Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አንፋል   አንቀፅ:

আল-আনফাল

ከሱራዋ ጥቅል ሀሳብ መካከል:
الامتنان على المؤمنين بنصر الله لهم في بدر، وبيان سنن النصر والهزيمة.
বদৰৰ যুদ্ধৰ দিনা আল্লাহে মুমিনসকলক কৰা সহায়ৰ বৰ্ণনা দাঙি ধৰা আৰু জয়-পৰাজয়ৰ কাৰণসমূহ বৰ্ণনা কৰা।

یَسْـَٔلُوْنَكَ عَنِ الْاَنْفَالِ ؕ— قُلِ الْاَنْفَالُ لِلّٰهِ وَالرَّسُوْلِ ۚ— فَاتَّقُوا اللّٰهَ وَاَصْلِحُوْا ذَاتَ بَیْنِكُمْ ۪— وَاَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗۤ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
হে ৰাছুল! আপোনাৰ সঙ্গীসকলে আপোনাক সুধে যে, যুদ্ধলব্ধ সম্পদ কেনেকৈ বন্টন কৰা হ'ব? আৰু কোনসকল লোকৰ মাজত বন্টন কৰা হ'ব? হে ৰাছুল! আপুনি তেওঁলোকক উত্তৰ প্ৰদান কৰি কওঁক, যুদ্ধলব্ধ সম্পদ হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে। সেইবোৰ ব্যয় কৰা আৰু বন্টন কৰাৰ দায়িত্ব হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ। তোমালোকৰ কাম হৈছে মানি লোৱা আৰু আদেশ পালন কৰা। এতেকে হে মুমিনসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। আৰু তোমালোকৰ মাজত থকা পৰস্পৰ বিবাদ আৰু দূৰত্বক প্ৰেম, ভাতৃত্ববোধ, উত্তম ব্যৱহাৰ আৰু মাৰ্জনাৰ জৰিয়তে সংশোধন কৰা। যদি তোমালোকে প্ৰকৃত মুমিন তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। কিয়নো ঈমানে আনুগত্য কৰাত আৰু গুনাহৰ পৰা বিৰত থকাৰ প্ৰতি উৎসাহিত কৰে। জনা উচিত যে, উক্ত বিষয় সম্পৰ্কে প্ৰশ্নবোৰ বদৰৰ যুদ্ধৰ পিছত উত্থাপন হৈছিল।
ዓረብኛ ተፍሲሮች:
اِنَّمَا الْمُؤْمِنُوْنَ الَّذِیْنَ اِذَا ذُكِرَ اللّٰهُ وَجِلَتْ قُلُوْبُهُمْ وَاِذَا تُلِیَتْ عَلَیْهِمْ اٰیٰتُهٗ زَادَتْهُمْ اِیْمَانًا وَّعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟ۚۙ
বাস্তৱতে প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ বৰ্ণনা শুনিলে তেওঁলোকৰ অন্তৰ কপি উঠে। তেওঁলোকৰ অন্তৰ আৰু শৰীৰ আনুগত্যৰ পিনে আকৰ্ষিত হয়। যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে সেই বিষয়ে চিন্তা চৰ্চা কৰে, লগতে তেওঁলোকৰ ঈমান বৃদ্ধি হয়। কল্যাণ পাবলৈ আৰু অকল্যাণ দূৰ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ یُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟ؕ
যিসকলে পৰিপূৰ্ণৰূপে যথাসময়ত ছালাত আদায় কৰে, আৰু আমি প্ৰদান কৰা ধনৰ পৰা সেইসমূহ শিতানত ব্যয় কৰে, যত ব্যয় কৰা ওৱাজীব অথবা মুস্তাহাব।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ هُمُ الْمُؤْمِنُوْنَ حَقًّا ؕ— لَهُمْ دَرَجٰتٌ عِنْدَ رَبِّهِمْ وَمَغْفِرَةٌ وَّرِزْقٌ كَرِیْمٌ ۟ۚ
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই হৈছে প্ৰকৃত মুমিন। কিয়নো তেওঁলোকৰ মাজত ঈমান আৰু ইছলামৰ বাহ্যিক বৈশিষ্ট্যসমূহ মজুত আছে। প্ৰতিদানস্বৰূপে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত ওখ ওখ অট্টালিকা লাভ কৰিব। গুনাহৰ পৰা ক্ষমা লাভ কৰিব আৰু উত্তম জীৱিকা লাভ কৰিব। এইবোৰ হৈছে সেইসমূহ নিয়ামত যিবোৰ আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি থৈছে।
ዓረብኛ ተፍሲሮች:
كَمَاۤ اَخْرَجَكَ رَبُّكَ مِنْ بَیْتِكَ بِالْحَقِّ ۪— وَاِنَّ فَرِیْقًا مِّنَ الْمُؤْمِنِیْنَ لَكٰرِهُوْنَ ۟ۙ
যিদৰে আল্লাহে যুদ্ধলব্ধ সম্পদ সম্পৰ্কে তোমালোকৰ মতভেদ হোৱাৰ পিছত তোমালোকৰ পৰা সেই সম্পদ বন্টন কৰাৰ অধিকাৰ নিজৰ হাতত লৈছে, লগতে সেই অধিকাৰ আল্লাহ আৰু তেওঁৰ ৰাছুলক প্ৰদান কৰিছে। ঠিক সেইদৰে হে ৰাছুল! মদীনাৰ পৰা ওলাই গৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰাৰ বাবে আপোনাৰ প্ৰতিপালকে আপোনাক অহীৰ মাধ্যমত আদেশ প্ৰদান কৰিছে। যদিও মুমিনসকলৰ এটা দলে ইয়াক অপছন্দ কৰিছিল।
ዓረብኛ ተፍሲሮች:
یُجَادِلُوْنَكَ فِی الْحَقِّ بَعْدَ مَا تَبَیَّنَ كَاَنَّمَا یُسَاقُوْنَ اِلَی الْمَوْتِ وَهُمْ یَنْظُرُوْنَ ۟ؕ
হে ৰাছুল! মুমিনসকলৰ এই দলটোৱে মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰা সম্পৰ্কে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, অথচ তেওঁলোকৰ সন্মুখত এইটো স্পষ্ট হৈ পৰিছিল যে, যুদ্ধ হ'বই। এনেকুৱা ভাৱ হৈছিল যে, তেওঁলোকক মৃত্যুৰ পিনে খেদি লৈ যোৱা হৈছে আৰু তেওঁলোকে মৃত্যুক স্বচক্ষে প্ৰত্যক্ষ কৰি আছে। কাৰণ তেওঁলোকে যুদ্ধৰ বাবে ওলোৱাটো অন্তকৰণে অপছন্দ কৰিছিল। কিয়নো তেওঁলোক ইয়াৰ বাবে প্ৰস্তুত নাছিল। আৰু কোনো প্ৰস্তুতিও লোৱা নাছিল।
ዓረብኛ ተፍሲሮች:
وَاِذْ یَعِدُكُمُ اللّٰهُ اِحْدَی الطَّآىِٕفَتَیْنِ اَنَّهَا لَكُمْ وَتَوَدُّوْنَ اَنَّ غَیْرَ ذَاتِ الشَّوْكَةِ تَكُوْنُ لَكُمْ وَیُرِیْدُ اللّٰهُ اَنْ یُّحِقَّ الْحَقَّ بِكَلِمٰتِهٖ وَیَقْطَعَ دَابِرَ الْكٰفِرِیْنَ ۟ۙ
হে বাদানুবাদকাৰী মুমিনসকল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, মুশ্বৰিকসকলৰ দুটা দলৰ যিকোনো এটা দলৰ ওপৰত তোমালোকে বিজয় লাভ কৰিবা। এটা হব যাত্ৰীদল, তাত থকা সা-সম্পত্তিৰ তোমালোকে গনিমতস্বৰূপে লাভ কৰিবা। আনহাতে আনটো হ'ব সংগ্ৰামী দল, যিসকলৰ লগত যুদ্ধ কৰি তোমালোক বিজয়প্ৰাপ্ত হ'বা। যদিও তোমালোকে বিচাৰিছিলা যাতে যাত্ৰীদলৰ সন্মুখীন হোৱা, কিয়নো সেইটোক সহজতে যুদ্ধ নোহোৱাকৈ নিজৰ নিয়ন্ত্ৰণত লব পৰা যাব। কিন্তু আল্লাহে বিচাৰিছিল তোমালোকক যুদ্ধৰ যি আদেশ দিয়া হৈছিল সেইটো বাস্তৱায়িত হওঁক। আৰু তোমালোকে মুশ্বৰিকসকলৰ নেতৃবৰ্গক হত্যা কৰিব পাৰা। আৰু সিহঁতৰ মাজৰ বহুতক বন্দী বনাই লোৱা যাতে ইছলামৰ শক্তি প্ৰকাশ্যভাৱে প্ৰতিষ্ঠা হয়।
ዓረብኛ ተፍሲሮች:
لِیُحِقَّ الْحَقَّ وَیُبْطِلَ الْبَاطِلَ وَلَوْ كَرِهَ الْمُجْرِمُوْنَ ۟ۚ
যাতে ইছলাম আৰু মুছলিমসকলক বিজয় প্ৰদান কৰি সত্য প্ৰতিষ্ঠা কৰিব পাৰে, লগতে অসত্যক অসত্য প্ৰমাণ কৰি মিছা সাব্যস্ত কৰিব পাৰে। যদিও মুশ্বৰিকসকলে এয়া অপছন্দ কৰে, কিন্তু আল্লাহে এয়া প্ৰকাশ কৰিবই।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ينبغي للعبد أن يتعاهد إيمانه ويُنمِّيه؛ لأن الإيمان يزيد وينقص، فيزيد بفعل الطاعة وينقص بضدها.
বান্দাই নিজৰ ঈমানৰ প্ৰতি মনোযোগ দি থকা উচিত আৰু তাক বৃদ্ধি কৰা উচিত। কিয়নো ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়। সৎকৰ্মৰ জৰিয়তে ঈমান বৃদ্ধি হয় আৰু পাপকৰ্মৰ জৰিয়তে ঈমান হ্ৰাস পায়।

• الجدال محله وفائدته عند اشتباه الحق والتباس الأمر، فأما إذا وضح وبان فليس إلا الانقياد والإذعان.
বাদানুবাদ সেই সময়তে হোৱা উচিত যেতিয়া সত্য অস্পষ্ট থাকে আৰু বিষয়টোত খোকোজা থাকে। কিন্তু সত্য যদি স্পষ্ট থাকে তেন্তে মানি লোৱা আৰু শিৰ নত কৰাৰ বাহিৰে আন কোনো উপায় নাথাকে।

• أَمْر قسمة الغنائم متروك للرّسول صلى الله عليه وسلم، والأحكام مرجعها إلى الله تعالى ورسوله لا إلى غيرهما.
যুদ্ধলব্ধ সম্পদ বিতৰণৰ অধিকাৰ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ। বৰং সকলো আদেশ নিষেধ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনেই প্ৰত্যাৱৰ্তন কৰে, আন কাৰো পিনে নহয়।

• إرادة تحقيق النّصر الإلهي للمؤمنين؛ لإحقاق الحق وإبطال الباطل.
আল্লাহৰ ফালৰ পৰা মুমিনসকলক সহায় কৰা উদ্দেশ্য হৈছে সত্যক সত্যৰূপে বাস্তৱায়িত কৰা আৰু অসত্যক অসত্য বুলি সাব্যস্ত কৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አንፋል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት