَتِ الْفِئَتٰنِ نَكَصَ عَلٰی عَقِبَیْهِ وَقَالَ اِنِّیْ بَرِیْٓءٌ مِّنْكُمْ اِنِّیْۤ اَرٰی مَا لَا تَرَوْنَ اِنِّیْۤ اَخَافُ اللّٰهَ ؕ— وَاللّٰهُ شَدِیْدُ الْعِقَابِ ۟۠
হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা, যেতিয়া চয়তানে মুশ্বৰিকসকলৰ বাবে সিহঁতৰ কৰ্মক সৌন্দৰ্যময় কৰি দিছিল, আৰু সিহঁতক মুছলিমসকলৰ লগত যুদ্ধ কৰিবলৈ প্ৰেৰণা দি কৈছিল যে, আজি তোমালোকক কোনেও পৰাজিত কৰিব নোৱাৰে। মই তোমালোকৰ সহায়ক, তোমালোকক শত্ৰুৰ পৰা ৰক্ষা কৰিম। এতেকে যেতিয়া উভয় দল মুখামুখি হ'ল, এফালে মুমিনসকল আছিল, তেওঁলোকক সহায় কৰিবলৈ ফিৰিস্তাসকল উপস্থিত আছিল, আনফালে আছিল মুশ্বৰিকসকলৰ দল, সিহঁতৰ লগত আছিল চয়তান, সি অচিৰেই সিহঁতক লাঞ্ছিত কৰিব। ঠিক সেই সময়তে চয়তান সিহঁতক এৰি পলায়ন কৰিলে আৰু মুশ্বৰিকসকলক ক'লেঃ তোমালোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই ফিৰিস্তাসকলক দেখি আছো যিসকলে মুমিনসকলক সহায় কৰিবলৈ আহিছে। এতেকে মোৰ আশংকা হৈছে, আল্লাহে মোক ধ্বংস কৰিব পাৰে। কিয়নো আল্লাহ বৰ কঠোৰ শাস্তি প্ৰদানকাৰী। সেয়ে তেওঁৰ শাস্তি কোনেও সহ্য কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اِذْ یَقُوْلُ الْمُنٰفِقُوْنَ وَالَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ غَرَّ هٰۤؤُلَآءِ دِیْنُهُمْ ؕ— وَمَنْ یَّتَوَكَّلْ عَلَی اللّٰهِ فَاِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟
তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া মুনাফিক তথা দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তিসকলে কৈ আছিল যে, এই মুছলিমসকলক সিহঁতৰ ধৰ্মই সংখ্যালঘু তথা অস্ত্ৰ পাতি কম থকাৰ পিছতো সংখ্যাগৰিষ্ঠ তথা সসস্ত্ৰ বাহিনীৰ লগত বিজয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰৱঞ্চনা কৰিছে। এনেকু মন্তব্যকাৰী ব্যক্তিসকলে আচলতে এই কথা নাজানে যে, যি ব্যক্তিয়ে এক আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু তেওঁৰ সহায়ৰ প্ৰতিশ্ৰুতিক সত্য বুলি স্বীকাৰ কৰিব, তেন্তে আল্লাহে নিশ্চয় তাক সহায় কৰিব, আল্লাহে কেতিয়াও তাক অসহায় অৱস্থাত নেৰিব, যদিও সি অকলশৰীয়া হয়। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
وَلَوْ تَرٰۤی اِذْ یَتَوَفَّی الَّذِیْنَ كَفَرُوا الْمَلٰٓىِٕكَةُ یَضْرِبُوْنَ وُجُوْهَهُمْ وَاَدْبَارَهُمْ ۚ— وَذُوْقُوْا عَذَابَ الْحَرِیْقِ ۟
হে ৰাছুল! আপুনি যদি আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী বিলাকক সেই সময়ত দেখিলেহেঁতেন, যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰি আছিল, এতেকে যেতিয়া সিহঁতে আগুৱাই আছিল তেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডলত আঘাত কৰি আছিল, আৰু যেতিয়া পলায়ন কৰিবলৈ দৌৰিছিল তেতিয়া সিহঁতৰ পিঠিত আক্ৰমণ কৰিছিল, আৰু সিহঁতক কৈ আছিলঃ হে কাফিৰসকল! অগ্নিদগ্ধ হোৱা, শাস্তিৰ সোৱাদ লোৱা। যদি আপুনি অৱস্থাটো দেখিলেহেঁতেন তেন্তে এটা ডাঙৰ ঘটনা দৰ্শন কৰিলেহেঁতেন।
ዓረብኛ ተፍሲሮች:
ذٰلِكَ بِمَا قَدَّمَتْ اَیْدِیْكُمْ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟ۙ
হে কাফিৰসকল! তোমালোকৰ প্ৰাণ হৰণৰ সময়ত যি কষ্ট তথা কবৰৰ শাস্তি আৰু আখিৰাতৰ অগ্নিদগ্ধমূলক শাস্তিৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ কৰ্মকাণ্ড। চিৰ সত্য এই যে, আল্লাহে কেতিয়াও মানুহৰ ওপৰত অন্যায় নকৰে। বৰং সিহঁতৰ মাজত ইনচাফ সহকাৰে ফয়চালা কৰে, তেওঁ হৈছে ন্যায়পৰায়ণ ফয়চালাকাৰী।
ዓረብኛ ተፍሲሮች:
كَدَاْبِ اٰلِ فِرْعَوْنَ ۙ— وَالَّذِیْنَ مِنْ قَبْلِهِمْ ؕ— كَفَرُوْا بِاٰیٰتِ اللّٰهِ فَاَخَذَهُمُ اللّٰهُ بِذُنُوْبِهِمْ ؕ— اِنَّ اللّٰهَ قَوِیٌّ شَدِیْدُ الْعِقَابِ ۟
এই কাফিৰসকলৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট নহয়, বৰং প্ৰত্যেক যুগ তথা সকলো ঠাইৰ কাফিৰৰ ক্ষেত্ৰতত আল্লাহৰ এইটোৱেই নীতি। এতেকে ফিৰআউন সম্প্ৰদায় তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা উম্মতৰ ওপৰতো শাস্তি আহিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁতৰ গুনাহৰ কাৰণে মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমান হৈ সিহঁতক গ্ৰেপ্তাৰ কৰিলে আৰু সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিলে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁৰ ওপৰত কাৰো শক্তি নাখাটে আৰু তেওঁক কোনেও পৰাজিতও কৰিব নোৱাৰে। তেওঁ অবাধ্যতাকাৰীসকলক কঠোৰ শাস্তি দিয়ে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• البَطَر مرض خطير ينْخَرُ في تكوين شخصية الإنسان، ويُعَجِّل في تدمير كيان صاحبه.
নিয়ামত পাই অহংকাৰ কৰা এটা ডাঙৰ ব্যাধি, যিটোৱে মানুহৰ ব্যক্তিত্ব নিৰ্মাণত বাধা প্ৰদান কৰে তথা মানুহক অতিসোনকালে ধ্বংস কৰাত সহায় কৰে।

• الصبر يعين على تحمل الشدائد والمصاعب، وللصبر منفعة إلهية، وهي إعانة الله لمن صبر امتثالًا لأمره، وهذا مشاهد في تصرفات الحياة.
ধৈৰ্যই মানুহক কঠিন পৰিস্থিতি তথা বিপদৰ মুকাবিলা কৰাত সহায় কৰে। ধৈৰ্য ধাৰণত ঐশী উপকাৰ আছে। এতেকে যিয়ে আল্লাহৰ আদেশ পালন কৰি ধৈৰ্য ধাৰণ কৰে, তেওঁ আল্লাহৰ ফালৰ পৰা সহায়প্ৰাপ্ত। মানুহৰ জীৱনত এয়া প্ৰায় পৰিলক্ষিত হোৱা দেখা যায়।

• التنازع والاختلاف من أسباب انقسام الأمة، وإنذار بالهزيمة والتراجع، وذهاب القوة والنصر والدولة.
পৰস্পৰ বিবাদ আৰু মতানৈক্যৰ ফলত উম্মত বহুধাবিভক্ত হয়, ফলত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়, ইয়াৰ ফলত শক্তি, সহায় আৰু শাসন নাইকীয়া হৈ যায়।

• الإيمان يوجب لصاحبه الإقدام على الأمور الهائلة التي لا يُقْدِم عليها الجيوش العظام.
ঈমানে মুমিনৰ দ্বাৰাই এনেকুৱা এনেকুৱা অলৌকিকতা প্ৰদৰ্শন কৰায়, যিটো ডাঙৰ ডাঙৰ সৈন্যবাহিনীৰ দ্বাৰাও সম্ভৱ নহয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አንፋል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት