Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኑህ   አንቀፅ:
یُّرْسِلِ السَّمَآءَ عَلَیْكُمْ مِّدْرَارًا ۟ۙ
যদি তোমালোকে এনেকুৱা কৰা তেন্তে প্ৰয়োজন অনুসৰি আল্লাহে তোমোলোকৰ প্ৰতি বৰষুণ বৰ্ষাব আৰু তোমালোকক কেতিয়াও দুৰ্ভিক্ষ নিদিব।
ዓረብኛ ተፍሲሮች:
وَّیُمْدِدْكُمْ بِاَمْوَالٍ وَّبَنِیْنَ وَیَجْعَلْ لَّكُمْ جَنّٰتٍ وَّیَجْعَلْ لَّكُمْ اَنْهٰرًا ۟ؕ
আৰু তোমালোকক অধিক মাত্ৰাত ধন- সম্পদ আৰু সন্তান প্ৰদান কৰিব। আৰু ফল খাবলৈ বাগান প্ৰদান কৰিব আৰু তোমালোকৰ বাবে নিজৰা প্ৰবাহিত কৰিব যাৰ পানী তোমালোকে নিজে পান কৰিব পাৰিবা আৰু তোমালোকৰ জীৱ- জন্তুয়েও পান কৰিব পাৰিব। তাৰ জৰিয়তে তোমালোকৰ খেতিত সিচিঁবলৈ পাবা।
ዓረብኛ ተፍሲሮች:
مَا لَكُمْ لَا تَرْجُوْنَ لِلّٰهِ وَقَارًا ۟ۚ
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকৰ কি হৈছে যে, তোমালোকে আল্লাহৰ মহিমাক কিয় ভয় নকৰা আৰু বিনা সংকুচে তেওঁৰ অৱজ্ঞা কৰি আছা?
ዓረብኛ ተፍሲሮች:
وَقَدْ خَلَقَكُمْ اَطْوَارًا ۟
যিহেতু তেওঁ তোমালোকক বিভিন্ন স্তৰৰ মাধ্যমত সৃষ্টি কৰিছে। পানীৰ টোপালৰ পৰা ৰক্তপিণ্ড, তাৰ পিছত মাংসপিণ্ড।
ዓረብኛ ተፍሲሮች:
اَلَمْ تَرَوْا كَیْفَ خَلَقَ اللّٰهُ سَبْعَ سَمٰوٰتٍ طِبَاقًا ۟ۙ
তোমালোকে দেখা নাই নে যে, আল্লাহ তাআলাই স্তৰে স্তৰে কেনেকৈ সাতখন আকাশ সৃষ্টি কৰিছে।
ዓረብኛ ተፍሲሮች:
وَّجَعَلَ الْقَمَرَ فِیْهِنَّ نُوْرًا وَّجَعَلَ الشَّمْسَ سِرَاجًا ۟
আৰু ইয়াৰ ভিতৰত চন্দ্ৰক ৰাখিছে নিম্ন আকাশত পৃথিৱীবাসীসকলৰ বাবে পোহৰ হিচাপে, আৰু সূৰ্যক সৃষ্টি কৰিছে প্ৰদীপ হিচাপে।
ዓረብኛ ተፍሲሮች:
وَاللّٰهُ اَنْۢبَتَكُمْ مِّنَ الْاَرْضِ نَبَاتًا ۟ۙ
আৰু আল্লাহ তাআলাই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, কিয়নো তোমালোকৰ আদি পিতা আদম আলাইহিছ ছালামক মাটিৰে সৃষ্টি কৰিছে। এতেকে তোমালোকেও মাটিৰ পৰা গজোৱা উদ্ভিদ বা গছ- গছনিৰ পৰাই ভোজন কৰা।
ዓረብኛ ተፍሲሮች:
ثُمَّ یُعِیْدُكُمْ فِیْهَا وَیُخْرِجُكُمْ اِخْرَاجًا ۟
আকৌ তোমালোকক মৃ্ত্যুৰ পিছত মাটিৰ ভিতৰতেই ওভতাই নিয়া হব। তাৰ পিছত তোমালোকক তাৰ পৰা পুনৰুত্থানৰ বাবে উঠোৱা হ’ব।
ዓረብኛ ተፍሲሮች:
وَاللّٰهُ جَعَلَ لَكُمُ الْاَرْضَ بِسَاطًا ۟ۙ
তাৰ পিছত আল্লাহ তাআলাই পৃথিৱীখনক তোমালোকৰ বাবে বিচনাৰ দৰে বিস্তৃত কৰিছে থকা- মিলাৰ বাবে উপযোগী বনাইছে।
ዓረብኛ ተፍሲሮች:
لِّتَسْلُكُوْا مِنْهَا سُبُلًا فِجَاجًا ۟۠
যাতে তাৰ বিভিন্ন প্ৰশস্ত পথেৰে বৈধ জীৱিকাৰ বাবে চলাচল কৰিব পাৰা।
ዓረብኛ ተፍሲሮች:
قَالَ نُوْحٌ رَّبِّ اِنَّهُمْ عَصَوْنِیْ وَاتَّبَعُوْا مَنْ لَّمْ یَزِدْهُ مَالُهٗ وَوَلَدُهٗۤ اِلَّا خَسَارًا ۟ۚ
নূহ আলাইহিছ ছালামে কলেঃ হে মোৰ প্ৰতিপালক! মোৰ সম্প্ৰদায়ে মোক অমান্য কৰিছে লগতে তোমাৰ তাওহীদ আৰু তোমাৰ ইবাদত কৰাৰ আদেশকো অমান্য কৰিছে আৰু সিহঁতৰ নিম্ন স্তৰৰ লোকসকলে নিজৰ নেতাসকলৰ কথা মানিছে। যিসকলক তুমি ধন-সম্পদ, সন্তান-সন্ততি প্ৰদান কৰিছা। অথচ তোমাৰ এই উপকাৰে সিহঁতৰ পথভ্ৰষ্টতাক বৃদ্ধি কৰাৰ কাম কৰিছে।
ዓረብኛ ተፍሲሮች:
وَمَكَرُوْا مَكْرًا كُبَّارًا ۟ۚ
আৰু সিহঁতৰ নেতা বিলাকে সাধাৰণ ব্যক্তিসকলক নূহ আলাইহিছ ছামামৰ বিৰুদ্ধে উচটনি দি চক্ৰান্ত ৰচিছিল।
ዓረብኛ ተፍሲሮች:
وَقَالُوْا لَا تَذَرُنَّ اٰلِهَتَكُمْ وَلَا تَذَرُنَّ وَدًّا وَّلَا سُوَاعًا ۙ۬— وَّلَا یَغُوْثَ وَیَعُوْقَ وَنَسْرًا ۟ۚ
আৰু সিহঁতে সিহঁতৰ অনুসাৰী বিলাকক কলেঃ তোমালোকে নিজ উপাস্যবোৰৰ উপাসনা নেৰিবা। আৰু তোমালোকৰ মূৰ্তিসমূহ যেনে- অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰৰ উপাসনা কেতিয়াও নেৰিবা।
ዓረብኛ ተፍሲሮች:
وَقَدْ اَضَلُّوْا كَثِیْرًا ۚ۬— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا ضَلٰلًا ۟
আৰু সিহঁতে এই মূৰ্তিবোৰৰ মাধ্যমত বহুত লোকক পথভ্ৰষ্ট কৰিছে। এতেকে হে মোৰ প্ৰতিপালক ! এই অত্যাচাৰীসকলৰ পথভ্ৰষ্টতা আৰু বৃদ্ধি কৰি দিয়া, যিসকলে কুফুৰী আৰু পাপৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰিছে।
ዓረብኛ ተፍሲሮች:
مِمَّا خَطِیْٓـٰٔتِهِمْ اُغْرِقُوْا فَاُدْخِلُوْا نَارًا ۙ۬— فَلَمْ یَجِدُوْا لَهُمْ مِّنْ دُوْنِ اللّٰهِ اَنْصَارًا ۟
সিহঁতে যিবোৰ পাপ কৰিছিল তাৰ কাৰণে সিহঁতক পৃথিৱীত ধুমুহাৰ জৰিয়তে ডুবাই দিয়া হৈছে। আৰু মৃত্যুৰ পিছতেই সিহঁতক অগ্নিত নিক্ষেপ কৰা হৈছে। এতেকে তাৰ পিছত সিহঁতে আল্লাহৰ বাহিৰে কাকো সহায়ক হিচাপে পোৱা নাছিল, যিয়ে সিহঁতক ডুবাৰ পৰা আৰু জাহান্নামৰ পৰা ৰক্ষা কৰিব।
ዓረብኛ ተፍሲሮች:
وَقَالَ نُوْحٌ رَّبِّ لَا تَذَرْ عَلَی الْاَرْضِ مِنَ الْكٰفِرِیْنَ دَیَّارًا ۟
যেতিয়া আল্লাহে নূহ আলাইহিছ ছালামক জনাই দিলে যে, তেখেতৰ সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছে, সিহঁতৰ বাহিৰে আন কোনেও ঈমান পোষণ নকৰিব। তেতিয়া তেখেতে কলেঃ হে মোৰ প্ৰতিপালক! পৃথিৱীৰ ওপৰত চলা- ফুৰা কৰা কোনো কাফিৰকে এৰি নিদিবা।
ዓረብኛ ተፍሲሮች:
اِنَّكَ اِنْ تَذَرْهُمْ یُضِلُّوْا عِبَادَكَ وَلَا یَلِدُوْۤا اِلَّا فَاجِرًا كَفَّارًا ۟
নিশ্চয় তুমি, হে মোৰ প্ৰতিপালক! যদি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী সকলকহে জন্ম দিব। যিসকলে তোমাৰ কথাৰ অৱমাননা কৰিব। আৰু কঠোৰ কাফিৰসকলক জন্ম দিব যিসকলে তোমাৰ অনুগ্ৰহবোৰৰ অকৃতজ্ঞতা কৰিব।
ዓረብኛ ተፍሲሮች:
رَبِّ اغْفِرْ لِیْ وَلِوَالِدَیَّ وَلِمَنْ دَخَلَ بَیْتِیَ مُؤْمِنًا وَّلِلْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا تَبَارًا ۟۠
হে মোৰ প্ৰতিপালক, মোৰ পাপসমূহ ক্ষমা কৰি দিয়া আৰু মোৰ পিতৃ- মাতৃক ক্ষমা কৰি দিয়া। আৰু যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিব সেই ব্যক্তিকো ক্ষমা কৰি দিয়া। আৰু মুমিন পৰুষ- মহিলাকো ক্ষমা কৰি দিয়া। আনহাতে সেইসকল লোকৰ ধ্বংস ও ক্ষতি আৰু বৃদ্ধি কৰি দিয়া যিসকলে কুফুৰী আৰু পাপৰ জৰিয়তে নিজৰ ওপৰত অত্যাচাৰ কৰিছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الاستغفار سبب لنزول المطر وكثرة الأموال والأولاد.
ধন-সম্পদ, সন্তান-সন্ততি আৰু বৰষুণ হোৱাৰ অন্যতম কাৰণ হৈছে ইস্তিগফাৰ কৰা।

• دور الأكابر في إضلال الأصاغر ظاهر مُشَاهَد.
নেতাসকলে সদায় সাধাৰণ ব্যক্তিসকলক পথভ্ৰষ্ট কৰি অহা পৰিলক্ষিত হৈছে।

• الذنوب سبب للهلاك في الدنيا، والعذاب في الآخرة.
পৃথিৱীত পাপ হৈছে ধ্বংসৰ অন্যতম কাৰণ আৰু পৰকালত শাস্তিৰ কাৰণ।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኑህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት