Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኑህ   አንቀፅ:

নূহ

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان منهج الدعوة للدعاة، من خلال قصة نوح.
নূহ আলাইহিচ্ছালামৰ ঘটনাৰ বৰ্ণনা কৰি দাঈসকলক (ধৰ্ম প্ৰচাৰকসকলক) দাৱাতৰ নীতি নিয়ম শিকাইছে।

اِنَّاۤ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ اَنْ اَنْذِرْ قَوْمَكَ مِنْ قَبْلِ اَنْ یَّاْتِیَهُمْ عَذَابٌ اَلِیْمٌ ۟
আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰিছিলো যাতে তেওঁ মানুহক আল্লাহৰ ফালে আহ্বান কৰে। শ্বিৰ্কৰ ফলত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তেওঁ যেন সিহঁতক সতৰ্ক কৰি দিয়ে।
ዓረብኛ ተፍሲሮች:
قَالَ یٰقَوْمِ اِنِّیْ لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۙ
নূহ আলাইহিছ ছালামে নিজৰ সম্প্ৰদায়ৰ লোকক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকক স্পষ্টভাৱে সেই শাস্তিৰ পৰা সতৰ্ককাৰী, যদি তোমালোকে তাওবা নকৰা তেন্তে সেই শাস্তি তোমালোকৰ অপেক্ষাত আছে।
ዓረብኛ ተፍሲሮች:
اَنِ اعْبُدُوا اللّٰهَ وَاتَّقُوْهُ وَاَطِیْعُوْنِ ۟ۙ
আৰু এই কাৰণেই মই তোমালোকক কৈ আছো, একমাত্ৰ আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ লগত কাকো অংশীদাৰ নকৰিবা। এতেকে তোমালোকে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। আৰু মই তোমালোকক যি আদেশ কৰো সেয়া পালন কৰা।
ዓረብኛ ተፍሲሮች:
یَغْفِرْ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرْكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ— اِنَّ اَجَلَ اللّٰهِ اِذَا جَآءَ لَا یُؤَخَّرُ ۘ— لَوْ كُنْتُمْ تَعْلَمُوْنَ ۟
যদি তোমালোকে এয়া কৰা তেন্তে আল্লাহে তোমালোকৰ সেই পাপসমূহ ক্ষমা কৰি দিব যিবোৰ বান্দাৰ অধিকাৰৰ লগত সম্বন্ধিত নহয়। আৰু আপোনাৰ সম্প্ৰদায়ৰ জীৱন এক নিৰ্দিষ্ট সময় লৈকে বৃদ্ধি কৰি দিব যিটো সময় আল্লাহে জানে। যেতিয়ালৈকে তোমালোকে ইয়াৰ প্ৰতি প্ৰতিষ্ঠিত থাকিবা তেতিয়ালৈকে পৃথিৱীত বসবাস কৰিব পাৰিবা। নিশ্চয় মৃত্যু যেতিয়া আহে তেতিয়া নিৰ্দিষ্টি সময়ৰ পৰা অলপো পলম নহয়। যদি তোমালোকে জানিলাহেঁতেন তেন্তে অনতিপলমে আল্লাহৰ প্ৰতি ঈমান আনিলাহেঁতন আৰু তোমালোকৰ এই শ্বিৰ্ক আৰু পথভ্ৰষ্টতাৰ পৰা তাওবা কৰিলাহেঁতেন।
ዓረብኛ ተፍሲሮች:
قَالَ رَبِّ اِنِّیْ دَعَوْتُ قَوْمِیْ لَیْلًا وَّنَهَارًا ۟ۙ
নূহ আলাইহিছ ছালামে কলেঃ হে মোৰ প্ৰতিপালক! মই মোৰ সম্প্ৰদায়ক তোমাৰ ইবাদত আৰু একত্ববাদৰ প্ৰতি ধাৰাবাহিক ভাৱে দিনে- ৰাতি আহ্বান কৰিছো।
ዓረብኛ ተፍሲሮች:
فَلَمْ یَزِدْهُمْ دُعَآءِیْۤ اِلَّا فِرَارًا ۟
কিন্তু মোৰ আহ্বানৰ পৰিণামত, সিহঁতৰ পলায়ন আৰু মোৰ সংবাদৰ পৰা আতঁৰি যোৱাটোহে বৃদ্ধি পাইছে।
ዓረብኛ ተፍሲሮች:
وَاِنِّیْ كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوْۤا اَصَابِعَهُمْ فِیْۤ اٰذَانِهِمْ وَاسْتَغْشَوْا ثِیَابَهُمْ وَاَصَرُّوْا وَاسْتَكْبَرُوا اسْتِكْبَارًا ۟ۚ
আৰু মই যেতিয়াই সিহঁতক সেই বিষয়ৰ ফালে আহ্বান কৰিছো যাৰ ভিতৰত সিহঁতৰ পাপ ক্ষমা হোৱাৰ উপায় আছে যেনে, কেৱল এক আল্লাহৰ ইবাদত তথা তোমাৰ আৰু তোমাৰ ৰাছুলৰ আনূগত্য। তেতিয়া সিহঁতে মোৰ কথা নুশুনিবলৈ কাণৰ ভিতৰত আঙুলিৰে সোপা মাৰিছিল। আৰু মোক নেদেখিবলৈ সিহঁতে কাপোৰেৰে মুখখন ঢাকি লৈছিল। আৰু শ্বিৰ্কৰ প্ৰতি অটুট আছিল। আৰু মোৰ কথা স্বীকাৰ নকৰিবলৈ আৰু তাৰ আগত নত নহবলৈ অহংকাৰ আৰু অভিমান কৰিছিল।
ዓረብኛ ተፍሲሮች:
ثُمَّ اِنِّیْ دَعَوْتُهُمْ جِهَارًا ۟ۙ
তাৰ পিছত মই সিহঁতক (হে মোৰ প্ৰতিপালক) প্ৰকাশ্যভাৱে আহ্বান কৰিছো।
ዓረብኛ ተፍሲሮች:
ثُمَّ اِنِّیْۤ اَعْلَنْتُ لَهُمْ وَاَسْرَرْتُ لَهُمْ اِسْرَارًا ۟ۙ
আৰু মই উচ্চ স্বৰে আহ্বান কৰিছো আৰু গোপনভাৱেও আহ্বান কৰিছো। মই সিহঁতক মাতিবলৈ বেলেগ বেলেগ কৌশল অৱলম্বন কৰিছো।
ዓረብኛ ተፍሲሮች:
فَقُلْتُ اسْتَغْفِرُوْا رَبَّكُمْ ۫— اِنَّهٗ كَانَ غَفَّارًا ۟ۙ
গতিকে মই সিহঁতক কলোঃ হে মোৰ সম্প্ৰদায়! নিজৰ প্ৰতিপালকৰ ওচৰত তাওবা কৰা আৰু ক্ষমা বিচৰা। নিশ্চয় তেওঁ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ পাপসমূহ ক্ষমা কৰি দিয়ে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• خطر الغفلة عن الآخرة.
পৰকাল সম্পৰ্কে অৱহেলাৰ ক্ষতি।

• عبادة الله وتقواه سبب لغفران الذنوب.
আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ।

• الاستمرار في الدعوة وتنويع أساليبها حق واجب على الدعاة.
আল্লাহৰ ফালে আহ্বানকাৰী সকলৰ বাবে জৰুৰী যে, নিজৰ কামৰ ধাৰাবাহিকতা বজাই ৰখা আৰু তাৰ বাবে বেলেগ বেলেগ কৌশল অৱলম্বন কৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኑህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት