Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አንፋል   አንቀፅ:
فَلَمْ تَقْتُلُوْهُمْ وَلٰكِنَّ اللّٰهَ قَتَلَهُمْ ۪— وَمَا رَمَیْتَ اِذْ رَمَیْتَ وَلٰكِنَّ اللّٰهَ رَمٰی ۚ— وَلِیُبْلِیَ الْمُؤْمِنِیْنَ مِنْهُ بَلَآءً حَسَنًا ؕ— اِنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟
হে মুমিনসকল! বদৰৰ যুদ্ধৰ দিনা তোমালোকে নিজ শক্তিৰে মুশ্বৰিকসকলক হত্যা কৰা নাছিলা, বৰং আল্লাহে তোমালোকক সেই কামত সহায় কৰিছিল। আৰু হে নবী! আপুনি যেতিয়া (বালি) নিক্ষেপ কৰিছিল, তেতিয়া আপুনি নিক্ষেপ কৰা নাছিল, বৰং আল্লাহে নিক্ষেপ কৰিছিল, আৰু আপুনি নিক্ষেপ কৰা বালিক আল্লাহে সিহঁতৰ ওচৰলৈ পৌঁচাই দিছিল। যাতে মুমিনসকলক পৰীক্ষা কৰিব পাৰে যে, তেওঁলোকে সংখ্যাত কম আৰু প্ৰস্তুতি নোহোৱাকৈ বিজয় লাভ কৰাৰ পিছত আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে নে নাই। নিশ্চয় আল্লাহ তোমালোকৰ কথা আৰু প্ৰাৰ্থনা শ্ৰৱণকাৰী। তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, লগতে কোনটো কামত তোমালোকৰ কল্যাণ আছে সেই বিষয়েও তেওঁ সম্যক অৱগত।
ዓረብኛ ተፍሲሮች:
ذٰلِكُمْ وَاَنَّ اللّٰهَ مُوْهِنُ كَیْدِ الْكٰفِرِیْنَ ۟
উক্ত সকলো বিষয়, যেনে- মুশ্বৰিকসকলক হত্যা কৰা, সিহঁতৰ ফালে বালি নিক্ষেপ কৰা আনকি যাৰ ফলত সিহঁত পৰাজিত হৈ পলায়ন কৰিছিল আৰু মুমিনসকলক শত্ৰুৰ বিৰুদ্ধে বিজয় প্ৰদান কৰা, এই সকলো আল্লাহৰ ফালৰ পৰা সংঘটিত হৈছে। আল্লাহেই সেই সকল কাফিৰৰ চক্ৰান্ত ফাদিল কৰি দুৰ্বল কৰি দিয়ে যিসকলে ইছলামৰ বিৰুদ্ধে চক্ৰান্ত ৰচে।
ዓረብኛ ተፍሲሮች:
اِنْ تَسْتَفْتِحُوْا فَقَدْ جَآءَكُمُ الْفَتْحُ ۚ— وَاِنْ تَنْتَهُوْا فَهُوَ خَیْرٌ لَّكُمْ ۚ— وَاِنْ تَعُوْدُوْا نَعُدْ ۚ— وَلَنْ تُغْنِیَ عَنْكُمْ فِئَتُكُمْ شَیْـًٔا وَّلَوْ كَثُرَتْ ۙ— وَاَنَّ اللّٰهَ مَعَ الْمُؤْمِنِیْنَ ۟۠
হে মুশ্বৰিকসকল! যদি তোমালোকে এইটো আবেদন কৰা যে, আল্লাহে পাপিষ্ঠ অত্যাচাৰীসকলৰ ওপৰত তেওঁৰ শাস্তি অৱতীৰ্ণ কৰক, তেন্তে জানি থোৱা, আল্লাহে সেই শাস্তি অৱতীৰ্ণ কৰিছে যিটো তোমালোকে বিচাৰি আছিলা। কিয়নো তেওঁ তোমালোকক এনেকুৱা শাস্তি প্ৰদান কৰিছে যিটো তোমালোকৰ বাবে শিক্ষাপ্ৰদ আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ। যদি তোমালোকে এনেকুৱা আবেদন প্ৰত্যাহাৰ কৰা তেন্তে তোমালোকৰ বাবে কল্যাণ আছে। সম্ভৱতঃ আল্লাহে তোমালোকক অৱকাশ দিব আৰু শাস্তি প্ৰদানত খৰধৰ নকৰিব। আনহাতে পুনৰ যদি তোমালোকে তেনেকুৱা আবেদন তথা মুমিনসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা তেন্তে আমি আকৌ তোমালোকক শাস্তিৰ সন্মুখীন কৰাম আৰু মুমিনসকলক বিজয় প্ৰদান কৰিম। তোমালোকৰ দল আৰু তোমালোকৰ সহায়ক যিমানেই ডাঙৰ নহওঁক কিয়, মুমিনসকল সংখ্যাত কম থকাৰ পিছতো সেইবোৰে তোমালোকৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন মুমিনসকলৰ লগত আছে। যাৰ সমৰ্থনত আল্লাহ আছে তাক কোনেও পৰাজিত কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ وَلَا تَوَلَّوْا عَنْهُ وَاَنْتُمْ تَسْمَعُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা। তেওঁৰ আদেশ অৱমাননা কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ত পতিত হৈ তেওঁৰ পৰা বিমুখ নহবা। অথচ তোমালোকে আল্লাহৰ আয়াতসমূহ শুনা যিবোৰ তোমালোকৰ সন্মুখত পাঠ কৰা হয়।
ዓረብኛ ተፍሲሮች:
وَلَا تَكُوْنُوْا كَالَّذِیْنَ قَالُوْا سَمِعْنَا وَهُمْ لَا یَسْمَعُوْنَ ۟ۚ
হে মুমিনসকল! সেইসকল মুনাফিক আৰু মুশ্বৰিকৰ দৰে নহবা, যিসকলে কয়ঃ আমি আমাৰ সন্মুখত তিলাৱত কৰা কোৰআন শুনিছো, অথচ সিহঁতে চিন্তা-চৰ্চা তথা শিক্ষা গ্ৰহণৰ উদ্দেশ্যে নুশুনে যে, শুনা বস্তুৰ পৰা উপকাৰ সাধন হব।
ዓረብኛ ተፍሲሮች:
اِنَّ شَرَّ الدَّوَآبِّ عِنْدَ اللّٰهِ الصُّمُّ الْبُكْمُ الَّذِیْنَ لَا یَعْقِلُوْنَ ۟
পৃথিৱীত চলাফুৰা কৰা সকলো সৃষ্টিৰ ভিতৰত আটাইতকৈ নিকৃষ্ট সৃষ্টি হৈছে সেইসকল বধিৰ, যিসকলে সত্য স্বীকাৰ কৰাৰ উদ্দেশ্যে নুশুনে আৰু বোবা, কথা কব নোৱাৰে। এনেকুৱা প্ৰকৃতিৰ লোকেই আল্লাহৰ আদেশ নিষেধ বুজিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
وَلَوْ عَلِمَ اللّٰهُ فِیْهِمْ خَیْرًا لَّاَسْمَعَهُمْ ؕ— وَلَوْ اَسْمَعَهُمْ لَتَوَلَّوْا وَّهُمْ مُّعْرِضُوْنَ ۟
আল্লাহে এইসকল মুশ্বৰিকৰ মাজত যদি অলপো কল্যাণ দেখা পালেহেঁতেন তেন্তে সিহঁতক এনেকৈ শুনোৱালেহেঁতেন যে, সিহঁত উপকৃত হব পাৰিলেহেঁতেন। আৰু তেওঁৰ যুক্তি প্ৰমাণসমূহ বুজিব পাৰিলেহঁতেন। কিন্তু তেওঁ জানে যে, সিহঁতৰ মাজত কোনো কল্যাণ নাই। ধৰা হল আল্লাহে সিহঁতক শুনালে, তথাপিও সিহঁতে বিদ্বেষ আৰু দুষ্টামিৰ ফলত ঈমানৰ পৰা মুখ ঘূৰাই ল’লেহেঁতেন।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اسْتَجِیْبُوْا لِلّٰهِ وَلِلرَّسُوْلِ اِذَا دَعَاكُمْ لِمَا یُحْیِیْكُمْ ۚ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ یَحُوْلُ بَیْنَ الْمَرْءِ وَقَلْبِهٖ وَاَنَّهٗۤ اِلَیْهِ تُحْشَرُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিবা আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকিবা, লগতে তোমালোকক যেতিয়া সেই সত্যৰ পিনে আহ্বান কৰিব যিটোৰ মাজত আছে তোমালোকৰ জীৱন, তেতিয়া তোমালোকে সেই আহ্বানত সঁহাৰি দিবা। আৰু পতিয়ন যোৱা যে, নিশ্চয় আল্লাহ সকলো বিষয়ত সৰ্বশক্তিমান। তোমালোকে সত্যক পৰিহাৰ কৰাৰ পিছত আকৌ যদি সত্যক মানিব খোজা তেন্তে তেওঁ তোমালোকৰ আৰু সত্যৰ মাজত ব্যৱধান সৃষ্টি কৰিবলৈয়ো সক্ষম। এতেকে যিমান সোনকালে পাৰা সত্যক আঁকোৱালি লোৱা। বিশ্বাস কৰা ক্বিয়ামতৰ দিনা তোমালোকক কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হব। আৰু তেওঁ তোমালোকক পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
وَاتَّقُوْا فِتْنَةً لَّا تُصِیْبَنَّ الَّذِیْنَ ظَلَمُوْا مِنْكُمْ خَآصَّةً ۚ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟
হে মুমিনসকল! তোমালোকে সেই শাস্তিক ভয় কৰা, যিটো তোমালোকৰ মাজৰ কেৱল পাপিষ্ঠসকলৰ ওপৰতেই নাহিব, বৰং সিহঁতৰ লগতে অন্যান্য লোক সকলো ক্ষতিগ্ৰস্ত হব। এইটো সেই সময়ত হব, যেতিয়া চাৰিওফালে অন্যায়-অত্যাচাৰ দেখা যাব কিন্তু কোনেও প্ৰতিৰোধ কৰিবলৈ প্ৰয়াস নকৰিব। জানি থোৱা! পাপিষ্ঠসকলক নিশ্চয় আল্লাহে কঠোৰ শাস্তি প্ৰদান কৰিব। এতেকে তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من كان الله معه فهو المنصور وإن كان ضعيفًا قليلًا عدده، وهذه المعية تكون بحسب ما قام به المؤمنون من أعمال الإيمان.
যাৰ সহায়ত আল্লাহ আছে, তেৱেঁই বিজয়ী। যদিও তেওঁলোক দুৰ্বল হওঁক অথবা সংখ্যাত কম। এই সহায় সেই অনুপাতেই লাভ হয়, যি অনুপাতে মুমিনসকলে ঈমানৰ কৰ্মবোৰ সম্পাদন কৰে।

• المؤمن مطالب بالأخذ بالأسباب المادية، والقيام بالتكليف الذي كلفه الله، ثم يتوكل على الله، ويفوض الأمر إليه، أما تحقيق النتائج والأهداف فهو متروك لله عز وجل.
মুমিনসকলে ভৌতিক সাধন অৱলম্বন কৰা উচিত, লগতে আল্লাহে প্ৰদান কৰা দায়িত্ববোৰ পালন কৰি তেওঁৰ ওপৰত ভৰসা কৰা উচিত, আৰু সকলো বিষয় তেওঁৰ ওপৰতেই অৰ্পন কৰা উচিত। আনহাতে পৰিণাম প্ৰদান আৰু উদ্দেশ্য পূৰণৰ দায়িত্ব হৈছে আল্লাহৰ।

• في الآيات دليل على أن الله تعالى لا يمنع الإيمان والخير إلا عمَّن لا خير فيه، وهو الذي لا يزكو لديه هذا الإيمان ولا يثمر عنده.
এই আয়াতসমূহৰ দ্বাৰা এই কথা প্ৰমাণিত হয় যে, আল্লাহে ঈমান আৰু কল্যাণৰ পৰা কেৱল সেইসকল লোককেই বঞ্চিত কৰে, যিসকলৰ মাজত কোনো কল্যাণ নাই। এইবোৰেই হৈছে সেই দুৰ্ভগীয়া, যিবোৰক এই ঈমানে কোনো উপকাৰ নকৰে।

• على العبد أن يكثر من الدعاء: يا مقلب القلوب ثبِّت قلبي على دينك، يا مُصرِّف القلوب اصرف قلبي إلى طاعتك.
বান্দাসকলে এই দুআ বেছি বেছি পাঠ কৰা উচিত,يا مقلب القلوب ثبِّت قلبي على دينك، يا مُصرِّف القلوب اصرف قلبي إلى طاعتك. (হে অন্তৰ পৰিবৰ্তনকাৰী! মোৰ অন্তৰক তোমাৰ দ্বীনৰ ওপৰত দৃঢ় ৰাখিবা, হে অন্তৰৰ গতি সঞ্চালক! মোৰ অন্তৰক তোমাৰ আনুগত্যৰ পিনে গতি কৰাই দিয়া।)

• أَمَرَ الله المؤمنين ألا يُقِرُّوا المنكر بين أظهرهم فيعُمَّهم العذاب.
আল্লাহে মুমিনসকলক আদেশ দিছে যে, তেওঁলোকে যেন নিজৰ মাজত অপকৰ্ম প্ৰসাৰিত হোৱা দেখিও মৌন হৈ নাথাকে, অন্যথা তেওঁলোকেও শাস্তি ভোগ কৰিব লাগিব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አንፋል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት